Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 9 April, 2022 12:48 PM IST
Health Benefit of Shiny Bush

বাৰিষা কালত অতি সহজতে হোৱা থলুৱা বনৌষধি হৈছে পনৌনোৱা শাক। ঠাই বিশেষে ইয়াক  অন্য নামেৰেও জনা যায়।  বৈজ্ঞানিক নাম Peperomia pellucida ইংৰাজীত ইয়াক shiny bush বুলি কোৱা হয় । এইবিধ বনশাকৰ আঞ্জা খাবলৈও ধুনীয়া। ঔষধি গুণেৰে ভৰপূৰ পনৌনোৱা শাকৰ গুণাগুণ কিছুমান হৈছে-

  • ইউৰিক এচিড সমস্যাত ই অতি উত্তম। যিসকল ব্যক্তি এই সমস্যাত ভুগি আছে তেওঁলোকে মাজে মাজে পনৌনোৱা শাকৰ আঞ্জা খালে উপকৃত হব।

  • কিডনি স্টোন সমস্যাটো ই উপকাৰী। কাৰণ ই কিডনিৰ কার্যক্ষমতা বৃদ্ধি কৰে আৰু পেচাবৰ পৰিমাণ বঢ়ায়।

  • পেচাবৰ সংক্ৰমণত বা UTI তো পনৌনোৱা উপকাৰী। মহিলাৰ পেচাবৰ সংক্ৰমন বেছিকৈ হয়। গতিকে তেওঁলোকৰ বাবে ই বৰদান স্বৰূপ। শাকৰ আঞ্জা হিচাপে বা এচামুছ বা দুই চামুচ ৰসৰ লগত মিছিৰি দি কেইদিনমান খালে সুফল পাব।

  • ই কলেষ্টৰল নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। গতিকে হাৰ্টৰ সুৰক্ষা কৰে

  • নিদ্ৰাহীনতাৰ সমস্যাতো পনৌনোৱা উপকাৰী। যিসকলৰ টোপনি কমকৈ হয় তেওঁলোকে পনৌনোৱা শাকৰ আঞ্জা খালে নিশ্চয় উপকৃত হব।

  • চৰ্দি, কাহ, এলাৰ্জি বা অন্যান্য শ্বাস প্ৰশ্বাস জনীত ৰোগতো ই উপকাৰী।

  • লিভাৰৰ বিভিন্ন সমস্যা যেনে জণ্ডিচ, ফেঁটি লিভাৰ আদিতো ই উপকাৰী।

  • গাঁঠিৰ বিষ বা আৰথ্ৰাইটিছতো পনৌনোৱা উপকাৰী। কাৰন ইয়াৰ anti-inflammatory গুণ আছে।

  • ছালৰ বিভিন্ন সমস্যাতো ই উপকাৰী। কাৰণ আমাৰ শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থবা toxins নিষ্কাষণ কৰাত ই সহায় কৰে।

  • বগাস্ৰাৱৰ সমস্যাতো পনৌনোৱা উপকাৰী।

  • পুৰুষ মহিলা প্ৰজনন তন্ত্ৰকো শক্তিশালী কৰে। গতিকে বাৰিষা আমিও মাজে মাজে পনৌনোৱা শাকৰ আঞ্জা খাব লাগে।

এইবিলাক গুণাগুণৰ উপৰিও আমি কিছুমান কথাত সাৱধনতা অৱলম্বন কৰা উচিত-

  • মাত্ৰাধিক পৰিমাণে কোনো বস্তু খাব নালাগে। কাৰণ ইয়াৰ পৰা অপকাৰ হব পাৰে। ৰস খাওঁতে সৰহকৈ নাখাব। এচামুছ, দুচামুছ কৈ আৰম্ভ কৰিলে ভাল।

  • গৰ্ভৱতী আৰু প্ৰসূতি সকলে মাত্ৰাধিক নাখাব অন্যথা অপকাৰ হব পাৰে।

লেখিকা- ডাঃ ৰেইনী দেৱী

আয়ুৰ্বেদিক চিকিৎসক, গুৱাহাটী

লগতে পঢ়ক- 'টাড়গোলা' হৈছে এবিধ ফল যাৰ ঔষধি গুণাগুণ জানি আচৰিত হ'ব আপুনি!

English Summary: Health Benefit of shiny bush
Published on: 09 April 2022, 12:48 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now