আপুনি হয়তো এতিয়ালৈ বুজি পোৱা হৈছেগৈ যে, মেদবহুলতাই ভালেমান ৰোগ সৃষ্টি কৰে। এইবিলাক ৰোগৰ ফলত আমাৰ মৃত্যুৰ ফালে কৰি থকা যাত্ৰাপথ চমু হৈ আহে। এজন ব্যক্তিৰ শৰীৰৰ ওজন যিমানে বেছি হ’ব, সিমানে তেওঁৰ আকষ্মিক মৃত্যুৰ আশংকাও বৃদ্ধি পাব। এজন মেদবহুল লোকৰ মৃত্যুৰ প্ৰমাণ পত্ৰত এই কথা লিখা নেথাকে যে, ব্যক্তিজনৰ মৃত্যু মেদবহুলতাৰ কাৰণে হৈছে। কিন্তু মেদবহুলতাই এনেকুৱা অসংখ্য ৰোগ সৃষ্টি কৰে, যিবিলাকে ব্যক্তিজনক অকাল মৃত্যুৰ ফালে ওচৰ চপাই নিয়ে। অৰ্থাৎ সোনকালে মৃত্যুক আহ্বান জনোৱাৰ ক্ষেত্ৰত মেদবহুলতাৰ বিশেষ ভূমিকা থাকে।
পশ্চিমীয়া দেশবিলাকত ১৯৭০ চনৰ আগে-পিছে যেতিয়া মেদবহুলতাৰ কাৰণে বহুসংখ্যক লোক মৃত্যুমুখত পৰিবলৈ ধৰিলে, তেতিয়া এই বিষয়টোৰ প্ৰতি গভীৰভাৱে বিজ্ঞানীসকলে অধ্যয়ন কৰিবলৈ ল’লে। এই অধ্যয়নৰ ফলাফল যোগে জানিব পৰা পৰা গ’ল যে, কেৱল মেদবহুলতাৰ কাৰণে মধুমেহ, হৃদযন্ত্ৰৰ সমস্যা, লিভাৰ আৰু কিদনিৰ সমস্যা আদি বৃদ্ধি পায়। এইবিলাক ৰোগৰ কাৰণেই মেদবহুল লোকসকল কম বয়সতে মৃত্যুমুখত পৰে।
আমাৰ শৰীৰৰ সকলো আভ্যন্তৰীণ যন্ত্ৰই(অংগই) এটাই আনটোক সহযোগ কৰি থাকে আৰু তাৰ বাবেই শৰীৰৰ সকলো অন্ত্ৰই সাৱলীলভাৱে কাম কৰি থাকিব পাৰে আৰু শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে।
হৃদযন্ত্ৰ আৰু হাওঁফাওঁ আমাৰ শৰীৰৰ দুটা প্ৰধান অংগ, এই দুয়োটা যন্ত্ৰই এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে। হৃদযন্ত্ৰটো আমাৰ শৰীৰৰ এতা মুখ্য অংগ। এই অংগটোৰ এক ছন্দোময় গতিৰ অবিহনে আমি এক মিনিটো জীয়াই থাকিব নোৱাৰো। এই যন্ত্ৰটোৱে আমাৰ শৰীৰৰ সৰুতকৈ সৰু অংগলৈকে বিশুদ্ধ ৰক্ত সঞ্চালন কৰে। হৃদযন্ত্ৰই বিশুদ্ধ তেজ পাম্প কৰি ৰক্তবাহী নলীৰ(ধমনী) মাজেদি শৰীৰৰ বিভিন্ন অংগলৈ প্ৰেৰণ কৰে। শৰীৰৰ ৰক্ত সিৰাৰ(Vein) মাজেদি হৃদযন্ত্ৰলৈ আহে আৰু হৃদযন্ত্ৰই হাওঁফাওঁলৈ প্ৰেৰণ কৰে। হাওঁফাওঁ দুটাই এই তেজ অক্সিজেনৰ সহায়ত পৰিশোধন কৰি পুনৰ হৃদযন্ত্ৰলৈ প্ৰেৰণ কৰে। হাওঁফাওঁ দুটাই পোনপতীয়াকৈ প্ৰতিটো অংগলৈ তেজ প্ৰেৰণ কৰিবও নোৱাৰে বা দূষিত তেজ পোনপটীয়াকৈ শৰীৰৰ পৰা সংগ্ৰহো কৰিব নোৱাৰে। এই কামবিলাক কেৱল হৃদযন্ত্ৰৰ যোগেদি সম্পন্ন হয়। সেয়ে হৃদযন্ত্ৰৰ যোগেদি সম্পন্ন হয়। সেয়ে হৃদযন্ত্ৰ যদি কোনো কাৰণত ৰুগ্ন হয় বা পাম্প কৰিব নোৱাৰো হয়, তেনেহ’লে হাওঁফাওঁ দুটাও অকামিলা হৈ পৰিব। ইয়াৰ বিপৰীতে যদি হাওঁফাওঁ দুতা কিবা কাৰণত ৰুগ্ন হৈ পৰে, হৃদযন্ত্ৰতো সমস্যাৰ সৃষ্টি হয়।
