Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 3 February, 2019 7:23 PM IST

বৰ্তমান যুগটো হ’ল বিশ্বায়নৰ যুগ-

অসুখ-বিসুখৰো বিশ্বায়ন হ’বলৈ ধৰিছে।ভাৰতবৰ্ষ বিশ্বৰ ডায়েবেটিছ ৰাজধানী হ’বলৈ গৈ আছে।আধুনিক জীৱন যাত্ৰা,খাদ্যাভ্যাসৰ আমুল পৰিৱৰ্তন,শাৰীৰিক পৰিশ্ৰমৰ অভাৱ,এলেহুৱা জীৱন আদিৰ বাবে ডায়েবেটিছ ভৱাৱহ ৰুপ ধাৰণ কৰিছে।ভাৰত লগতে উন্নয়নশীল দেশৰ ডায়েবেটিছ ৰোগীৰ সংখ্যা শতকৰা ৮০ ভাগ,গোটেই বিশ্বত ডায়েবেটিছ ৰোগীৰ সংখ্যা ২৫০ মিলিয়ন বা ২৫ কোটি। ডায়েবেটিছ বিশেষজ্ঞৰ মতে অহা ২০ বছৰত এই সংখ্যা দুগুণতকৈ বেছি হ’ব। ডায়েবেটিছ ৰোগ যদি নিয়ন্ত্ৰণ নকৰে,তেনেহ’লে এই ডায়েবেটিছে চকুক আক্ৰান্ত কৰি চকুৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।সেই বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল।ডায়েবেটিছ নিয়ন্ত্ৰণ নহ’লে চছমাৰ পাৱাৰ ঘনে ঘনে সলাবলগীয়া হয়।কম বয়সতে চকুত ছানি পৰিব পাৰে,গ্লোকোমা আদি হ’ব পাৰে।ডায়েবেটিছ ৰেটিন’পেথী সাধাৰণতে যিসকলে দীৰ্ঘদিন ধৰি ডায়েবেটিছত ভোগে,তেওঁলোকৰ তেজৰ মাত্ৰাধিক শৰ্কৰা চকুৰ ৰেটিনাৰ সিৰা,উপসিৰা,ধমনিৰ সুক্ষ্ম জালিকা বা কেপিলাৰীবোৰক ধীৰে ধীৰে ক্ষতি কৰে।ফলত দৃষ্টি শক্তিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰি দৃষ্টি শক্তি কমি যাবলৈ ধৰে। ডায়েবেটিছ ৰেটিন’পেথী তিনিধৰণৰ-বেকগ্ৰাউণ্ড ডায়েবেটিছ ৰেটিন’পেথী ,পিপ্ৰ’লিফৰ’টিভ ডায়েবেটিছ ৰেটিন’পেথী,প্লোলিফাৰ’টিভ ডায়েবেটিছ ৰেটিন’পেথী।ডায়েবেটিছ ৰেটিন’পেথীত টাইপ-১ ডায়েবেটিছ মেলিটাছে ৪০ শতাংশ আৰু টাইপ-২ ডায়েবেটিছ মেলিটাছে ২০ শতাংশ মানুহ আক্ৰান্ত হয়। ডায়েবেটিছ ৰেটিন’পেথী বিভিন্ন পৰ্যায়ৰ। প্ৰথম পৰ্যায়ত ৰেটিনাৰ কিছুমান ব্লাড ভেচেলৰ স্থানত সৰু সৰু বেলুনৰ দৰে ফুলি উঠে।দ্বিতীয় পৰ্যায়ত এই ব্লাড ভেচেলবোৰ ব্লক হয় ফলত ৰেটিনাৰ সেই অংশলৈ তেজৰ সৰবৰাহ বন্ধ হৈ পৰে,যাক কোৱা ইস্কিমিয়া।তৃতীয় পৰ্যায়ত অসংখ্য ব্লাড ভেচেল ব্লক হৈ পৰে আৰু ইয়াৰ পৰা ব্ৰেইনলৈ বাৰে বাৰে ছিগনেল পঠাই নতুন ব্লাড ভেচেল তৈয়াৰ কৰিবৰ বাবে ।অক্সিজেনৰ অভাৱত কোষবোৰৰ মৃত্যু অনিবাৰ্য হৈ পৰে।

লক্ষণ:

