1. Government Schemes

Krishi Udyan Yojna 2.0 অধীনত কেনেকৈ উপকৃত হ’ব কৃষক জানো আহঁক

KJ Staff
KJ Staff
krishi Udyan Yojna
krishi Udyan Yojna

 কৃষকে শস্য উৎপাদন কৰে, কিন্তু ইয়াক বিক্ৰী কৰাৰ সময়ত সমস্যাৰ সন্মুখীন হয় । কৃষকসকলে সাধাৰণতে তেওঁলোকৰ শস্য বিক্ৰী কৰিবলৈ বজাৰ অথবা মাণ্ডিলৈ যাব লগা হয় । কেতিয়াবা সঠিক সময়ত বজাৰ নাপালে শস্যৰ অপচয় হয় । এনে পৰিস্থিতিত  কৃষকসকলে ক্ষতিগ্ৰস্ত হয় । এনে সমস্যা দূৰ কৰাৰ উদ্দেশ্যে চৰকাৰে ‘Krishi Udyan Yojna’ নামৰ এখন আচঁনি আৰম্ভ কৰিছে । ‘Krishi Udyan Yojna’ প্ৰকৃততে কি হয় আহঁক আমি কিছু কথা আলোচনা কৰো ।

আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে কৃষকসকলক তেওঁলোকৰ শস্য নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ, আন্তঃৰাষ্ট্ৰীয় ঘাইপথ আৰু বিমান পথৰ সহায়ত শস্য পোনপটীয়াকৈ বজাৰলৈ লৈ যোৱা আৰু তেওঁলোকক লাভান্বিত কৰা । আঁচনিখনে কৃষি উৎপাদনৰ বাবে যান-বাহনৰ অভাৱ দূৰ কৰিছে । যদি আপুনিও এজন কৃষক, এই আঁচনিখন আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

  • এই আঁচনিখনৰ জৰিয়তে উৎপাদিত কৃষিজাত সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তত স্থানান্তৰ কৰিবলৈ বিমানবন্দৰব্যৱহাৰ কৰা হ'ব
  • এই আঁচনিৰ লাভালাভ মাছ উৎপাদন, গাখীৰ উৎপাদন, দুগ্ধজাত সামগ্ৰী, মাংসৰ দৰে ব্যৱসায়ত জড়িত কৃষকসকলৰ বাবে উপলব্ধ হ'ব।
  • কৃষকসকলে বিভিন্ন ৰাজ্যত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হ'ব
  • কৃষকসকলে তেওঁলোকৰ শস্য সময়মতে বিক্ৰী কৰিব পাৰিব
  • শস্যৰ ক্ষতি পৰিহাৰ কৰিবলৈ কৃষকসকলক বিমানৰ আধা আসনত ৰাজসাহায্য দিয়া হ'ব
krishi Udyan Yojna
krishi Udyan Yojna

Krishi Udyan Yojnaআবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰঃ

·         আধাৰ কাৰ্ড

·         ৰেচন কাৰ্ড

·         বাসস্থানৰ প্ৰমাণপত্ৰ

·         বেংক পাছ বুক

·         ভূমি দস্তাবেজ

·         উপাৰ্জনৰ প্ৰমাণপত্ৰ

·         পাছপোৰ্ট আকাৰৰ ফটো

·          ম'বাইল নম্বৰ

Krishi Udyan Yojna ৰ আবেদনৰ প্ৰক্ৰিয়া

·         প্ৰথমে অফিচিয়েল ৱেবছাইট Agriculture.gov.in লৈ যাওঁক

·         এতিয়া কৃষি যোজনাৰ বিকল্প হোম পেজত হে দেখা যাব

·         ইয়াৰ পিছত  কৃষি উড়ান যোজনাৰ আবেদন পত্ৰ খুলিব

·          প্ৰ-পত্ৰত সোধা তথ্য যেনে নাম, ঠিকনা, আধাৰ নম্বৰ, ম'বাইল নম্বৰ আৰু শস্য সম্পৰ্কীয় তথ্য সাৱধানে পূৰ কৰিব

·         প্ৰ-পত্ৰখন পূৰণ কৰাৰ পিছত submit কৰক

English Summary: Krishi Udyan Yojna 2.0

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.