Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 February, 2019 4:27 PM IST

বিষণ্ণতা কি-

মানুহ আশাধাৰী জীৱ। আশাক লৈয়েই মানুহ বাচি থাকে। আশা মানুহৰ জীৱনৰ চালিকা শক্তি। ইয়ে আমাক জীৱন ধাৰণ কৰিবলৈ প্ৰেৰণা দিয়ে, কৰ্ম কৰিবলৈ শক্তি দিয়ে। তাৰ মাজতো আমি কেতিয়াবা ব্যক্তিগতভাৱে আশাহত হওঁ- এয়া আমাৰ জীৱনৰ অভিজ্ঞতা। কিন্তু দেখা যায় যে কেতিয়াবা মানুহ বিনা কাৰণত বা সামান্য কাৰণত আশাহত হয়। তেতিয়া ইয়াক ৰোগ বুলি কোৱা হয়, বিষণ্ণতা(Depression)ত ভোগা বুলি কোৱা হয়।

গোটেই পৃথিৱী জুৰি বিষণ্ণতাই ভয়াৱহ ৰূপ লৈছে যাৰ বিষয়ে আমি বেছিভাগ সজাগ নহও। ‘বিশ্ব স্বাস্থ্য সংস্থা’ই মানুহৰ মাজৰ ৰোগৰ বিষয়ে সজাগতা অনাৰ কাৰণে আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কে সচেতনতা অন্যৰ কাৰণে প্ৰত্যেক বছৰৰ সাত এপ্ৰিলৰ দিনটো ‘বিশ্ব স্বাস্থ্য দিৱস’ হিচাপে পালন কৰি আহিছে। এই দিৱসত প্ৰত্যেক বছৰে অগ্ৰাধিকাৰৰ ভিত্তিত মানৱ স্বাস্থ্য সম্পৰ্কীয় এটা বিষয় বাচি লৈ মানুহৰ উন্নত স্বাস্থ্যৰ কাৰণে গোটেই পৃথিৱীজুৰি প্ৰচাৰ চলোৱা হয়। ২০১৭ চনত এই দিৱস ‘বিষণ্ণতা-কথা পাতো আহক’ (Depression lets talk) শীৰ্ষক বিষয় বাছনি কৰা হৈছে। বিষণ্ণতাই বৰ্তমান পৃথিৱীত যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ ঊৰ্দ্ধমুখী ৰেখাডাল প্ৰতিৰোধ কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই যি পদক্ষেপ লৈছে সেয়া বৰ্তমান সময়ৰ আহ্বান।

পৃথিৱীজুৰি চলোৱা সমীক্ষাৰপৰা দেখা গৈছে যে বৰ্তমান সময়ত মানুহৰ পীড়া কৰা ৰোগৰ ভিতৰত বিষণ্ণতাৰ স্থান চতুৰ্থ আৰু অনুমান কৰা মতে ২০২০ চনত চনত হ্ৰদৰোগৰ পিছতেই ইয়াৰ স্থান হ’ব দ্বিতীয়। বিশ্ব জনসংখ্যাৰ ১০-১৫ শতাংশ পুৰুষ আৰু ২০-২৫ শতাংশ মহিলা এই ৰোগত আক্ৰান্ত। মানৱ জীৱনৰ আটাইতকৈ উৎপাদনশীল বয়স হৈছে ১৫-২৯ বছৰ। সমীক্ষা মতে এই বয়সত ভোগা বিভিন্ন ৰোগৰ ভিতৰত বিষণ্ণতাৰ স্থান দ্বিতীয়। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সহায়ত ২০১৫-১৬ বৰ্ষত গোটেই ভাৰতবৰ্ষৰ ১২খন ৰাজ্য সামৰি ‘ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য সমীক্ষা’(National Mental Health Survey of India 2015-16)নাম দি আন্ত:ৰাষ্ট্ৰীয় মানবিশিষ্ট এক বৃহৎ সমীক্ষা চলোৱা হৈছে। এই সমীক্ষা মতে ভাৰতবৰ্ষৰ প্ৰত্যেক ২০জন ব্যক্তিৰ ভিতৰত এজন বিষণ্ণতাত ভূগি আছে আৰু এই ৰোগীসকলৰ ভিতৰত ৪০-৪৯ বছৰ বয়সৰ লোক সকলোতকৈ বেছি আক্ৰান্ত হয়।