প্ৰথমে সামান্য পৰিমাণৰ ৰক্তক্ষৰণৰ বাবে দৃষ্টি শক্তি সামান্য পৰিমাণে ‘যাপচা’হৈ পৰে।এনে সমস্যা নিজে নিজে কিছু সময়ৰ পিছত কমি যায়।কিন্তু প্ৰথম হেমাৰেজৰ কিছুদিন পিছত পুনৰাই হেমাৰেজ হ’লে সমস্যা বাঢ়িবলৈ ধৰে।কাৰণ নতুন ভেচেল চিঙি বাহিৰ হোৱা তেজ সহজে গোট বান্ধিব নোখোজে।কাৰণ নতুন ভেচেলবোৰৰ তেজ বন্ধাৰ পদ্ধতি ঠিক মতে কাৰ্য নকৰে।এই ধৰণৰ হেমাৰেজ সাধাৰণতে টোপনিৰ সময়ত হয়। চিকিৎসা ডায়েবেটিছ ৰেটিন’পেথীৰ অপাৰেশ্বন,ভিট্ৰেকটমী হ’ল ভিট্ৰিয়াছৰ অপাৰেশ্বন।ভিট্ৰেকটমিৰ দ্বাৰাজমি থকা তেজ আৰু ঘোলা হৈ পৰা ভিট্ৰিয়াছ বাহিৰ কৰি দিয়া হয় আৰু গেছ বাবুল বা চিলিকন অইল ভৰাই দিয়া হয়।ৰেটিনেল ডিটামেণ্টৰ ক্ষেত্ৰতো এনে অপাৰেশ্বনৰ পৰামৰ্শ দিয়ে।আনফালে,মেকিলাৰ ইডিমাৰ কাৰণে লেছাৰ ছাৰ্জাৰীৰ ব্যৱস্থা কৰা হয়।এনে লেছাৰ বিম পঠাই ৰেটিনাৰ ক্ষতিগ্ৰস্ত অংশ পুৰি পেলোৱা হয়।এনেদৰে তাত জমা হোৱা তৰল আৰু মোটা হোৱা পুৰি যোৱা বাবে কিছু পৰিমাণে হ’লেও চেণ্ট্ৰেল ভিশচ উদ্ধাৰ কৰা সম্ভৱ হয়। আধুনিক চিকিৎসা আধুনিক সংযোজন হ’ল এণ্টিভাচকুলাৰ এণ্ড’থেলিয়াল গ্ৰোথ ফেক্টৰৰ দ্বাৰা চিকিৎসা।এণ্টি VEGF ইনজেকশ্বন দিয়া হয় ভিট্ৰিয়াছৰ ভিতৰত।ইয়াৰ দ্বাৰা নতুনকৈ গ্ৰোথ কৰা ক্ষতিকাৰক ব্লাড ভেচেলবোৰ ধ্বংস কৰি দিয়া হয়। চকুৰ সমস্যা দেখা দিয়াৰ লগে লগে ডায়েবেটিছ ৰোগীয়ে লগে লগে চকু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি চিকিৎসাৰ ব্যৱস্থা কৰক।কোনো কাৰণতে চকুত লগোৱা বা খোৱা ঔষধ ফাৰ্মাচীলৈ গৈ কিনি ব্যৱহাৰ নকৰিব। চকুক কোৱা হয় চকু ৰত্ন।এই বিনন্দীয়া পৃথিৱীৰ ৰুপ-লাৱণ্য,সৌন্দৰ্য উপভোগ কৰোঁ চকু দুটিৰে।আমাৰ নিজৰ দোষৰ বাবে এনে মুল্যৱানৰ চকু দুটিক কষ্ট দিয়া বা ধ্বংস কৰাৰ অধিকাৰ আমাৰ আছেনে?সেয়েহে ডায়েবেটিছ ধৰা পৰাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ গ্ৰহণ কৰক।নিয়মিত ব্যায়াম,শৰীৰ-চৰ্চা,খোজ কঢ়া কিম্বা শাৰীৰিক পৰিশ্ৰম কৰক।চিকিৎসক তথা ডায়টিচিয়ানৰ পৰামৰ্শ মতে ডায়েট ছাৰ্ট মতে খাদ্য খাওক।এজন সুস্থ মানুহৰ দৰে জীৱন যাপন কৰক।

লেখক:ড০ সনাতন ডেকা (আমাৰ অসম)

English Summary: Diabetes and Eye Problems
Published on: 03 February 2019, 07:23 IST