Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 January, 2021 11:35 PM IST
Leafs of Papaya

অমিতা (PAPAYA) ৰ প্ৰচুৰ পৰিমানে স্বাস্থ্য উপকাৰী আৰু ৰোগ নিৰাময় ক্ষমতা থকা হেতুকে আমাৰ অতিকৈ প্রিয়। সাধাৰণতে আমি কেঁচা অমিতা পাচলি হিচাপে আৰু পকা অমিতা ফল হিচাপে খাঁও আৰু ই আমাৰ দেহৰ বাবে যথেষ্ট উপকাৰী, এই বিষয়ে আমি সকলোৱে জানো।

  কিন্তু আমি আজি অমিতা গছৰ পাতৰ উপকাৰীতাৰ বিষয়ে কম ৷ আপুনি হয়তো ভাবি আচৰিত হৈছে ই আমাৰ বাবে কেনেকৈ উপকাৰ কৰিব ৷ আমিতা গছৰ পাত ফলতকৈয়ো ১৫ গুণ বেছি স্বাস্থ্য উপকাৰী বুলি বহু চিকিৎসকে দাবী কৰিছে । 

  অমিতা গছৰ পাতত থকা সক্ৰিয় ৰাসায়নিক মিশ্ৰণ এলকালয়ড আৰু ফেনলইড সমূহৰ আছে ভাবিব নোৱাৰা স্বাস্থ্য উপকাৰী গুন। এলকালয়ড আৰু ফেনলইড সমূহে মানুহৰ দেহত এন্টী-স্পাষ্মদিক, এন্টী-ইনফ্লেমেটৰী, এনালজেছিক, এন্টী-বেক্টেৰিয়েল আৰু এন্টী-অক্সিডেন্ট হিচাপে কাম কৰিব পাৰে।

  লগতে অমিতা গছৰ পাতত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম, চডিয়াম, মেগনেছিয়াম, আইৰণ আৰু মেগনেছিয়াম আদি খনিজ লৱন থাকে, যিবোৰ দেহৰ বাবে প্রয়োজনীয়। তাৰোপৰি অমিতা গছৰ পাতত তেজৰ প্লেটলেট বৃদ্ধি কৰিব পৰা গুণ আছে যিটো ডেংগু জ্বৰ হোৱা লোকৰ বাবে অতি প্ৰয়োজন।

  এটা International letters of Natural sciences ৰ 16/03/2014 ত প্ৰকাশ কৰা তথ্য অনুসৰি অমিতা গছৰ পাতৰ কেন্সাৰ আৰু মেলেৰিয়া জ্বৰ প্ৰতিৰোধ ক্ষমতা আছে।

  অমিতা আৰু ইয়াৰ গছৰ পাতৰ সক্ৰিয় জৈৱিক মিশ্ৰণ পেপেইন , কাইম’পেপেইন(ফলত), এচর্বিক এচিড, চাইনজেনিক গ্লুকচাইড, চিচ্টেটিন, গ্লূকচিনলেট আদি পোৱা যায় । ইয়াৰে পেপেইন আৰু কাইম’পেপেইন এ আমি খোৱা খাদ্যৰ প্ৰটিন খিনি সহজতে হজম কৰাৰ লগতে পেটৰ বদহজম দূৰ কৰে।

  অমিতাৰ পাতত মানৱ দেহৰ ইনচুলিন হৰমন সক্রিয় কৰি ৰখাৰ ক্ষমতা আছে। সেয়ে পাতৰ ৰস সময়ে সময়ে কৰিলে ডায়েবেটিছ ৰোগৰ পৰা পৰিত্রান পাব পাৰি বুলি কোৱা হয় ।

  অমিতা পাতৰ ৰসাল এন্টী-অক্সিডেন্ট সমূহে দেহৰ অক্সিডেটিভ ষ্ট্ৰেছ দূৰ কৰিব পাৰে ।

  অমিতা পাতৰ ৰসৰ লিভাৰ সংশোধন (detoxify) কৰিব পৰা গুণো আছে। অমিতা গছৰ পাতৰ ৰস সেৱন কৰিলে জণ্ডিচ ৰোগ আৰু চিৰহচিছ লিভাৰ আৰু ফেঁটি লিভাৰৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি ।

আপুনি কেনেকৈ অমিতা গছৰ পাত খাব ?

অমিতাৰ পাতৰ পৰা ৰস উলিয়াই , পাতেৰে চাহ তৈয়াৰ কৰি অথবা পাচলি হিচাপে খাব পাৰে ।

কেনেকৈ প্ৰস্তুত কৰিব অমিতা পাতৰ ৰস :-

  কেইটামান অমিতা গছৰ পাত ভালকৈ পৰিস্কাৰ কৰি ধুই সৰু টুকুৰাকৈ কাটি মিক্সিত পিহি লব। তাৰ পিছত মিশ্ৰণটো একাপ পানীত ৫ মিনিট ডুবাই লৈ চেকি লব। আৰু এই ৰস খিনি এটি ঢাকনি থকা পাত্ৰত ভৰাই লৈ ফ্ৰীজত চাৰি পাছ দিনলৈ ৰাখি আপুনি খাই থাকিব পাৰে।

  খোৱাৰ পৰিমাণ :- খাদ্য খোৱাৰ পিছত দুচামুচ কৈ প্ৰতিদিনে খাব পাৰে । কিন্তু দুচামুচ অত কৈ বেছিকৈ নাখাব কিয়নো অমিতা পাতৰ ৰস খোৱাদত খুব তিতা। আৰু একেৰাহে ৬-৭ দিনৰ বাবেহে খাব , বেছি দিন একেৰাহে নাখাব এনে কৰিলে আপোনাৰ উপকাৰৰ পৰিৱর্তে অপকাৰহে হব ৷

    নাইবা আপুনি অমিতা পাতৰ চাহ বনাইও খাব পাৰে। ইযাৰ বাবে প্রথমতে পাঁচটা অমিতা পাত ধুই লওঁক আৰু টুকুৰাকৈ কাটি এক নির্দিষ্ট পৰিমানৰ পানীত উতলাব। পানী উতলি যেতিয়া বাষ্পীভূত হব আৰু পানীৰ পৰিমান কমি যাব তেতিয়া ঠাণ্ডা হবলৈ দি চেকি লব ৷ পিছত আপুনি যেনেদৰে সাধাৰণ চাহপাতৰ চাহ বনাই তেনেদৰে সেইসমূহ চাহপাত হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷

    খোৱাৰ পৰিমাণ :- একাপ কৈ দিনত দুবাৰ ৫ দিনৰ বাবে।

English Summary: Benefits of papay leafs know all about it here
Published on: 04 January 2021, 11:29 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now