1. উদ্য়ানশস্য়

লাভ উপাৰ্জনৰ বাবে নাৰ্জী ফুলৰ খেতি কেনেদৰে কৰিব ?

KJ Staff
KJ Staff

অসমৰ জলবায়ুত কৰিব পৰা ফুলৰ খেতিৰ ভিতৰত নাৰ্জী ফুল অন্যতম । নাৰ্জী ফুলৰ অবিহনে আমাৰা বাগিচাত এক আধৰুৱা যেন অনুভৱ হয় । অসমীয়া সমাজৰ পৰম্পৰাগত অনুষ্ঠান সমূহতো নাৰ্জী ফুলৰ বহুল ব্যৱহাৰ পৰিলক্ষিত হয় ।

এই ফুলৰ সুন্দৰতাৰ উপৰি যথেষ্ট ঔষধি গুণো আছে । এই ফুলৰ খেতি সাধাৰণতে শীতকালত কৰা হয় যদিও গোটেই বছৰ অৰ্থাৎ ১২ মাহেই বজাৰত ইয়াৰ চাহিদা দেখিবলৈ পোৱা যায় ।

নাৰ্জী ফুলৰ খেতি কেনেদৰে কৰিব লাগেঃ

সাধাৰণতে নাৰ্জী ফুলৰ বীজ সিঁচাৰ সময় আগষ্ট-ছেপ্টেম্বৰ মাহ । পুলিবাৰীত পুলিবোৰ যেতিয়া ৫-৭ ছেঃ মিঃ (২-৩ ইঞ্চি) ওখ হ’ব তেতিয়া পুলিবোৰ বাগিচাৰ ভেটিত শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে ।

ফ্ৰেন্স নাৰ্জী (চাপৰ জাত) ফুল ১৫ ছেঃ মিঃৰ পৰা ৩০ ছেঃ মিঃ (৬-১২ ইঞ্চি) ব্যৱধানত আৰু ওখ জাতৰ নাৰ্জী (আফ্ৰিকান নাৰ্জী) ৬০ ছেঃ মিঃ (দুই ফুট) ব্যৱধানত ৰোপণ কৰিব লাগে ।

নাৰ্জী ফুলৰ বাবে গোবৰ বা পচন সাৰেই যথে ষ্ট। পুলি ৰোপণ কৰাৰ আগতে মাটিত যথেষ্ট পৰিমাণে গোবৰ সাৰ প্ৰয়োগ কৰি ল’ব লাগে ।

ব্যৱসায়িক ভিত্তিত নাৰ্জী ফুলৰ খেতি কৰিলে বিঘাই প্ৰতি ২৮ কিলোগ্ৰাম ইউৰিয়া, ৮৩ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ২২ কিলোগ্ৰাম মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰি অধিক লাভৱান হ’ব পাৰি ।

ইউৰিয়াৰ আধা ভাগ, সম্পূৰ্ণভাগ একক ছুপাৰ ফছফেট আৰু পটাছ সাৰ মাটি প্ৰস্তুতকৰণৰ সময়ত আৰু বাকী আধাভাগ ইউৰিয়া (১৪ কেজি) পুলি ৰোৱাৰ এমাহ পাছত প্ৰয়োগ কৰিব লাগে ।

অথবা বিঘাই প্ৰতি ১৭ কিলোগ্ৰাম ইউৰিয়া, ২৮ কিলোগ্ৰাম ডি.এ.পি আৰু ২২ কিলোগ্ৰাম মিউৰেট অব পটাছ প্ৰয়োগ কৰিব লাগে ।

নাৰ্জী ফুলৰ পুলিবোৰ ২০-২৫ ছেঃ মিঃ ওখ হ’লে বা গছত ফুল ফুলিবলৈ ধৰাৰ আগতে বাঁহৰ খুঁটি পুতি গছবোৰ বান্ধি দিব লাগে । গছৰ গুৰিৰ পৰা অন্য বননি আঁতৰাই নিয়মীয়াকৈ পানীৰ যোগান ধৰিব লাগে ।

গছত ফুল ফুলাৰ সময়ত বা তাৰ পাছত বৰষুণ আহিলে পানী ওলাই যাব পৰাকৈ বাগিচাখনত সৰু সৰু নলাৰ ব্যৱস্থা কৰিব লাগে । ফুলবোৰ দীৰ্ঘদিনলৈ সতেজ কৰি ৰাখিবলৈ হ’লে পুৱা বা গধূলি সময়ত ফুলবোৰ ছিঙিব লাগে ।

ফুল চপোৱাৰ এদিনৰ আগতে বাগিচাত পানী যোগান ধৰিলে ফুলবোৰ বহুদিনলৈ সতেজ হৈ থাকে। ফুলৰ উৎপাদন বঢ়াবলৈ নিয়মিতভাৱে ফুল ছিঙিব লাগে । ছিঙা ফুলবোৰ বাঁহৰ টুকুৰী বা মৰাপাটৰ বেগত ভৰাই বজাৰলৈ যোগান ধৰা হয় ।

লগতে পঢ়কঃ ব্যৱসায়িক ভিত্তিত কেনেদৰে কৰিব বতা চৰাই পালন ?

English Summary: marigold flower farming process

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.