1. স্বাস্হ্য আৰু জীৱন

৬ বিধ আশ্চৰ্যকৰ খাদ্যৰ সৈতে বৃদ্ধি কৰক আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা

KJ Staff
KJ Staff
এই ৬ বিধ খাদ্য খাই বৃদ্ধি কৰক আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা
এই ৬ বিধ খাদ্য খাই বৃদ্ধি কৰক আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা

যেতিয়া মহামাৰীৰ কথা আহে তেতিয়া  প্ৰতিকাৰতকৈ প্ৰতিৰোধ সদায়ে ভাল হয় । আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত আহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ঘৰত ৰন্ধা খাদ্য, আঁহ সমৃদ্ধ খাদ্য, ভিটামিন চি আৰু মাইক্ৰ'নিউট্ৰিয়েণ্ট যেনে সেউজীয়া শাক-পাচলি আৰু ফল এই সকলোবোৰে আমাৰ স্বাস্থ্য উন্নত কৰাত অৰিহণা যোগায়।

শক্তিশালী ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে ওমাইক্ৰন স্ট্ৰেইনৰ সৈতে যুঁজ দিয়াত সহায় কৰিব পাৰে । ভাইৰাছ সংক্ৰমিত কোষবোৰ হত্যা আৰু সুৰক্ষা দিয়াত আমাৰ ৰোগ প্ৰতিৰোধ কোষবোৰেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

এই খাদ্যবোৰ আহাৰত ৰাখিব লাগিব

  • ঘিউ: ঘিউ সহজে হজম হয় আৰু শৰীৰত তাপ উৎপন্ন কৰে, আপোনাক গৰম ৰাখে । ইয়াক আপোনাৰ দৈনিক আহাৰৰ সৈতে ৰাখিব ।

  • আমলা: আমলা হৈছে এক ঋতুগত ফল য'ত অধিক ভিটামিন চি থাকে আৰু ই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে । ই আপোনাক সকলো ৰোগৰ পৰা সুৰক্ষিত কৰে । নিয়মীয়াকৈ কেঁচা আমলখি বা আমলখিৰ ৰস খোৱাৰ অভ্যাস কৰক।

  • বাজৰা: বাজৰা আঁহেৰে পৰিপূৰ্ণ আৰু ইয়াৰ গ্লাইচেমিক সূচক কম, ই ডায়েবেটিচ ৰোগীসকলৰ বাবে এক উৎকৃষ্ট খাদ্য । ই কেৱল আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি নকৰে কিন্তু ওজন হ্ৰাস কৰাতো সহায় কৰে । ৰাগি, বাজৰা আৰু জোৱাৰ তন্তুৰে সমৃদ্ধ আৰু আপোনাৰ পাচন তন্ত্ৰ আৰু ৰক্ত সঞ্চালনৰ বাবে স্বাস্থ্যকৰ ।

  • আদা: ইয়াৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণে ডিঙিৰ বিষৰ চিকিৎসাত সহায় কৰে । ই বীজাণু, বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে উচ্চ স্তৰৰ কাৰ্যকৰীতাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই । ইয়াক প্ৰতিদিনে আপোনাৰ চাহত যোগ দিয়ক । ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী ৰখাত সহায় কৰিব ।

  • হালধি: ই এক শক্তিশালী এণ্টিঅক্সিডেণ্ট আৰু ইয়াক আপোনাৰ দৈনিক আহাৰত অন্তৰ্ভুক্ত কৰিলে আপোনাক কাহৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব । ১ চামুচ হালধি  এগিলাচ গৰম পানীত মিহলি কৰক আৰু সদায় ৰাতিপুৱা খালী পেটত খাওক।

  • মৌ:এণ্টি অক্সিডেণ্টসমৃদ্ধ আৰু হজম আৰু অন্ত্ৰৰ স্বাস্থ্যৰ বাবে ভাল, ই ডিঙিৰ বিষৰ বাবেও কাৰ্যকৰী ।

লগতে পঢ়কঃ Green Coriander Benefits: ধনিয়া পাতৰ লাভলাভ সম্পৰ্কে জানো আহক

English Summary: how to boost your Immunity

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.