Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 January, 2021 5:00 PM IST
Beauty Treatment At Home

প্ৰধানতঃ পাকঘৰৰ কামতে ব্যস্ত থকা আমাৰ একাংশ গৃহিণীয়ে সৌন্দৰ্য চৰ্চা কৰিবলৈ আহৰি নাপায়। পৰিয়ালৰ ইটো-সিটো জঞ্জাল তথা আল-পৈচান ধৰোতেই দিনটোৰ অন্ত পৰে। সেইসকল মহিলাৰ বাবে ব্যস্ততাৰ মাজতে কৰিব পৰা সৌন্দৰ্য চৰ্চাৰ কিছু আভাস এই লেখাত দিবলৈ প্ৰয়াস কৰা হৈছে। মুখমণ্ডলত দেখা দিয়া বয়সৰ চাপ, বিভিন্ন দাগ আদিয়ে আপোনাৰ বাৰু মানসিকভাৱে হতাশাগ্ৰস্ত কৰি তুলিছে নেকি? অথবা ঋতুৰ প্ৰভাৱৰ বাবে মুখমণ্ডল তথা শৰীৰৰ বিভিন্ন অংশ শোতোৰা-শোতোৰ হৈ পৰিছে নেকি? চিন্তা নকৰিব, আপোনাৰ এই সমস্যাৰ পৰা মুক্তিৰ বাবে ঘৰতে কৰিব পৰা বহু পৰিচৰ্যা আছে। মাথোঁ অজ্ঞতাৰ বাবে বহুতেই এইসমূহ নকৰে। এই সংখ্যাত ঘৰতে আমাৰ মুখমণ্ডলৰ পৰিচৰ্যা কৰিব পৰা কেতবোৰ উপাদানৰ বিষয়ে অৱগত কৰা হৈছে।

পদিনাৰ পেক:

পদিনা অধিকাংশ মানুহৰে বাৰীত থাকে। এই পদিনা ভালদৰে পিহি লৈ প্ৰথমতে পেষ্ট বনাই ল’ব। প্ৰায় পোন্ধৰ মিনিট এই পেষ্ট মুখত লগাই থ’ব, তাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ধুই দিব। এই পেকে মুখমণ্ডলৰ অতিৰিক্ত শুকান ভাব শুহি লয়।

তিয়ঁহৰ পেক:

তিয়ঁহৰ ৰস নাইবা তিয়ঁহ পিহি মুখত লগাব লাগে। তিয়ঁহৰ এই পেকে প্ৰাকৃতিক এষ্টিনজেন্টৰ কাম কৰে। যাৰ ফলত মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি পায়।

দৈৰ পেক:

প্ৰয়োজন অনুসৰি বেচন লৈ তাৰ লগত দুগুণ মাত্ৰাত দৈ আৰু কেইটোপালমান নেমুৰ ৰস মিহলাই মুখত লগাব। এই পেক লগালে মুখমণ্ডলত আপুনি শীতলতাৰ আমেজ অনুভৱ কৰিব। এই পেক সাধাৰণতে সকলো প্ৰকাৰৰ ছালৰ বাবেই উপকাৰী।

স্বাভাৱিক ছালৰ বাবে পেক:

সামগ্ৰী:

অমিতা পিহা আৰু চন্দন পাউডাৰ।

কেনেকৈ প্ৰস্তুত কৰিব:

অমিতা পিহা আৰু চন্দন পাউডাৰ একেলগ কৰি প্ৰথমে ভালদৰে মিহলাই লৈ সেই পেক মুখত প্ৰায় বিশ মিনিট সময় লগাই থ’ব। এই পেকে মুখত মৃত ছাল আঁতৰাই মুখখন পৰিষ্কাৰ কৰাৰ লগতে ই ছাললৈ উজ্জ্বলতা আনিব।

তৈলাক্ত ছালৰ বাবে পেক:

কমলাৰ ৰস মুখ আৰু ডিঙিত লগাই প্ৰায় দহ মিনিট সময় মালিচ কৰক। এই ক্ৰসে মুখমণ্ডলৰ অতিৰিক্ত তেল শুকুৱাই দি নোমছিদ্ৰৰ গুৰি বন্ধ কৰি দিয়ে আৰু ছালৰ উজ্জ্বলতা ঘূৰাই অনাত সহায় কৰে।

শুকান আৰু বয়সস্থ ছালৰ উপযোগী পেক:

এই পেক কেৱল শুকান ছালৰ বাবেই নহয়, ই মুখত পৰা দাগ, বলিৰেখা আঁতৰোৱাতো বিশেষভাৱে সহায় কৰে।

সামগ্ৰী:

আধা চামুচ অশ্বগন্ধা, আধা চামুচ যষ্টিমধু, এক চামুচ কেঁচা গাখীৰ, আধা চামুচ গোলাপজন, আধা চাহ চামুচ গুড়ি কৰা বাদাম, কেইটোপালমান তিলতেল।

প্ৰস্তুত কৰাৰ নিয়ম:

বাদামৰ পেষ্ট বনাই তাৰ লগত অশ্বগন্ধা, যষ্টিমধু, তিলতেল, কেঁচা গাখীৰ মিলাই মুখত লগাব। এই পেকে ছালখন টান কৰাত সহায় কৰে।

শালমইনা আৰু ব্ৰণ নিৰ্মূলৰ বাবে উপযোগী পেক:

সামগ্ৰী:

চাহ চামুচেৰে এক চামুচ ত্ৰিফলা, চাহ চামুচেৰে এক চামুচ চন্দন পাউডাৰ, চাহ চামুচেৰে এক চামুচ নিম পাউডাৰ, চাহ চামুচেৰে এক চামুচ মঞ্জিষ্ঠা।

প্ৰস্তুতৰ নিয়ম:

গোটেইখিনি হাৰবেল পাউডাৰৰ লগত গোলাপজল মিহলাই মুখত লগাব লাগে। যিসকলৰ ছাল তৈলাক্ত হোৱাৰ উপৰি ব্ৰণ আৰু শালমইনাৰ দ্বাৰা প্ৰভাৱিত সেই ছালৰ বাবে এই পেক অতি উপযোগী। কিয়নো এই পেক ব্যৱহাৰৰ পাছত শালমইনাবিলাক শুকাই যায় আৰু পুনৰ সৃষ্টিত বাধা জন্মায়।

লেখক: টুনমণি মহন্ত(ৰাইজৰ বাতৰি)

English Summary: Beauty treatment at home
Published on: 04 June 2019, 04:28 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now