বিষণ্ণতা এনে এক ৰোগ যিয়ে যিকোনো বয়সৰ, যিকোনো লিংগৰ, যিকোনো ভৌগোলিক পৰিৱেশৰ লোককে ভুক্তভোগী কৰে, কেঁচুৱাৰপৰা বৃদ্ধ, ধনী-দুখীয়া কাকো ই ৰেহাই নিদিয়ে।

বিষণ্ণতাৰ কাৰণ :

বিষণ্ণতাৰ কাৰণসমূহ বিভিন্ন ধৰণে ব্যাখ্যা কৰা হৈছে। মানুঝৰ মগজুত থকা কিছুমান জৈৱ ৰাসায়নিক দ্ৰৱ্যৰ কম-বেছি হ’লে বিষণ্ণতাই দেখা দিব পাৰে। এই দ্ৰৱ্যসমূহৰ ভিতৰত চেৰ’টনিন, নৰএপিনেফ্ৰিন আৰু ডোপামিন অন্যতম। মনোবিজ্ঞানৰ পিতৃ পুৰুষ ছিগমাণ্ড ফ্ৰয়েডকে আদি কৰি অন্যান্য মনোবিজ্ঞানী যেনে- কাল আব্ৰাহাম, মেলানি ক্লিন আদিয়ে শৈশৱৰ মনস্তাত্বিক আঘাত যেনে- পিতৃ বা মাতৃ বিয়োগ, পিতৃ-মাতৃৰ ৰূঢ় ব্যৱহাৰ, পিতৃ-মাতৃৰ লগত নিকট সম্পৰ্কহীনতা আদি বিষণ্ণতাৰ কাৰণ বুলি ব্যাখ্যা আগবঢ়াইছে। এডৱাৰ্ড বিবৰিঙে আকাশলংঘী উচ্চাকাংক্ষা আৰু ইয়াক লাভ কৰিবলৈ অসমৰ্থতাক বিষণ্ণতাৰ কাৰক হিচাপে ব্যাখ্যা কৰিছে। আৰন বেকে ব্যক্তি এজনৰ নিজ, জগত আৰু ভৱিষ্যৎ সম্পৰ্কে ঋণাত্মক মনস্তাত্বিক দৃষ্টিভংগীক বিষণ্ণতাৰ কাৰণ হিচাপে উপস্থাপন কৰিছে।

বিষণ্ণতাৰ লক্ষণ :

আমি আগতেই উল্লেখ কৰিছো যে এই ৰোগত যিকোনো বয়সৰ লোক আক্ৰান্ত হ’ব পাৰে। শিশু বা বৃদ্ধৰ ক্ষেত্ৰত যদিও ইয়াৰ লক্ষণসমূহৰ পাৰ্থক্য আছে তথাপি ইয়াৰ লক্ষণ এনেধৰণৰ-

-  মনটো অনবৰত বা দিনটোৰ বেছিভাগ সময় বেয়া লাগি থকা।

-   মনটোত সফুৰ্তি নলগা।

-   টোপনিত ব্যাঘাত, টোপনি কম হোৱা বা বেছি হোৱা। সাধাৰণতে শেষ ৰাতি টোপনি ভাঙি যায়, বিভিন্ন চিন্তাই মনটো জুমুৰি ধৰে। সঘনাই বেয়া সপোন দেখে।

-  চকুত পৰাকৈ দেহৰ ওজন হ্ৰাস অথবা বৃদ্ধি পোৱা।

-   কাম কৰিবলৈ মন নোযোৱা, মনোযোগহীনতা, বেছি ভাগৰ লগা, কথা পাহৰা। সিদ্ধান্ত লোৱাত অসুবিধা।

-  অকলশৰীয়া অনুভৱ, আত্মবিশ্বাসৰ অভাৱ, অনাহকত নিজক দোষী দোষী লগা।

-  ভৱিষ্যৎ সম্পৰ্কে আশাহীন, ঋণাত্মক মনোভাব।

-  অনাহকত কান্দিবৰ মন যোৱা বা চকুলো টোকা।

-  বন্ধু-বান্ধৱ, পৰিয়াল, মনোৰঞ্জক উপাদান(খেল-ধেমালি, টিভি, গান-বাজনা)সমূহৰ পৰা আঁতৰি থকা।

