অসম চৰকাৰে ৰাজ্যবাসীৰ বাবে কেইবাটাও কল্যাণমূলক আঁচনি আৰম্ভ কৰিছে যাৰ ভিতৰত আছে নিবনুৱা, মহিলা, পেঞ্চনাৰ, যুৱ, কৃষক, উদ্যোগী, শ্ৰমিক আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে আঁচনি । এই আচঁনিসমূহৰ উপৰিও এইবাৰ ৰাজ্যৰ বিধবা মহিলাসকলৰ বাবে গ্ৰহণ কৰা হৈছে ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন আঁচনি নাৰ এক বিশেষ অভিলাষী আচঁনি । এই আচঁনিৰ অধীনত ৰাজ্য চৰকাৰে বিধবা মহিলা সকলক তাৎক্ষণিক পাৰিবাৰিক সহায় হিচাপে ২৫,০০০ হাজাৰ চকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব ।
স্বামীক হেৰুওৱা ৪৫ বছৰৰ তলৰ সকলো মহিলাই এই ধনৰাশি পৰিমাণ লাভ কৰিব পাৰে । উল্লেখ্য যে, ৰাজ্য চৰকাৰে ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চনৰ অধীনত মাহিলী ২৫০ টকাৰ পেঞ্চন ও প্ৰৱৰ্তন কৰিছিল । ৰাজ্যখনৰ মাতৃ আৰু ভগ্নীসকলে ৬০ বছৰ বয়স নোহোৱালৈকে এই সুবিধা লাভ কৰিব পাৰে । ইয়াৰ পিছত তেওঁলোক আমাৰ বৃদ্ধ বয়সৰ পেঞ্চনৰ অধীনলৈ আহে । এই বিধৱা পেঞ্চন আঁচনিয়ে প্ৰায় ২.৪ লাখ বিধৱাক লাভান্বিত কৰিব।
লগতে পঢ়কঃ 'Forbes Magazine ৰ তালিকাত জিলিকিল অসমৰ আদিল হুছেইন
ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন আঁচনিৰ নাম শ্ৰীমতী ইন্দিৰা মিৰিৰ নামেৰে নামাকৰণ কৰা হৈছে । তেওঁ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সিত শিক্ষাৰ প্ৰচাৰৰ বাবে পদ্মশ্ৰী বঁটা বিজয়ী আছিল । এই পৰ্যন্ত, অসম চৰকাৰে স্বামী হেৰুওৱা ১,৬৯,৯৩০ গৰাকী মহিলাক সহায় কৰিবলৈ সক্ষম হৈছে । ৰাজ্য চৰকাৰে কেৱল ২০২০-২১ বৰ্ষত মুঠ ধনৰাশি ৪০.৯৪ কোটি টকালৈ বৃদ্ধি কৰিছে ।ৰাজ্য চৰকাৰে অন্না আঁচনি, অৰুন্ধতী আঁচনি, আপোনাৰ অপোন ঘৰ আঁচনিও আৰম্ভ কৰিছে ।
কেনেদৰে আবেদন কৰিব – ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন আঁচনি
যিকোনো বিধৱাই ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেওঁ গ্ৰাম পঞ্চায়ত / ভিচিডিচি/ ভিডিচি বা খণ্ড কাৰ্যালয়ৰ ওচৰলৈ যাব পাৰে । এপ্লিকেচনটো অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইটৰ পৰা পিডিএফ ফৰ্মেটত ইয়াত লিংকটো ব্যৱহাৰ কৰি ডাউনলোড কৰিব পাৰি:- https://rural.assam.gov.in/sites/default/files/National%20Social%20Assistance%20Program.Model%20Application%20Form.pdf
Share your comments