1. স্বাস্হ্য আৰু জীৱন

কঁকালৰ বিষ আৰু ইয়াৰ নিৰাময়, জানিবলৈ সৰ্বিশেষ পঢ়ক...

KJ Staff
KJ Staff

বৰ্তমান সময়ত প্ৰায়ভাগ লোকে ভোগা এটা সাধাৰণ সমস্যা হৈছে কঁকালৰ বিষ বা লাম্বাগ(Lumbago) । গোটেই বিশ্বৰ শতকৰা ৯০ ভাগতকৈ অধিক লোক এই সমস্যাত আক্ৰান্ত । আধুনিক জীৱনশৈলীয়ে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ভয়াবহভাৱে বৃদ্ধি কৰিছে । চিকিৎসা বিজ্ঞানৰ ভাষাত লাম্বাৰ নং ১ ৰ পৰা ৫ নং কশেৰুকাৰ বিস্তাৱিত স্থান আৰু তাৰ আশে পাশে বিভিন্ন কাৰণত হোৱা বিষকে কাঁকালৰ বিষ বুলি জনা যায় । এই বিষত ৰোগীজনে দৈনন্দিন জীৱনত চলা-ফুৰা, খোজকঢ়া বা বহাত অসুবিধাৰ সৃষ্টি হয় ফলত জীৱন্তে মৃত্যু যন্ত্ৰণা ভুগিব লগা হয় ।

কঁকালৰ বিষৰ লক্ষণঃ কঁকাল বিষৰ লক্ষণ সমূহ এনেধৰণৰ-

১) অনবৰতে বিষ অনুভৱ কৰা ।

২)কঁকালৰ পৰা দুয়ো ভৰিৰ তললৈ বিষ নামি যোৱা ।

৩)উঠা আৰু বহাত অসুবিধা হোৱা ।

৪)ৰাতি শুই থাকোঁতে বিষ বাঢ়ি যোৱা ।

৫)বহু সময় একেৰাহে থিয় হৈ বা বহি তাকিলে কঁকালত বিষ অনুভৱ কৰা ।

৬)শৰীৰৰ ওজন কমি যোৱা ।

৭)জ্বৰ উঠা ।

৮)কেতিয়াবা ভৰি জঠৰ হৈ পৰা ইত্যাদি ।

যদিহে ৰোগীৰ অনবৰতে বিষ থকাৰ লগতে ওপৰত উল্লেখিত লক্ষণসমূহৰ এবিধ বা তাতোধিক লক্ষণ দেখা দিয়ে তেন্তে সঠিকভাৱে স্বাস্থ্য পৰীক্ষা কৰি ইয়াৰ কাৰণ নিৰ্ধাৰণ কৰাটো অতি জৰুৰী ।

কঁকাল বিষৰ মুখ্য কাৰণসমূহঃ

১) ৰাজহাড়ৰ আৰ্থ্ৰাইটিছ, ৰিউমেটইউ আৰু এনকাইল'জিং স্পণ্ডিলাইটিছ ।

২) মেৰুদণ্ডত টিউমাৰ

৩)মেৰুদণ্ডত আঘাত পালে বা অত্যাধিক গধুৰ বস্ত কাঢ়িয়াওঁতে হেঁচা পৰাৰ ফলত ।

৪)চকীত বহু সময় একেৰাহে বহিৱ কাম কৰি থাকিলে ।

৫)হাড়ৰ ক্ষয় আৰু গঠনৰ পৰিৱৰ্তন হ'লে ।

৬)ডিজেনেৰেটিভ স্পণ্ডিলাইটিছ, ছায়েটিকা ।

৭) হাজহাড়ৰ দুৰ্বলতা ।

৮)ডিস্ক-প্ৰলাপছ ।

৯)কিডনীত পাথৰ ।

১০) ৰাজহাড়ৰ ইনফেকচন যেনে-ৰাজহাড় টিউবাৰকুল'ছিছ ।

১১) অত্যাধিক মানসিক চাপ ।

১২) একেৰাহে থিয় হৈ থাকিলে ।

সাধাৰণতে গাঁও অঞ্চলতকৈ চহৰ অঞ্চলত কঁকালৰ বিষত ভোগা ৰোগীৰ সংখ্যা অধিক । ইয়াৰ কাৰণ হৈছে জীৱনশৈলীৰ তথা শাৰীৰিক পৰিশ্ৰমৰ অভাৱ ।

