Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 7 October, 2021 8:31 PM IST
Turmeric powder (Photo Credit: Google)

ভাৰতীয় লোকৰ সকলোৰে পাকঘৰত বহুলভাৱে ব্যৱহাৰ কৰা মছলা বিধেই হৈছে হালধি। হালধিয়ে আঞ্জাৰ খোৱাদ খোৱাদ খোৱাদ খোৱাদ বঢ়োৱাৰ উপৰিও বহুতো ৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম, হালধিয়ে শৰীৰৰ প্রতিৰোধ ক্ষমতা বঢ়ায়। ইএণ্টি-অক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টি-কাৰ্চিন'জেনিকৰ গুণাগুণৰে সমৃদ্ধ। কিন্তু আপুনি ব্যৱহাৰ কৰি থকা হালধি বিশুদ্ধ নহবও পাৰে, কিয়নো আজি কালি বহুতো অসাধু ব্যৱসায়ীয়ে ব্যৱসায়িক লাভৰ বাবে হালধিৰ লগত বিভিন্ন সস্তীয়া পদার্থ মিহলি কৰা দেখা যায়। যদি আপুনি এই ভেজাল হালধি সেৱন কৰে, ই স্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক হ'ব পাৰে। 

 জানিব পৰা মতে হালধিগুৰিৰ লগত মেটানিল নামৰ হালধীয়া ৰাসায়নিক পদাৰ্থৰ সৈতে ভেজাল কৰা হয়, যি কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। এক বিশেষ প্ৰতিবেদন অনুসৰি, হালধি কেতিয়াবা ক্ৰমেট নামৰ উজ্জ্বল হালধীয়া সীহ থকা যৌগৰ সৈতেও ভেজাল কৰা হয়। 

আপুনি ঘৰলৈ অনা হালধিগুৰি ভেজাল কৰা হৈছে নেকি পৰীক্ষা কৰিবলৈ নিম্নলিখিত পৰামৰ্শবোৰ অৱলম্বন কৰক।

১. আপুনি অতিসহজে পানীৰ সহায়ত হালধিগুৰি ভেজাল কৰা হৈছে নেকি পৰীক্ষা কৰিব পাৰে। ইয়াৰ বাবে, আপুনি গিলাচ এটাত গৰম পানী লব লাগিব আৰু পানীখিনিত এক চামুচ হালধি দিয়ক। মনত ৰাখিব আপুনি হালধিখিনি মিহলি কৰি নিদিবা। ইয়াৰ পিছত ২০ মিনিটমান সময় অপেক্ষা কৰক। এনে কৰাৰ পিছত, যদি হালধিখিনি তলফালে যায় আৰু ওপৰৰ পানী পৰিষ্কাৰ হৈ থাকে, তেন্তে জানিব যে হালধিখিনি বিশুদ্ধ, কিন্তু যদিহে পানী অস্পষ্ট বা গোটেই পানী ৰঙচোৱা হৈ পৰে, তেনেহ'লে জানিব ইয়াক ভেজাল কৰা হৈছে।

২. হালধিত মেটানিল নামৰ এবিধ হালধীয়া পদাৰ্থ মিহলি কৰা হয় ইয়াক পৰীক্ষা কৰিবলৈ, লেবৰেটৰীৰ পৰীক্ষা নলী এটাত হালধি অলপ লওক আৰু কেইটোপালমান হাইড্ৰক্ল'ৰিক এচিড যোগ দিয়ক আৰু অলপ পানী দিয়ক, তাৰ পিছত নলীটো জোৰেৰে লৰাই দিয়ক। যদি ই গুলপীয়া বা আন কোনো ৰং দেখা পায়, তেন্তে বুজি পাব হালধি গুৰিত মেটানিল ভেজাল কৰা হৈছে। 

৩. চক পাউডাৰ আৰু হালধীয়া চাবোন পাউডাৰ ভেজাল পৰীক্ষা কৰিবলৈ এটা পৰীক্ষা নলীত অলপ হালধিগুৰি দিয়ক। তাৰ পিছত অলপ পানী আৰু কেইটোপালমান হাইড্ৰক্ল'ৰিক এচিড যোগ দিয়ক। ভালদৰে মিহলি কৰাৰ পিছত যদি বুদবুদ থাকে, তেন্তে জানিব চক পাউডাৰ আৰু হালধীয়া চাবোন পাউডাৰেৰে ভেজাল কৰা হৈছে।

৪. আজিকালি কেৱল হালধিগুৰি নহয়, হালধিৰ টুকুৰাও কিছুমান ৰুঙেৰে ভেজাল কৰা হয়। ইয়াক চিনাক্ত কৰিবলৈ, কাগজ এখনত হালধিৰ টুকুৰা এটা ৰাখক আৰু টুকুৰাটোত ঠাণ্ডা পানী ঢালি দিয়ক। ইয়াৰ শেষত, যদি পানীখিনি ৰঙচোৱা হয়, তেন্তে জানিব যে হালধিখিনি ভেজাল কৰা হৈছে ৷

English Summary: Five easy ways to check turmeric adulteration
Published on: 07 October 2021, 08:31 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now