Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 January, 2021 3:48 PM IST

হেপাটাইটিছ ‘বি’ ভাইৰাছ সংক্ৰমণৰ বাবে মানৱ শৰীৰৰ অতি গুৰুত্বপুৰ্ণ অংগ যকৃতত হোৱা এবিধ প্ৰদাহজনিত ৰোগ হ’ল- হেপাটাইটিছ বি ৰোগ| বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা সমগ্ৰ বিশ্বত অতি কমেও দুশ কৌটি ব্যক্তি আক্ৰান্ত হৈ আছে আৰু ইয়াৰ প্ৰায় ৩৬০ নিযুত ব্যক্তিৰ অৱস্থা গুৰুতৰ| প্ৰতি বছৰে সমগ্ৰ বিশ্বতে হেপাটাইটিছ বি ৰোগত আক্ৰান্ত প্ৰায় ৬ লাখ লোকে অকালতে প্ৰাণ হেৰুৱাবলগা হয়| ভাৰতবৰ্ষত প্ৰায় ৩৭ নিযুত ব্যক্তি হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত|প্ৰতি ১২ জন লোকৰ ভিতৰত এজন লোক হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশ্ংকা থাকে| উল্লেখযোগ্য যে হেপাটাইটিছ বি সমগ্ৰ বিশ্বৰ বাবে এইড্‌ছতকৈও বেছি ভয়াবহ| এইচ আই ভি ভাইৰাছতকৈ হেপাটাইটিছ বি ভাইৰাছ ১০০ গুণে অধিক সংক্ৰামক আৰু ই বিশ্বৰ অষ্টম হত্যাকাৰী ৰোগ|

Hepatitis B

হেপাটাইটিছ বি ৰোগ প্ৰতিৰোধযোগ্য| যিসকলৰ ৰক্ত পৰীক্ষা HBsAgৰ বাবে ঋণাত্মক তেওঁলোকক হেপাটাইটিছ বি সংক্ৰমণৰ পৰা প্ৰতিৰোধৰ বাবে হেপাটাইটিছ বি মনোভেলেণ্ট ভেকচিন দিলেই হয়| এজন সুস্থ ব্যক্তিয়ে যিকোনো বয়সতে হেপাটাইটিছ বি মনোভেলেণ্ট ভেকচিনৰ প্ৰথম বেজীটো ল’ব পাৰে| প্ৰথম বেজী লোৱাৰ এমাহ পিছত দ্বিতীয় বেজীটো আৰু ছমাহ পিছত তৃতীয় বেজীটো ল’ব লাগে| সুৰক্ষিত আৰু কাৰ্যক্ষম হেপাটাইটিছ বি ভেকচিনে মানুহক গোটেই জীৱন এই ভাইৰাছৰ সংক্ৰমণৰ পৰা সুৰক্ষা দিব পাৰে| এই ভাইৰাছৰ দ্বাৰা ইতিমধ্যে সংক্ৰমিত ব্যক্তিৰ ক্ষেত্ৰত এই ভেকচিনৰ কোনো প্ৰভাৱ নাই| দহ বছৰ বয়সৰ তলৰ শিশুবোৰক প্ৰাপ্তবয়স্ক ব্যক্তিৰ আধা ড’জন একে সময় পদ্ধতিত ভেকচিনৰ বেজী দিয়া হয়| কেঁচুৱাবোৰক হেপাটাইটিছ বি সংক্ৰমণৰ ৰক্ষা কৰাৰ বাবে জন্মৰ পিছতে চিকিৎসালয় এৰাৰ আগেয়ে এটা হেপাটাইটিছ বি ভেকচিনৰ বেজী দিব লাগে আৰু পিছত ছয় সপ্তাহ আৰু চৈধ্য সপ্তাহত আন দুটা ভেকচিনৰ বেজী দিব লাগে| যদিহে কিবা কাৰণত জন্মৰ সময়ত প্ৰথম ভেকচিনৰ বেজীটো দিবলৈ পাহৰি যায়, তেতিয়া ছসপ্তাহত প্ৰথম ভেকচিনৰ বেজীটো দি পিছত দহ আৰু চৈধ্য সপ্তাহত আন দুটা ভেকচিনৰ বেজী দিব লাগে| আজিকালি বহুতে four-dose schedule অনুসৰি জন্মৰ সময়ত প্ৰথম ড’জ আৰু বাকী তিনিটা ক্ৰমান্বয়ে ছয়, দহ আৰু চৈধ্য সপ্তাহত দিয়ে| আজিকালি বজাৰত DPT, Hib আৰু Inactivated polio ভেকচিনৰ সৈতে সংযুক্ত হেপাটাইটিছ বি ভেকচিনো পোৱা যায়| জন্মৰ লগে লগে দিয়া ভেকচিন বেজীটো কেৱল নোভেলেণ্ট দি বিষ হোৱা, জ্বৰ, মূৰৰ বিষ আদি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে|