তলত উল্লেখিত লোকসকল কঁকালৰ বিষত ভোগাৰ আশংকা অধিক, যেনে-

১) আৰামপ্ৰিয় জীৱনশৈলী ।

২) অত্যাধিক ওজন বা মেদবহুলতা ।

৩)ধূমপান সেৱন ।

৪) ৩৫ বছৰ বয়সৰ পাছত ।

আয়ুৰ্বেদত কঁকালৰ বিষঃ আয়ুৰ্বেদ শাস্ত্ৰত কঁকালৰ বিষক নিতম্ব শূল বা কাটি শূল নামেৰে জনা যায় । এই বিষত হাড় আৰু মাংসপেশী দুৰ্বল হৈ পৰে । (অস্থিধাতু ক্ষয়, মাংস ধাতু ক্ষয় )। বিশেষকৈ বাত দোষৰ প্ৰকোপৰ ফলত কঁকালৰ বিষ হয় যদিও অন্য দোষ (পিত্ত, কফ আদি ) সমূহো জড়িত হ'ব পাৰে ।

চিকিৎসাঃ আয়ুৰ্বেদ অনুসৰি  আমাৰ শৰীৰত বাত দোষৰ ভাৰসাম্য বজাই ৰখাটো এই ৰোগৰ মুখ্য চিকিৎসা । আয়ুৰ্বেদ অনুসৰি এই ৰোগৰ এবিধ প্ৰধান চিকিৎসা হৈছে কটি বস্তি । এই পদ্ধতিত ৰোগীক তলমুৱাকৈ শুবলৈ দিয়া হয় । ইয়াৰ পাছত ৰোগীৰ কঁকালত ময়দাৰ পাঁচ বা ছয় ইঞ্চিৰ এটা ঘৰ তৈয়াৰ কৰা হয় । এই ঘেৰটোৰ বিতৰত Medicated Oil ঢালি দিয়া হয় । সাধাৰণতে বাত শামক তেল যেনে-বলা তেল, দশমূল তেল, কেষ্টৰ তেল ইত্যাদি ব্যৱহাৰ কৰা হয় ।

কঁকাল বিষত ব্যৱহৃত কেইবিধমান ঔষধি দ্ৰব্যঃ

১) নহৰুঃ নহৰুৰ বিষ নিৰাময়ৰ বাবে এক উত্তম ঔষধ । কেইফুটামান নহৰু Castor বা তিল তেলত গৰম কৰি ল'ব । ঠাণ্ডা হোৱাৰ পাছত এই তেলেৰে আক্ৰান্ত ঠাইত মালিচ কৰিব ।

২) আদাঃ সমপৰিমাণৰ শুকান আদা আৰু পিপলী(long Pepper) মিলাই এচামুচকৈ গৰম পানীৰ লগত নিতৌ খাব ।

৩) হালধিঃ দুটামান ইলাচি বাঙি গৰম গাখীৰৰ লগত মিলাই ল'ব । ইয়াৰ লগত এচিকুট হালধি মিলাব । নিতৌ ৰাতি শোৱাৰ সময়ত এই মিশ্ৰণ খালে কঁকালৰ বিষ কমি যায় ।

৪) কৰ্পূৰঃ কৰ্পূৰ হৈছে এবিধ উৎকৃষ্ট ঔষধি দ্ৰব্য । কেইটুকুৰামান কৰ্পূৰ নাৰিকল তেলত ৩ৰ পৰা ৫ মিনিট উতলাই ঠাণ্ডা হোৱাৰ পাছত এটা বটলত ভৰাই ৰাখিব । এই তেলেৰে ৰাতি শোৱাৰ সময়ত মালিচ কৰিব ।

৫) অশ্বগন্ধাঃ অশ্বগন্ধাই ৰক্তবাহী নলীবোৰ প্ৰসাৰণ কৰি তেজ চলাচল হোৱাত সহায় কৰে । বিভিন্ন ধৰণৰ Autoimmune Disease যেনে- ৰিউমেটইড আৰ্থ্ৰাইছিৰ বাবে অশ্বগন্ধা অতি উপকাৰী । গৰম  গাখীৰৰ লগত এচামুচ অশ্বগন্ধা মিলাই ৰাতি শোৱাৰ সময়ত খোৱা উচিত ।

