Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 May, 2022 11:51 AM IST
Asthma Disease

এজমা হ’ল হাওঁফাওত হোৱা এক জীৰ্ণ (Chronic) ৰোগ য’ত  উশাহ-নিশাহ লোৱাত কষ্ট হয়। কাৰণ উশাহৰ সৰু সৰু বাটবোৰ (Bronchiole) সংকুচিত হৈ সৰু হৈ পৰে। এই ৰোগ হলে বুকুত শব্দ হয় আৰু লাগি ধৰে। ৰোগীয়ে টোপনি মাৰিব নোৱাৰে। গোটেই ৰাটি বহি কটাব লগা হয়। সকলো বয়সৰ লোক এজমাত আক্ৰান্ত হয় যদিও বেছিভাগেই শিশু অৱস্হাতে আক্ৰান্ত হোৱা দেখা যায়।

এজমা ৰোগৰ কাৰণঃ

  • ধোঁৱা, ধুলি-বালি, ফুল, ৰেণু, জীৱ জন্তুৰক নোম আদি ৰোগীৰ উশাহৰ লগত হাওঁফাওঁলৈ গৈ এলাৰ্জীৰ সৃষ্টি কৰাৰ ফলত।

  • চিগাৰেট সেৱনৰ ফলত।

  • চৰ্দি, পানীলগা, নিউম’নিয়া আদিৰ সংক্ৰমণৰ বাবে।

  • কিছুমান খাদ্যবস্তু যেনে মাছ, কণী, গাখীৰ ইত্যাদি সেৱনৰ ফলত।

  • অত্যাধিক ব্যয়াম।

  • বতৰৰ পৰিবৰ্তন।

  • দূষিত পৰিবেশ।

  • কিছুমান ঔষধ যেনে এছপিৰিণ, বিটা ব্লকাৰ, NASID ইত্যাদি সেৱনৰ ফলত।

  • MSG অৰ্থাৎ Mono Sodium Glutamate যুক্ত খাদ্য বস্তু যেনে-ফাষ্টফুড, প্ৰচেষ্ট ফুড (Processed Food) ইত্যাদি সেৱনৰ ফলত ।

  • মানসিক উদ্বেগ, দুশ্চিন্তা আদি।

  • উগ্ৰ গোন্ধযুক্ত পাৰফিউমৰ ব্যৱহাৰ ইত্যাদি।

এজমা ৰোগৰ লক্ষণঃ

  • উশাহ লোৱাত কষ্ট

  • বুকুখন টানি ধৰা

  • উশাহ ললে বুকুখন সোঁ সোঁ শব্দ হোৱা

  • অথ্যাধিক কাহ

  • ভাগৰ লগা

  • কথা কব নোৱাৰা ইত্যাদি

এজমা ৰোগৰ ডায়েগন’চিছঃ এজমাৰ লক্ষণসমূহৰ জৰিয়তে এজমা ৰোগ ধৰা পেলাব পাৰি যদিও তলত উল্লেখ কৰা পৰীক্ষা সমূহ কৰা হয়-

  • স্পাইৰ’মেট্ৰি

  • পিক এক্সপাইৰেটৰি ফ্ল’

  • বুকুৰ এক্সৰে

  • তেজত ইয়’ছিনফিল কাউণ্ট

  • আই জি ই টেষ্ট

এজমা ৰোগ হৈ থকা অৱস্হাত বুকুত ষ্টেথ’স্কপ দি শুনিলে উশাহৰ শব্গৰ লগত কুঁ-কুঁ শব্দ শুনা যায়।

আয়ুৰ্বেদত এজমা ৰোগৰ চিকিৎসাঃ

আয়ুৰ্বেদত এজমা ৰোগত তমক শ্বাসৰ লগত তুলনা কৰা হৈছে। আয়ুৰ্বেদৰ মতে কফ দোষৰ প্ৰকোপৰ ফলত ব্ৰংকিঅ’লবোৰ কোচ খাই যোৱাৰ ফলত এই ৰোগৰ সৃষ্টি হয়।