 আটাইকেইটা ভেকচিনৰ বেজী ল’লে শিশুবোৰে গোটেই জীৱন হেপাটাইটিছ বি ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে|মাতৃৰ পৰা শিশুলৈ হেপাটাইটিছ বি ভাইৰাছ নিবিয়পাৰ বাবে সকলো গৰ্ভৱতী নাৰীকে হেপাটাইটিছ বি ৰ বাবে ৰক্ত পৰীক্ষা কৰা উচিত| গৰ্ভৱতী নাৰীগৰাকী হেপাটাইটিছ বিৰ দ্বাৰা সংক্ৰমিত নহ’লে কেঁচুৱাবোৰক সাধাৰণতে দিয়াৰ দৰে হেপাটাইটিছ বি ভেকচিনৰ বেজী দিব লাগে| যদি গৰ্ভৱতী নাৰী গৰাকী হেপাটাইটিছ বিৰ দ্বাৰা সংক্ৰমিত, তেন্তে স্বাস্থ্য কৰ্মীয়ে বিশেষ যত্ন ল’ব লাগে যাতে শিশুটিয়ে জন্মৰ ২৪ ঘণ্টাৰ ভিতৰত Hepatitis B immunoglobulin আৰু হেপাটাইটিছ বি ভেকচিনৰ বেজী পায় আৰু আটাইকেইটা ভেকচিন সম্পূৰ্ণ কৰে| ইয়াক Active-passive immunization বুলি কোৱা হয়|দুৰ্ঘটনাক্ৰমে যদি কোনো ব্যক্তিৰ কটা বা ঘাঁ হোৱা ছাল অথবা মিউকাচ মেম্ব্ৰেনত হেপাটাইটিছ বি ৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ তেজৰ সংস্পৰ্শ হয়, হেপাটাইটিছ বিৰ দ্বাৰা সংক্ৰমিত ব্যক্তিক দিয়া বেজীৰ খোচ খোৱা যায়, হেপাটাইটিছ বিৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ সৈতে যৌন সংগম কৰা যায় তেন্তে তাৎক্ষণিকভাৱে ব্যক্তিজনে তেজত HBsAg পৰীক্ষা কৰি চাব লাগে|

 

যদি পৰীক্ষা ধনাত্মক হয় তাৎক্ষণিকভাৱে কৰিব লগা একো নাথাকে, মাত্ৰ পিছলৈ চিকিৎসা কৰি হেপাটাইটিছ বিৰ দ্বাৰা সৃষ্টি হ’ব পৰা জটিলতা আঁতৰাই ৰাখিব লাগে| ঋণাত্মক হ’লে হেপাটাইটিছ বিৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে পাৰিলে ৬ ঘণ্টাৰ ভিতৰত অন্যথা ৪৮ ঘ্ণ্টাৰ ভিতৰত Hepatitis B immunoglobulin ৰ বেজী এটা দি ৩০ দিনৰ পিছত দ্বিতীয় বেজীটো দিব লাগে আৰু Active-passive immunization কৰাৰ বাবে সাতদিনৰ ভিতৰত প্ৰথম হেপাটাইটিছ বি ভেকচিনৰ প্ৰথম বেজীটো দি এমাহ পিছত দ্বিতীয় বেজীটো আৰু ছমাহ পিছত তৃতীয় বেজীটো দিব লাগে|

হেপাটাইতিছ বি ৰোগ প্ৰতিৰোধৰ বাবে দাড়ি খুৰোৱা ব্লেড আনে ব্যৱহাৰ কৰাৰ পিছত ব্যৱহাৰ কৰিব নালাগে, দিছপোজেবল ছিৰিঞ্জহে ব্যৱহাৰ কৰিব লাগে, টাটু কৰিব নালাগে, পৰীক্ষা কৰা ৰক্তহে গ্ৰহণ কৰিব লাগে, আনৰ তেজ বা ৰক্তজাত সামগ্ৰী খালী হাতেৰে চুব নালাগে, অসুৰক্ষিত যৌন সংগম কৰিব নালাগে, আনৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব নালাগে, পৰিস্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰি সদায় হাত ভালকৈ ধুই আহাৰ খাব লাগে, স্বাস্থ্যসন্মত জীৱন-যাপন কৰিব লাগে, মদ্যপান ত্যাগ কৰি স্বাস্থ্যসন্মত খাদ্য খাব লাগে আৰু দূষিত খাদ্য, পানী আদি খাব নালাগে|

লেখক:- ডা: ধৰ্মকান্ত কুম্ভকাৰ, উৎস:- দৈনিক অসম

English Summary: Hepatitis B
Published on: 08 July 2019, 05:04 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now