৬)ইউকেলিপটাছঃ নিলগিৰী বা ইউকেলিপটাছ আক্ৰান্ত ঠাইত মালিচ কৰিলে যথেষ্ট সুফল পায় । কেইটোপালমান ইউকেলিপটাছ গা ধোৱা পানীৰ লগত মিলাই ধুলে বিষ উপশম হয় ।

আয়ুৰ্বেদত কঁকালৰ বিষৰ  বিভিন্ন ধৰণৰ শাস্ত্ৰীয় ঔষধি ব্যৱহৃত হয় । যেনে- মহাযোগৰাজ গুগ্গুল, পুনৰ্নবা মণ্ডুৰ, কৈশোৰ গুগ্গুল, বৃহৎবাত চিন্তামণি, মহাবাতবিধ্বংল ৰস, সিংহানাদ গুগ্গুল ইত্যাদি । কিন্তু এই ঔষধিসমূহ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে গ্ৰহণ কৰা উচিত ।

কঁকালৰ বিষত আহাৰঃ কঁকালৰ বিষত ভোগা ৰোগীসকলে বিলাহী, গাজৰ, বন্ধাকবি , তিয়ঁহ, মূলা, ছালাডপাত, ফুলকবি, পালেং আৰু যথেষ্ট পৰিমামে খোৱা উচিত । মৌ-জোল, ভেদাইলতা, শেৱালি ফুল, নিমপাত, এঅমিতা আদি সুপথ্য । কোষ্ঠাবদ্ধতা আঁতৰাবলৈ সেউজীয়া শাক-পাচলি আৰু আঁহযুক্ত খাদ্য খোৱা উচিত যিয়ে কঁকালৰ বিষ হোৱাত বাধা প্ৰদান কৰে ।

চৰ্বিজাতীয় খাদ্য, দৈ , চেনি, চাহ , কফি, প্ৰক্ৰিয়াজাত খাদ্য ইত্যাদি বৰ্জন কৰিব লাগে । দৈৰ বাহিৰে দুগ্ধজাতীয় খাদ্য যথেষ্ট পৰিমাণে  খোৱা উচিত । কাৰণ এইবোৰত কেলচিয়াম আৰু ভিটামিন-ডি থাকে যিয়ে হাড় মডবুত ৰখাত সহায় কৰে ।

জীৱনশৈলীঃ  শৰীৰত যাতে অত্যাধিক মেদ সৃষ্টি নহয় তাৰ বাবে সজাগ থকা উচিত । বহোঁতে, কম্পিউটাৰত কাম কৰোঁতে বা গাড়ী চলাওঁতে ৰাজহাড় পোনকৈ ৰাখিব । বেছি আৰামদায়ক বিছনা আৰু ওখ গাৰু ত্যাগ কৰা উচিত । ধূমপান বৰ্জন কৰক । বিষ বেছি হ'লে গৰম তিল তেল , মধ্যম নাৰয়ণ তেল, মহামাছ তেল, বছ তেলেৰে কঁকাল মালিচ কৰিব পাৰে ।

ইয়াৰ উপৰিও নিয়মিত যোগ অভ্য়াস কৰি এই ৰোগৰ প্ৰতিৰোধ কৰিব পাৰি  । অভিজ্ঞ যোগ চিকিৎসকৰ পৰা পৰামৰ্শ লৈ  নিয়মিতভাৱে  পুৱা-গধূলি তলত উল্লেখিত যোগসমূহ অভ্য়াস কৰি এই ৰোগ নিয়ন্তণ কৰক ।

১)ভূজংগাসন, ২)শলভাসন, ৩)হলাসন, ৪) শৱাসন, ৫) বজ্ৰাসন, ৬) টাডাসন, ৭) ধনুৰাসন, ৮) অনুলোম-বিলোম ইত্যাদি ।

এনেদৰে আমি সঠিক খাদ্যভ্যাস আৰু জীৱনশৈলীৰে কঁকালৰ বিষ নিৰাময় কৰি স্বাস্থ্যৱান হৈ থাকিবলৈ সক্ষম হ'ব পাৰে ।

লেখক- ডাঃ বিজিতা চুতীয়া, জ্যেষ্ঠ গৱেষক ও চিকিৎসক(আয়ুৰ্বেদ)

লগতে পঢ়কঃ Goat Milk Benefits: গৰু গাখীৰৰ তুলনাত অধিক পুষ্টিকৰ ছাগলীৰ গাখীৰ

English Summary: Back Pain: Causes and Treatment

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.