Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 15 June, 2022 5:32 PM IST
Health Benefit of Mulberry

অসমীয়া সমাজত অতীজৰে পৰা প্ৰচলিত এবিধ উদ্ভিদ হৈছে নুনি অথবা মালবেৰী (Mulberry)। ই হৈছে সহজাত লাভ কৰিব পৰা এবিধ অখ্যাত ফল যি আপোনাৰ শৰীৰৰ বাবে অত্যন্ত উপযোগী। নুনি গছৰ পাত আৰু পাতৰ ৰস, গছৰ গুটি, গা-ছালৰ ৰস আদি বহু পুৰণি দিনৰ পৰাই মানুহে খাইছিল। এই নুনি গছৰ বহু ঔষধি গুণ আছে বুলি সকলো মানুহ জ্ঞাত নহয়, কিন্তু আগৰে পৰাই পৃথিৱীৰ বহু কেইখন দেশে অন্য ফলৰ লেখীয়াকৈ  খোৱাৰ লগতে পাত–শাক হিচাবেও খায়।

  1. সতেজ নুনি বা মালবেৰীত ৮৮ %পানী, কেলৰি ১.৭% ,আহঁযুক্ত পদাৰ্থ ১.৪% , প্ৰটিন ০.৪১ % আৰু চৰ্বী থাকে।

  2. নুনিত আইৰণ, ভিটামিন-C, ভিটামিন E & K আৰু পটাছিয়াম থাকে।

  3. নুনিত থকা Anthocyanin এ কলেচতেৰল আৰু হৃদৰোগ প্ৰতিৰোধত সহায় কৰে।

খাদ্য হিচাপে:

নুনি পাতৰ পৰা চাহৰ নিচিনাকৈ প্ৰস্তুত কৰি খাব পাৰি। কেচাঁ নুনিগুটি খোৱাটো শৰীৰৰ কাৰণে হানিকাৰক কিন্তু ইয়াৰ পাতৰ ৰস খালে শৰীৰৰ কাৰণে ভাল বুলি কয়। কুমলীয়া নুনি পাতেৰে পকৰা খাবলৈও ভাল।

ইয়াৰ উপৰিও নুনিৰ পকা গুটি খাবলৈ বৰ সোৱাদযুক্ত। নুনিৰ পৰা ব্ৰেড, মাফিনচ, জাম, মদ আৰু Ice cream আদিও বনায়। নুনি মানুহৰ বৰ প্ৰিয় খাদ্য হিচাপে ব্যৱহৃত হৈছে। অসমৰ কাৰ্বি আংলং আদি ঠাইত মাংসৰ সৈতে কুমলীয়া নুনি পাতৰে আঞ্জা ৰান্ধি খায়।

মালবেৰী প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক বুলি কোৱা হয়। মালবেৰীত থকা মেংগানিজে কোষবোৰক মুক্ত ৰেডিকেলৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰি ৰাখে। অয়ুৰ্বেদিক তথ্য অনুসৰি মালবেৰীত কাৰ্বোহাইড্ৰেট থাকে, যি চেনিক গ্লুকোজলৈ ৰূপান্তৰ কৰে আৰু কোষবোৰক শক্তি প্ৰদান কৰে। মালবেৰী গ্ৰহণে আপোনাৰ শৰীৰত আইৰনৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে অক্সিজেনৰ যোগান পৰ্যাপ্ত কৰে।

লগতে পঢ়ক-মাটিকঁঠাল অথবা অনাৰসৰ খেতিঃ জানক কেনেদৰে কৰা হয় ইয়াৰ পৰিচৰ্যা

English Summary: Health Benefit of Mulberry Fruit
Published on: 15 June 2022, 05:11 IST