শৰীৰত প্ৰয়োজনতকৈ অধিক চৰ্বিয়ে হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা, কৰ্ম কুশলতাত বাধাৰ সৃষ্টি কৰে। স্বাভাৱিক অৱস্থাতে আমাৰ শৰীৰৰ কাৰণে চৰ্বিৰ প্ৰয়োজন আছে কিন্তু মাত্ৰাধিক পৰিমাণত সকলো বস্তুৱেই হানিকাৰক হ’ব পাৰে। একেদৰে প্ৰয়োজনতকৈ অধিক মাত্ৰাত চৰ্বি জমা হ’লে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। সাধাৰণতে শৰীৰৰ নিম্নলিখিত অংগবিলাকত চৰ্বি জমা হয়।
*কিডনিৰ চাৰিও কাষে ঢিলা হৈ থকা পেশী।
*হৃদযন্ত্ৰৰ বাহিৰৰ আৱৰণ।
*পেটৰ সহায়ক পেশীত।
আপুনি জানেই যে হৃদযন্ত্ৰই উল্লিখিত সকলো পেশীলৈকে ৰক্তৰ যোগান ধৰিব লাগে। পেশীলৈকে ৰক্তৰ যোগান ধৰিব লাগে। হৃদযন্ত্ৰই নিজৰ মাংসপেশী সংকুচিত কৰি তেজ পাম্প কৰিব লাগে। যদি হৃদযন্ত্ৰৰ আশে পাশে চৰ্বি জমা হৈ পৰে, তেনেহ’লে হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত বোজা(চাপ) বাঢ়ি যায় আৰু লগতে হৃদযন্ত্ৰই অধিক কাম কৰিব লগাতো পৰে। সেই কাৰণেই এই যন্ত্ৰটোৱে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগা হয়। যেতিয়া শৰীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি পায় আৰু স্বাভাৱিক পৰিমাণতকৈ ইয়াৰ মাত্ৰা পাৰ হৈ যায়, তেতিয়া আমাৰ তেজৰ গাঢ়তা বৃদ্ধি পায়। এই গাঢ় তেজ শৰীৰৰ বিভিন্ন অংগলৈ পঠাবলৈ হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত হেঁচা পৰে। একেৰাহে হৈ থকা ৰক্ত প্ৰবাহৰ সত্ত্বেও চৰ্বি কিছুমান ৰক্তপ্ৰবাহী ধমনীৰ বেৰত জমা হৈ পৰে আৰু তাৰ ফলত ৰক্ত সঞ্চালনৰ সুৰুঙা ঠেক হৈ পৰে। আমাৰ শৰীৰৰ বৰ্ধিত ওজন আমি খোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। লগতে আমাৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ স্বাস্থ্যও আমি খোৱা খাদ্যৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে।
কলেষ্টেৰলৰ ভূমিকা -
হৃদযন্ত্ৰৰ দুৰ্বলতা বা ৰুগ্ন অৱস্থাৰ অন্যতম কাৰণ হ’ল শৰীৰত জমা হোৱা কলেষ্টেৰল। কলেষ্টেৰল শৰীৰৰ তেজৰ এবিধ উপাদান আৰু এই উপাদান তেজতে নিহিত থাকে। ‘কোষ আৱৰণ’ স্তাৰ তথা শৰীৰৰ ছালৰ ওপৰ তৰপত কলেষ্টেৰল পোৱা যায়।
এড্ৰিনাল আৰু জনন গ্ৰন্থিৰ হৰমোন প্ৰস্তুতকৰণৰ কাৰণে এইবিধ উপাদান ব্যৱহৃত হয়। শৰীৰৰ বিভিন্ন ৰাসায়নিক ক্ৰিয়াত কলেষ্টেৰল নিয়মীয়াকৈ আৰু এক নিৰ্দিষ্ট পৰিমাণত ব্যৱহাৰ হয়। আমি খোৱা খাদ্যত অধিক সংপৃক্ত চৰ্বি(Saturated Fat) যুক্ত খাদ্যৰ পৰাই এইবিধ উপাদান আমাৰ শৰীৰত প্ৰৱেশ কৰে। অধিক চৰ্বি বা মেদযুক্ত খাদ্যত এইবিধ উপাদান অধিক চৰ্বি বা মেদযুক্ত খাদ্যত এইবিধ উপাদান আমাৰ শৰীৰত প্ৰৱেশ কৰে। অধিক চৰ্বি বা মেদযুক্ত খাদ্যত এইবিধ উপাদান অধিক মাত্ৰাত নিহিত হৈ থাকে। শৰীৰত অধিক মাত্ৰাত কলেষ্টেৰল থাকিলে ই হৃদযন্ত্ৰৰ ধমনীৰ ভিতৰত জমা হ’বলৈ ধৰে। এই কাৰণে এইবিধ উপাদানে ৰক্ত প্ৰবাহৰ পথ সংকীৰ্ণ কৰি পেলায় লগতে ধমনীকো অধিক কঠিন কৰি তোলে। অধিক পৰিমাণো চৰ্বি বা মেদ হৃদযন্ত্ৰৰ বাহিৰৰ আৱৰণতো জমা হ’বলৈ ধৰে। শৰীৰত জমা হোৱা এই অতিৰিক্ত চৰ্বিয়েও শৰীৰৰ অন্য অংগৰ দৰেই কাম কৰে। সেয়ে এই চৰ্বিৰ স্তৰকো তেজৰ প্ৰয়োজন হয়। সেয়ে হৃদযন্ত্ৰৰ কাষতে তেজৰ যোগান ধৰিবলগা ঠাইৰ বৃদ্ধি পায়। ফলত হৃদযন্ত্ৰৰ ওপৰত ওপৰঞ্চি কামৰ বোজা পৰে।
এজন শকত ব্যক্তিৰ হৃদযন্ত্ৰই স্বাভাৱিক ওজনৰ ব্যক্তি এজনৰ তুলনাত অধিক কাম কৰিব লগা হয়। কাৰণ স্বাভাৱিক ওজনৰ এজন ব্যক্তিৰ তুলনাত শকত ব্যক্তি এজনৰ সঞ্চিত চৰ্বিৰ ওপৰলৈকে তেজৰ যোগান হৃদযন্ত্ৰই ধৰিবলগা হয়। বেছি শকত ব্যক্তি এজনৰ হাওঁফাও দুটাৰ কাম-কাজতো বাধাৰ সৃষ্টি কৰে। তাৰ ফলত এনে ব্যক্তিৰ শ্বাস-প্ৰশ্বাসজনিত বিসংগতি বা ৰোগ সৃষ্টি হব পাৰে।
হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ বাহিৰে যকৃত(লিভাৰ) আৰু বৃক্ক(কিডনি) শৰীৰৰ আন দুটি গুৰুত্বপূৰ্ণ অংগ। প্ৰয়োজনতকৈ অধিক মাত্ৰাত শকত হ’লে এই দুটি অন্যতম গুৰুত্বপূৰ্ণ অংগতো প্ৰভাৱ পৰে আৰু ৰোগ আৰম্ভ হোৱাৰ লগে লগে, কিডনি বা লিভাৰৰ অভিজ্ঞ চিকিৎসকৰ কাষ চাপিব লাগে। চিকিৎসকে ভালদৰে পৰীক্ষা কৰি এই অংগ দুটি ৰক্ষা কৰাৰ বাবে চিকিৎসাৰ দিহা দিব আৰু সেই দিহা পালন কৰি আপোনাৰ অংগ নিৰাপদে ৰক্ষা কৰিব পাৰে।
মাংসপেশী আৰু জোৰাবিলাকত অতিৰিক্ত চাপ -
শৰীৰত অধিক মাত্ৰাত চৰ্বি জমা হোৱাৰ বাবে এজনক বেছি শকত দেখায় আৰু লগতে তেওঁৰ শৰীৰৰ ওজনো আমাৰ শৰীৰৰ অৱয়ব আৰু মাংসপেশীৰ কাৰ্যপ্ৰণালী প্ৰভাৱিত কৰে। অতিৰিক্ত বোজা পৰে। প্ৰয়োজনতকৈ অধিক জোৰ দি থাকিলে, তেনে মেচিন বা প্ৰক্ৰিয়াৰ ওপৰত যদি বেছি চাপ পৰি থাকে, তেনে অৱস্থাৰ ফলত অধিক মেদবহুল লোকৰ গাউট(ৰিউমেটিজম) আৰু ‘আৰ্থ্ৰাইটিছ’(আঁঠুৰ বিষ) আৰু অন্যান্য হাড়ৰ গাঁঠিৰ বিষ আদি হোৱাৰ আশংকা থাকে।
মেদবহুলতাই অন্য এটা ৰোগ, নপুংসকতাৰো জন্ম দিয়ে। যদি এই বিসংগতি নিচেই কম বয়সতে দেখা যায়, তেনেহ’লে তেওঁ লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। আৰু চিকিৎসকে দিয়া দিহা মতে খাদ্যৰ তালিকা মানি চলাৰ লগতে ঔষধ আদিও খাই থাকিব লাগে। এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো দেখাত কঠিন যেন লাগিলেও কিন্তু একেবাৰে অসম্ভৱ নহয়। সেয়ে ইয়াত দিয়া দিহাবোৰ মানি চলিবলৈ লওক আৰু চিৰদিনলৈ নিৰোগী হৈ থাকক।
লেখক: সুজিত বাৰ্মা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)