আয়ুৰ্বেদত এই ৰোগৰ চিকিৎসাৰ কথা উল্লেখ কৰা হৈছে অৰ্থাৎ যিবোৰ কাৰকৰ বাবে এই ৰোগৰ সৃষ্টি হয় সেই সমূহৰ পৰা আতঁৰি থাকিব লাগে। এই ৰোগ নিয়ন্তেৰণ কৰিবলৈ আয়ুৰ্বেদত বিভিন্ন ঔষধিৰ ব্যৱহাৰ কৰা হয়। সেইসমূহ হৈছে -শ্বাসকুঠাৰ ৰস, শ্বাস-কাশ চিন্তামনি ৰস, বাসাঅৱলেষ, শীতোপালদি চূৰ্ণ, তালীসাদি চূৰ্ণ, কনকাসৱ, ভাৰ্গী গুড়, শত্যাদি চূৰ্ণ, গোজিহ্বাদি ক্বাথ, অগস্ত্য ৰসায়ন, ব্ৰিচল চিৰাপ ইত্যাদি। ইয়াৰ উপৰিও শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ চ্যৱনপ্ৰাছৰ ব্যৱহাৰ কৰা উচিত।

শৰীৰৰ পৰা অতিৰিক্ত কফ উলিয়াই দিবলৈ বিভিন্ন ধৰণৰ পঞ্চকৰ্ম চিকিৎসা যেনে স্বেদন, বমন, বিৰেচন ইত্যাদিৰ প্ৰয়োগ কৰা হয়। এই প্ৰক্ৰিয়াসমূহ ৰোগীৰ প্ৰয়োজন সাপেক্ষে কৰা হয়। এজমা ৰোগীয়ে প্ৰণায়াম, যোগাসন ইত্যাদি নিতৌ কৰা উচিত।

এজমা ৰোগৰ পৰা হাত সাৰি থাকিবলৈ কেইটামান টিপছঃ

  • এজমা ৰোগীয়ে খাদ্যৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাটো অতি জৰুৰী। এই ৰোগীয়ে ঠাণ্ডা পানী, ফ্ৰীজৰ বস্তু খোৱা একেবাৰে অনুচিত। এই ৰোগ হৈ থকা অৱস্হাত গাখীৰ, কল, দৈ, পনীৰ, আইচক্ৰাম, মাছ, ঢেঁকীয়া, পালেং, কলমৌ, কোমোৰা, পূৰৈ শাক, কণী, চীজ, ভেণ্ডি, কচু, জাতিলাও, মিঠাই, হাহঁৰ মাংস আদি একেবাৰে নাখাব। এইসমূহ খালে ৰোগ বাঢ়ি যায়।

  • ৰাতি এজমাৰ প্ৰকোপ বৃদ্ধি পায় বাবে ৰাতিৰ আহাৰ ৯ বজাৰ আগতে গ্ৰহণ কৰা উচিত।

  • খোৱা পানী সদা. গৰম কৰি খাব।

  • ধোঁৱা, ধুলি-বালিৰ পৰা আতঁৰত থাকক। ধূলি বালিৰ পৰা নিজক বচাবলৈ মাস্ক পৰিধান কৰক ।

  • অতিমাত্ৰা ব্যয়াম নকৰিব।

  • বুকু আৰু ডিঙিত ঠাণ্ডা বতাহ লাগিবলৈ নিদিব।

  • Air Cooler, AC ৰ ব্যৱহাৰ অনুচিত।

লেখিকা- ডাঃ বিজিতা চুতীয়া,

জ্যেষ্ঠ গৱেষক ও চিকিৎসক (আয়ুৰ্বেদ)

ফোন-৯৭০৭২৮৪১০০

লগতে পঢ়ক-কঁকালৰ বিষ আৰু ইয়াৰ নিৰাময়, জানিবলৈ সৰ্বিশেষ পঢ়ক...

English Summary: Asthma Disease and its Ayurvedic Treatment
Published on: 14 May 2022, 11:51 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now