দেশৰ বিদ্যুৎ সংকটৰ সন্মুখীন হোৱা অঞ্চল সমূহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে ‘প্ৰধানমন্ত্ৰী কুসুম আঁচনি’ (PM KUSUM-Pradhan Mantri Kisan Urijah Suraksha Evem Utthan Mahabhiyan) আৰম্ভ কৰিছে । কুসুম যোজনাৰ অধীনত সমগ্ৰ দেশত জলসিঞ্চনৰ বাবে ব্যৱহৃত সকলো ডিজেল/বৈদ্যুতিক পাম্প সৌৰ শক্তিৰে চলাবলৈ পৰিকল্পনা কৰা হৈছে । ২০১৮-১৯ বৰ্ষৰ বাজেটত কেন্দ্ৰীয় চৰকাৰৰ কুসুম আঁচনিখন ঘোষণা কৰা হৈছিল ।
কৃষকসকলক সৌৰ শক্তিৰ প্ৰতি উৎসাহিত কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে । কেন্দ্ৰীয় চৰকাৰৰ উচ্চাভিলাষী ‘প্ৰধানমন্ত্ৰী কুসুম আঁচনি’ ৰ পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে বহুতো ৰাজ্যত আৰম্ভ হৈছে ।
PM KUSUM আচঁনিৰ অফিচিয়েল ৱেবছাইট মুকলি কৰা হৈছে । অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে চৰকাৰে কৃষকসকলক আবেদন কৰিবলৈ অনুৰোধ জনাইছে । প্ৰধানমন্ত্ৰী কুসুম আঁচনি ২০২০-২১ৰ লক্ষ্য হৈছে কৃষকসকলৰ সকলো পানীৰ সমস্যা নিৰ্মূল কৰাৰ বাবে সমগ্ৰ দেশত প্ৰায় ২০ লাখ সৌৰ পাম্প প্ৰদান কৰা ।
প্ৰধানমন্ত্ৰী কুসুম যোজনাৰ উদ্দেশ্য কি?
ভাৰতৰ কৃষকসকলে জলসিঞ্চনৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু কম বেছি পৰিমাণে বৰষুণৰ ফলত কৃষকসকলৰ শস্য ক্ষতিগ্ৰস্ত হয় । কেন্দ্ৰীয় চৰকাৰৰ কুসুম আঁচনিৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ ভূমিত সৌৰ শক্তি সঁজুলি আৰু পাম্প ৰাখি তেওঁলোকৰ পথাৰত জলসিঞ্চন কৰিব পাৰিব । কুসুম আঁচনিৰ সহায়ত, কৃষকসকলে তেওঁলোকৰ ভূমিত সৌৰ পেনেল লগাব পাৰিব আৰু ইয়াৰ পৰা উৎপাদিত বিদ্যুৎ কৃষিৰ বাবে ব্যৱহাৰ কৰিব পাৰিব । কৃষকৰ ভূমিত উৎপাদিত বিদ্যুতৰ দ্বাৰা গাওঁসমূহত বিদ্যুৎ যোগান ধৰিব পৰা যাব ।
প্ৰধানমন্ত্ৰী কুসুম আঁচনিৰ বাবে চৰকাৰৰ প্ৰস্তুতি কি?
কুসুম আঁচনিৰ অধীনত ২০২২ চনৰ ভিতৰত দেশত বিদ্যুৎ বা ডিজেলৰ পৰিৱৰ্তে সৌৰ শক্তিৰে তিনি কোটি জলসিঞ্চন পাম্প চলোৱা হ’ব । চৰকাৰে নিৰ্ধাৰণ কৰা বাজেট অনুসৰি, কুসুম আঁচনিত মুঠ ১.৪০ লাখ কোটি টকা ব্যয় কৰা হ'ব । কুসুম যোজনাৰ মুঠ ব্যয়ৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰেল ৪৮ হাজাৰ কোটি টকাৰ বৰঙনি আগবঢ়াব আৰু একে অনুপাতত ৰাজ্য চৰকাৰে ৪৮ হাজাৰ কোটি প্ৰদান কৰিব । কুসুম আঁচনিৰ অধীনত কৃষকসকলে সৌৰ পাম্পৰ মুঠ ব্যয়ৰ মাত্ৰ ১০ শতাংশ বহন কৰিব লাগিব ।
প্ৰধানমন্ত্ৰী কুসুম যোজনাৰ বিশেষত্বঃ
- চৰকাৰে কৃষকসকলৰ মাজত ২৭.৫ লাখ সৌৰ পানীৰ পাম্প বিতৰণ কৰাৰ লক্ষ্য ৰাখিছে
- দূৰৱৰ্তী স্থানলৈ কৃষকসকলৰ জলসিঞ্চনৰ প্ৰয়োজনীয়তা তৈয়াৰ কৰিবলৈ ১৭.৫ লাখ পাম্প অফ-গ্ৰিড স্থাপন কৰা হ'ব
- কৃষকসকলে প্ৰতি একৰত বছৰি ৬০,০০০ টকা উপাৰ্জন কৰিবলৈ ডিচকমছক অফ-গ্ৰিডত উৎপাদিত অতিৰিক্ত সৌৰ শক্তি বিক্ৰী কৰিব পাৰিব
- গ্ৰীড উপলব্ধ স্হানত ১০ লাখ পাম্প স্থাপন কৰা হ'ব ।
লগতে পঢ়কঃhttps://asomiya.krishijagran.com/government-schemes/krishi-udyan-yojna-20/
Share your comments