1. Government Schemes

PM Fasal Bima Yojana: জানক অনলাইন আবেদনৰ প্ৰক্ৰিয়া

KJ Staff
KJ Staff
PM Fasal Bima Yojana
PM Fasal Bima Yojana

ভাৰতৰ অৰ্থনীতিত কৃষিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে, সেয়েহে ভাৰতক কৃষিভিত্তিক দেশ বুলি কোৱা হয় । ভাৰতত বৃহৎ পৰিমাণৰ কৃষি কৰা হয়। অৱশ্যে, কৃষি ব্যৱসায় অতি বিপদজনক, ফচল তৈয়াৰ হবলৈ বতৰ চক্ৰ, ঋতুত বৰষুণ হ'ব, জন্তুৰ পৰা শস্য ৰক্ষণাবেক্ষণ আদি বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে । কাৰণবশত কৃষকৰ উৎপাদিত শস্য ক্ষতিগ্ৰস্হ হলে কৃষকসকলৰ ওপৰত ঋণৰ বোজা বৃদ্ধি হয় । এই কথা লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PM Fasal Bima Yojana ) ৰূপায়ণ কৰিছে।

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ উদ্দেশ্য  (Purpose of for PM Fasal Bima Yojna)

  • প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ লক্ষ্য হৈছে কৃষি খণ্ডত বহনক্ষম উৎপাদনত সহায় কৰা
  • অ প্ৰত্যাশিত ঘটনাৰ ফলত উদ্ভৱ হোৱা শস্যৰ ক্ষতি/ক্ষতিত ভুগি থকা কৃষকসকলক বিত্তীয় সহায় আগবঢ়োৱা
  • উপাৰ্জন স্থিৰ কৰা যাতে কৃষকৰ কৃষিকাৰ্য অব্যাহত থকাটো নিশ্চিত হয়।
PM Fasal Bima Yojana
PM Fasal Bima Yojana

প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ আবেদন প্ৰক্ৰিয়া (Process of Application in PM Fasal Bima Yojna):

  • প্ৰধানমন্ত্ৰী ফচল বীমাৰ বাবে আবেদন কৰিবলৈ প্ৰথমে আপুনি https://pmfby.gov.in/ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব
  • তাৰ পিছত আপোনাৰ সন্মুখত এটা পৃষ্ঠা খুলিব, য'ত আপুনি কৃষক হিচাপে আবেদন কৰাৰ বিকল্প বাছনি কৰিব লাগিব
  • আবেদন প্ৰপত্ৰখন এতিয়া আপোনাৰ স্ক্ৰীণত পিডিএফ ফৰ্মেটত খুলিব যাক আপুনি ডাউনলোড কৰিব লাগিব
  • ইয়াক ডাউনলোড কৰাৰ পিছত প্ৰ-পত্ৰখনত থকা সকলো প্ৰয়োজনীয় তথ্য সাৱধানে পূৰণ কৰক
  • প্ৰপত্ৰখন পূৰণ কৰাৰ পিছত চাবমিট বুটামত ক্লিক কৰক
  • প্ৰপত্ৰখন দাখিল কৰাৰ পিছত আপুনি এটা আবেদন ক’ড পাব
  • দাবী নিষ্পত্তি প্ৰক্ৰিয়াৰ বাবে ক’ডটো চম্ভালি ৰাখিব লাগিব
  • ভেৰিফিকেচনৰ পিছত সংশ্লিষ্ট বিভাগত আপোনাৰ প্ৰ-পত্ৰ গ্ৰহণ কৰা হ'ব

প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ (Document Required for PM Fasal Bima Yojna)

  • আধাৰ কাৰ্ড
  • পেন কাৰ্ড
  • পাছপোৰ্ট আকাৰৰ ফটো
English Summary: Know how to online apply for PM Fasal Bima Yojana

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.