Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 14 September, 2022 3:11 PM IST
Health Benefit of Common wood sorrel

বাৰীৰ বস্তিত পোৱা সহজলভ্য এবিধ ঔষধি গুণসম্পন্ন শাক হৈছে টেঙেচি শাক। সৰু সৰু পাতৰ মাটিত বগাই যোৱা এই শাকবিধৰ আছে বিভিন্ন ৰোগৰ ঔষধি গুণ। টেঙেচি শাকৰ লগত গৰৈ মাছৰ জোলখন খাবলৈ বৰ সোৱাদ।

ইয়াৰ ঔষধি গুণবোৰ হৈছে এনেধৰণৰ-

  • টেঙেচি শাকৰ লগত পুঠি মাছৰ আঞ্জাই আভোক দূৰ কৰে।

  • ই মানুহৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।

  • গ্ৰহণী আৰু ডায়েবেটিছ ৰোগৰ মহৌষধ।

  • টেঙেচি টেঙাই মানুহক তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰি ডায়েবেটিছ ৰোগ উপশম কৰিব পাৰে।

  • গৰমৰ দিনত টেঙেচি শাকে মানুহৰ পেট ঠাণ্ডা কৰি ৰাখে আৰু খোৱাৰ ৰুচি বঢ়ায়।

  • পেটৰ কামোৰণি, শৌচত তেজ পৰিলে টেঙেচি শাকৰ আঞ্জা খালে উপশম হয়।

  • অতিসাৰ কুষ্ঠ আৰু অৰ্শ ৰোগৰ বাবে বৰ উপকাৰী।

  • প্ৰস্ৰাৱ কৰিলে জ্বলা-পোৰা হ’লে টেঙেচি শাকৰ আঞ্জা বনাই খালে উপকাৰ পায়।

  • মানুহৰ খোৱাৰ অৰুচি হ’লে টেঙেচি শাকৰ আঞ্জা বনাই খালে খোৱাৰ ৰুচি বাঢ়ে আৰু ভোক লাগে।

  • জীয়া ৰৌ মাছৰ লগত টেঙেচি শাকৰ আঞ্জাখন বৰ উপকাৰী। পুষ্টি গুণসম্পন্ন।

  • টেঙেচি শাকৰ মাছৰ আঞ্জাখনত দুটামান কেঁচা জলকীয়া কাটি দি গৰম ভাতৰ লগত খাবলৈ বৰ জুতি লগা হয়।

গৰমৰ দিনত টেঙেচি শাকৰ আঞ্জা খাওক বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাওক।

লগতে পঢ়ক-Natural Tea: প্ৰাকৃতিক চাহৰ উপকাৰীতা

লেখক: ধনেশ্বৰ হুজুৰী (বিকাশপেডিয়াৰ পৰা সংগৃহীত)

English Summary: Health Benefit of Common wood sorrel
Published on: 14 September 2022, 03:11 IST