1. স্বাস্হ্য আৰু জীৱন

Green Coriander Benefits: ধনিয়া পাতৰ লাভলাভ সম্পৰ্কে জানো আহক

KJ Staff
KJ Staff
Benefits Of Coriander Leaf
Benefits Of Coriander Leaf

ধনিয়া নিশ্চিতভাৱে প্ৰতিটো ভাৰতীয় পাকঘৰত বহুলভাৱে প্ৰচলিত । ধনিয়াৰ পাত আৰু পাউদাৰ প্ৰায় প্ৰতিদিনে পাকঘৰত ব্যৱহাৰ কৰা হয় । ধনিয়াই কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰে এনে নহয় ই স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী । গতিকে আজি ধনিয়াৰ লাভলাভৰ বিষয়ে কিছু কথা জানো আহক...

ধনিয়াই দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে । কাৰণ ধনিয়া ভিটামিন এ সমৃদ্ধ । ইয়াক নিয়মীয়াকৈ আহাৰত অন্তৰ্ভুক্ত কৰিলে  দৃষ্টিশক্তি উন্নত হয় লগতে চকুৰ বিষৰ সমস্যাও উপশম হয়।

শৰীৰক পুষ্টি প্ৰদান কৰে ( Provide Nourishment to the body)

ধনিয়াই শৰীৰক পুষ্টি প্ৰদান কৰাত এক বিশেষ ভূমিকা পালন কৰে । দৰাচলতে সেউজীয়া ধনিয়া পাতত বহুতো পুষ্টি থাকে যেনে মেগনেছিয়াম, কেলচিয়াম, ভিটামিন এ, ভিটামিন চি আৰু পটাছিয়াম যি স্বাস্থ্যৰ বাবে অতি উপকাৰী।

ধনিয়া পাত খোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়  । সেউজীয়া ধনিয়াত থকা ভিটামিন চি-য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত এক ভূমিকা পালন কৰে যি আপোনাক যিকোনো ধৰণৰ ভাইৰাছৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।

হজম উন্নত কৰে (Improves Digestion)

ধনিয়াই হজম উন্নত কৰাত ভাল ভূমিকা পালন কৰে । ইয়াক দৈনিক আহাৰত অন্তৰ্ভুক্ত কৰিলে পাচন তন্ত্ৰত সঠিকভাৱে কাম কৰে আৰু গেছ, কোষ্ঠকাঠিন্য আৰু বদহজমৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে।

লগতে পঢ়কঃ জানো আহক শীতাকালত অমিতা (Papaya) খোৱাৰ উপকাৰিতা

English Summary: Benefits of Green Coriander

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.