-   সঘনে পৰিৱৰ্তন হৈ থকা বিভিন্ন শাৰীৰিক উপসৰ্গ যেনে- গাৰ বিষ, পেট ফুলা, যৌন ইচ্ছাৰ পৰিৱৰ্তন, ধপধপনি, মাংসপেশী টনাটনি কৰা, শৰীৰ জ্বলা-পোৰা কৰা, বুকুৰ ধপধপনি, মুখ শুকাই যোৱা, কোষ্ঠকাঠিন্য ইত্যাদি। ৰোগীয়ে নিজৰ কিবা মাৰাত্মক অসুখ হোৱা বুলি ভাবিব পাৰি।

-  নিজকে শেষ কৰি দিয়াৰ ইচ্ছা আত্মহত্যাৰ দৰে ভয়ংকৰ পন্থা গ্ৰহণ কৰা।

-  শিশুৰ ক্ষেত্ৰত খিংখিঙীয়া হোৱা, অনবৰত মাক-দেউতাকৰ ওচৰত থকা, সঘনাই স্কুল খতি কৰা, পঢ়াৰ প্ৰতি ধাউতি কমা, ৰাগিয়াল বস্তুৰ প্ৰতি আসক্তি আদি বিষণ্ণতাৰ লক্ষণ হ’ব পাৰে।

ওপৰৰ আলোচনাৰপৰা দেখা যায় যে বিষণ্ণতাই উৎপাদনশীল বয়সৰ ব্যক্তিক বেছিকৈ আক্ৰমণ কৰে, যাৰ কাৰণে পৰিয়ালৰ উপাৰ্জন কমি যায়- ইয়ে দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলায়। আত্মহত্যা কৰা ব্যক্তিৰ ৯০ শতাংশই হতাশাগ্ৰস্ত ব্যক্তি। আমেৰিকা যুক্তৰাজ্যৰ সমীক্ষা মতে ১৫-২৯ বছৰ বয়সৰ ব্যক্তিৰ মৃত্যুৰ কাৰণৰ ভিতৰত দুৰ্ঘটনা আৰু হত্যাৰ পিছতে আত্মহত্যাৰ স্থান তৃতীয়। মধুমেহ, উচ্চ ৰক্তচাপ, হৃদপিণ্ডৰ বিভিন্ন ৰোগ, তেজত চৰ্বি বৃদ্ধি, ৰক্তনলিকাত চৰ্বি জমা হোৱা, শ্বাস(Asthma)ৰোগ ইত্যাদি বিভিন্ন দৈহিক ৰোগৰ বিষণ্ণতাৰ কাৰণে বহুল পৰিমাণে বাঢ়ি গৈছে।

চিকিৎসা :

সময়মতে চিকিৎসা কৰালে এই ৰোগৰ উপশম ঘটে। ওপৰোক্ত লক্ষণসমূহ একে সময়তে ফুটি নোলাবও পাৰে। দুটা-এট লক্ষণ দেখা দিলেই মনোৰোগ বিশেষজ্ঞৰ কাষ চাপিব লাগে। বিষণ্ণতাত ভোগা ৰোগী সাধাৰণতে নিজে চিকিৎসকৰ ওচৰলৈ আহিব নিবিচাৰে-কাৰণ সৰ্বব্যাপি বিস্তৃত ঋণাত্মক দৃষ্টিভংগী। সেয়েহে প্ৰথম অৱস্থাত পৰিয়ালৰ লোক অথবা বন্ধু-বান্ধৱৰ সহায়ত প্ৰয়োজন হয়। এই ৰোগৰ চিকিৎসা দীঘলীয়া যদিও বেছি খৰচী নহয়, কাৰণ কমসংখ্যক দৰৱ প্ৰয়োগ কৰি এই ৰোগৰ উপশম ঘটাব পাৰি। সাধাৰণতে খুব বেছি পৰীক্ষা-নিৰীক্ষাৰো প্ৰয়োজন নহয়। ধৈৰ্য ধৰি চিকিৎসা গ্ৰহণ কৰিলে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

লেখক:ডা: নিপুল মহন্ত

পূৰ্বপ্ৰকাশঃ বিকাশপেডিয়া

English Summary: Depression
Published on: 21 February 2019, 04:27 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now