1. Government Schemes

‘প্ৰধানমন্ত্ৰী কুসুম আঁচনি’ ৰ জৰিয়তে কেনেকৈ লাভান্বিত হ’ব কৃষকসকল

KJ Staff
KJ Staff
PM KUSUM SCHEME
PM KUSUM SCHEME

দেশৰ বিদ্যুৎ সংকটৰ সন্মুখীন হোৱা অঞ্চল সমূহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে ‘প্ৰধানমন্ত্ৰী কুসুম আঁচনি’ (PM KUSUM-Pradhan Mantri Kisan Urijah Suraksha Evem Utthan Mahabhiyan) আৰম্ভ কৰিছে । কুসুম যোজনাৰ অধীনত সমগ্ৰ দেশত জলসিঞ্চনৰ বাবে ব্যৱহৃত সকলো ডিজেল/বৈদ্যুতিক পাম্প সৌৰ শক্তিৰে চলাবলৈ পৰিকল্পনা কৰা হৈছে । ২০১৮-১৯ বৰ্ষৰ বাজেটত কেন্দ্ৰীয় চৰকাৰৰ কুসুম আঁচনিখন ঘোষণা কৰা হৈছিল ।

কৃষকসকলক সৌৰ শক্তিৰ প্ৰতি উৎসাহিত কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে । কেন্দ্ৰীয় চৰকাৰৰ উচ্চাভিলাষী ‘প্ৰধানমন্ত্ৰী কুসুম আঁচনি’ ৰ পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে বহুতো ৰাজ্যত আৰম্ভ হৈছে ।

PM KUSUM আচঁনিৰ অফিচিয়েল ৱেবছাইট মুকলি কৰা হৈছে । অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে চৰকাৰে কৃষকসকলক আবেদন কৰিবলৈ অনুৰোধ জনাইছে । প্ৰধানমন্ত্ৰী কুসুম আঁচনি ২০২০-২১ৰ লক্ষ্য হৈছে কৃষকসকলৰ সকলো পানীৰ সমস্যা নিৰ্মূল কৰাৰ বাবে সমগ্ৰ দেশত প্ৰায় ২০ লাখ সৌৰ পাম্প প্ৰদান কৰা ।

PM KUSUM SCHEME
PM KUSUM SCHEME

প্ৰধানমন্ত্ৰী কুসুম যোজনাৰ উদ্দেশ্য কি?

ভাৰতৰ কৃষকসকলে জলসিঞ্চনৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু কম বেছি পৰিমাণে বৰষুণৰ ফলত কৃষকসকলৰ শস্য ক্ষতিগ্ৰস্ত হয় । কেন্দ্ৰীয় চৰকাৰৰ কুসুম আঁচনিৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ ভূমিত সৌৰ শক্তি সঁজুলি আৰু পাম্প ৰাখি তেওঁলোকৰ পথাৰত জলসিঞ্চন কৰিব পাৰিব । কুসুম আঁচনিৰ সহায়ত, কৃষকসকলে তেওঁলোকৰ ভূমিত সৌৰ পেনেল লগাব পাৰিব আৰু ইয়াৰ পৰা উৎপাদিত বিদ্যুৎ কৃষিৰ বাবে ব্যৱহাৰ কৰিব পাৰিব । কৃষকৰ ভূমিত উৎপাদিত বিদ্যুতৰ দ্বাৰা গাওঁসমূহত বিদ্যুৎ যোগান ধৰিব পৰা যাব ।

প্ৰধানমন্ত্ৰী কুসুম আঁচনিৰ বাবে চৰকাৰৰ প্ৰস্তুতি কি?

কুসুম আঁচনিৰ অধীনত ২০২২ চনৰ ভিতৰত দেশত বিদ্যুৎ বা ডিজেলৰ পৰিৱৰ্তে সৌৰ শক্তিৰে তিনি কোটি জলসিঞ্চন পাম্প চলোৱা হ’ব । চৰকাৰে নিৰ্ধাৰণ কৰা বাজেট অনুসৰি, কুসুম আঁচনিত মুঠ ১.৪০ লাখ কোটি টকা ব্যয় কৰা হ'ব । কুসুম যোজনাৰ মুঠ ব্যয়ৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰেল ৪৮ হাজাৰ কোটি টকাৰ বৰঙনি আগবঢ়াব আৰু একে অনুপাতত ৰাজ্য চৰকাৰে ৪৮ হাজাৰ কোটি প্ৰদান কৰিব । কুসুম আঁচনিৰ অধীনত কৃষকসকলে সৌৰ পাম্পৰ মুঠ ব্যয়ৰ মাত্ৰ ১০ শতাংশ বহন কৰিব লাগিব ।

প্ৰধানমন্ত্ৰী কুসুম যোজনাৰ বিশেষত্বঃ

  • চৰকাৰে কৃষকসকলৰ মাজত ২৭.৫ লাখ সৌৰ পানীৰ পাম্প বিতৰণ কৰাৰ লক্ষ্য ৰাখিছে
  • দূৰৱৰ্তী স্থানলৈ কৃষকসকলৰ জলসিঞ্চনৰ প্ৰয়োজনীয়তা তৈয়াৰ কৰিবলৈ ১৭.৫ লাখ পাম্প অফ-গ্ৰিড স্থাপন কৰা হ'ব
  • কৃষকসকলে প্ৰতি একৰত বছৰি ৬০,০০০ টকা উপাৰ্জন কৰিবলৈ ডিচকমছক অফ-গ্ৰিডত উৎপাদিত অতিৰিক্ত সৌৰ শক্তি বিক্ৰী কৰিব পাৰিব
  • গ্ৰীড উপলব্ধ স্হানত ১০ লাখ পাম্প স্থাপন কৰা হ'ব ।

লগতে পঢ়কঃhttps://asomiya.krishijagran.com/government-schemes/krishi-udyan-yojna-20/

English Summary: PM KUSUM SCHEME

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.