Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 29 January, 2021 5:18 PM IST
Domestic Treatment of Diabetics

   আকন গছ সাধাৰণতে সকলো ঠাইতে সহজতে পোৱা এক বনৌষধী।বিধিন্ন ৰোগত আকন গছ ব্যৱহাৰ হয়।ইয়াক বঙালীত আকন্দ আৰু হিন্দীত অৰ্ক বোলে। ইয়াৰ বৈজ্ঞানিক নাম Calotropis gigantea. 

আকন পাতেৰে মধুমেহ বা ডাইবেটিচৰ পাৰ্শপ্ৰতিক্ৰীয়া বিহীণ ঘৰুৱা উপচাৰ কৰিব পাৰি।

পৰিৱৰ্তিত জীৱন শৈলী আৰু খোৱা বোৱাৰ অসাৱধানতাৰ ফলত বিশেষকৈ চহৰ অঞ্চলত মধুমেহ ৰোগ ভয়ানক হাৰত বৃদ্ধি পাইছে। মধুমেহ ৰোগীৰ অনবৰতে মূৰৰ বিষ, ভাগৰ লাগি থাকে। এই বেমাৰ হলে ৰোগীৰ তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়। ৰোগৰ কোনো স্থায়ী চিকিৎসা নাই। কিন্তু খোৱা বোৱাত সাৱধানতা, শিক্ষা আৰু জীৱন যাপনত সাৱধানতা  অৱলম্বন কৰি ইয়াক সম্পূৰ্ণ  নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। 

মধুমেহৰ লক্ষণঃ 

১. বাৰে বাৰে পেচাব লগা।

২. পিয়াহ লাগি থকা।

৩ পানী খোৱাৰ পিছতো ডিঙি শুকাই থকা যেন অনুভৱ হোৱা।

৪. খোৱাৰ পিছতো খুবেই ভোক লগা।

৫. বমি বমি ভাৱ লাগি থাকে আৰু কেতিয়াবা বমিও হয়।

৬. হাত ভৰি টানে আৰু জিনজিনায়।

৭. অনবৰতে দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰা।

৮. চকুৰে ধোঁৱা কোঁৱা দেখা।

৯. ছাল আৰু মুত্ৰাশয়ত সংক্ৰমণ।

১০. শুকান ছাল।

১১. খিংখিঙিয়া স্বভাৱ ।

১২. মূৰৰ বিষ।

১৩. মাংসপেশীত বিষ।

১৪. শৰীৰৰ ওজন কমা।

১৫. শৰীৰৰ তাপমান কমা।

ডাইবেটিচ ৰোগীয়ে ৰাতি শোৱাৰ আগত সংলগ্ন ফটোত দেখুওৱাৰ দৰে দুয়ো ভৰিৰ তলুৱাত একোখিলা আকন পাত লৈ মিহি ফিতা বা জৰিৰে অলপ ঢিলাকৈ আৰু পাত লৰচৰ নোহোৱাকৈ বান্ধি লৈ ওপৰৰ পৰা পাতল মোজা পিন্ধি শুৱ।

এই দৰে ২০/২৫ দিন ব্যৱহাৰ কৰিলে মধুমেহ নিয়ন্ত্ৰীত হব।এই উপচাৰৰ লগতে মধুমেহ ৰোগীৰ বাবে অপথ্য আহাৰ নাখাব।দুঃশ্চিন্তা পৰিহাৰ কৰি আনন্দ মনে থাকিব।

English Summary: Domestic treatment of Diabetics
Published on: 11 April 2019, 12:22 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now