Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 January, 2021 6:54 PM IST

তিয়ঁহৰ বৈজ্ঞানিক নাম কিউকিউমিছ ছটিভাছ। ই লাও প্রজাতিৰে এবিধ উদ্ভিদ। দীঘলীয়াকৈ ফল হােৱা ই এবিধ আঙুৰ ধৰণৰ ফল যাক পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। তিয়ঁহৰ মূলত তিনিটা প্ৰকাৰৰ থাকে, যেনে চকলিয়াই খােৱা (ছাইচিং), আচাৰ কৰি খােৱা (পিলিং) আৰু বাৰছে। এই তিনি প্রকাৰৰ যদিও তিয়ঁহৰ আৰু আন বহুতাে ধৰণৰ খেতিও বিকশিত কৰা হৈছে। ই মূলত দক্ষিণ এছিয়াত উৎপন্ন হােৱা খাদ্যবস্তু। কিন্তু বর্তমান পৃথিৱীৰ প্রায় আটাইবােৰ মহাদেশতে তিয়ঁহৰ খেতি কৰা হয় আৰু বজাৰত বিভিন্ন প্রজাতিৰ তিয়ঁহৰ ব্যৱসায় কৰা দেখিবলৈ পােৱা যায়।

জাত(Varieties)

চাইনীজ গ্রীন, পুচা সংযােগ, পইনছেটী এ এ ইউ চি-১, ২, ৩ আৰু ৪ নম্বৰ। তদুপৰি থলুৱা আৰু হাইব্রীড জাতৰ সঁচবােৰ কৃষকৰ মাজত জনপ্রিয়।

বীজৰ পৰিমাণ

প্রতি বিঘাত - ৩০০ গ্রাম।

ৰােপণ দূৰত্ব

দুটা শাৰীৰ মাজত ১.৫ মিটাৰ। দুজোপা শস্যৰ মাজত - ১.২ মিটাৰ।

বীজ সিঁচাৰ সময়

বসন্ত কালত অর্থাৎ মার্চ-এপ্রিল মাহত চপাব পৰা তিয়ঁহৰ বাবে নবেম্বৰ মাহত বীজ সিচিব লাগে আৰু সাধাৰণতে এই খেতি মাটিতে খেৰ নাইবা নৰা পাৰি কৰা হয়। বাৰিষা কালৰ বাবে অর্থাৎ জুন-জুলাই মাহত চপাব পৰা তিয়ঁহৰ বাবে মার্চ-এপ্রিল মাহত বীজ সিচিব লাগে।

সাৰ প্রয়ােগ:

প্রতিবিঘাৰ বাবে পচন সাৰ ১৫-২০ কুইন্টল, ইউৰিয়া কিলােগ্রাম, একক ছুপাৰ ফচফেট-৩৬ কিলােগ্রাম আৰু মিউটে অৱ পটাছ - ১৬ কিলােগ্রাম। ইউৰিয়া সাৰৰ আধা, সমুদায় ছুপাৰ, পটাছ পুলি ৰােৱাৰ আগেয়ে মাটিত প্ৰয়ােগ কৰিব লাগে। ইউৰিয়া সাৰৰ বাকী আধা পুলি গজাৰ ৩০ দিনৰ পিছত গছৰ গুৰিত প্রয়ােগ কৰিব লাগে।

জলসিঞ্চন আৰু শস্যৰ পৰিচৰ্যা :

৮-১০ দিনৰ মূৰে মূৰে তিয়হ গছত পানী দি থাকিব লাগে। গছজোপ বগাবলৈ আৰম্ভ কৰাৰ লগে লগে জেং পুতি দিব লাগে

আৰু গুৰিৰ পৰা বন-তবােৰ পৰিষ্কাৰ কৰিব লাগে।

বাকলিৰ সৈতে কেঁচা তিয়হ

প্রতি ১০০ গ্রাম (৩.৫ 0z)ত পুষ্টিকৰক দ্রব্য এনে ধৰণৰ থাকে

শক্তি              ৬৫ KJ (১৬ কেলৰি)

কার্বহাইড্রেট   ৩.৬৩ গ্রাম।

চেনি              ১.৬৭ গ্রাম।

 আহ             ০.৫ গ্রাম

চর্বি               ০.১১ গ্রাম

প্রটিন            ০.৬৫ গ্রাম

ভিটামিনসমূহ

থিয়ামিন (বি-১)         ০.০২৭ মিলিগ্রাম, (২%)

ৰিব’ফ্লেভিন (বি-২)     ০.০৩৩ মিলিগ্রাম, (৩%)

নিয়াচিন (বি-৩)          ০.০৯৮ মিলিগ্রাম, (১%)

পেন্ট'থেনিক এচিড (বি-৫)       ০.২৫৯ মিলিগ্রাম, (৫%)

ভিটামিন (বি-৬)         ০.০৪ মিলিগ্রাম, (৩%)

ফলেট (বি-৯)             ৭ ug, (২%)

ভিটামিন (চি)             ২.৮ মিলিগ্রাম, (৩%)

ভিটামিন (কে)            ১৬.৪ ug (১৬%)

ধাতুসমূহ

কেলচিয়াম       ১৬ মিলিগ্রাম, (২%)

লাে (আইৰণ)   ০.২৮ মিলিগ্রাম, (২%)

মেগনেছিয়াম   ০.০৭৯ মিলিগ্রাম, (৪%)

মেংগানিজ       ০.০৭৯ মিলিগ্রাম, (৪%)

ফছফৰাছ        ২৪ মিলিগ্রাম, (৩%)

পটেছিয়াম       ১৪৭ মিলিগ্রাম, (৩%)

ছ'ডিয়াম           ২ মিলিগ্রাম, (০%)

জিংক              ০.২ মিলিগ্রাম, (২%)

অন্যান্য দ্রব্যসমূহ

পানী        ৯৫.২৩ গ্রাম

ফুৰিড     ১.৩ ug

English Summary: cucumber ferming in assamese
Published on: 30 January 2021, 06:54 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now