1. Government Schemes

অসম ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন আঁচনি

KJ Staff
KJ Staff

অসম চৰকাৰে ৰাজ্যবাসীৰ বাবে কেইবাটাও কল্যাণমূলক আঁচনি আৰম্ভ কৰিছে যাৰ ভিতৰত আছে নিবনুৱা, মহিলা, পেঞ্চনাৰ, যুৱ, কৃষক, উদ্যোগী, শ্ৰমিক আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে আঁচনি । এই আচঁনিসমূহৰ উপৰিও এইবাৰ ৰাজ্যৰ বিধবা মহিলাসকলৰ বাবে গ্ৰহণ কৰা হৈছে ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন আঁচনি নাৰ এক বিশেষ অভিলাষী আচঁনি । এই আচঁনিৰ অধীনত ৰাজ্য চৰকাৰে বিধবা মহিলা সকলক তাৎক্ষণিক পাৰিবাৰিক সহায় হিচাপে ২৫,০০০ হাজাৰ চকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব ।

স্বামীক হেৰুওৱা ৪৫ বছৰৰ তলৰ সকলো মহিলাই এই ধনৰাশি পৰিমাণ লাভ কৰিব পাৰে । উল্লেখ্য যে, ৰাজ্য চৰকাৰে ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চনৰ অধীনত মাহিলী ২৫০ টকাৰ পেঞ্চন ও প্ৰৱৰ্তন কৰিছিল । ৰাজ্যখনৰ মাতৃ আৰু ভগ্নীসকলে ৬০ বছৰ বয়স নোহোৱালৈকে এই সুবিধা লাভ কৰিব পাৰে ।  ইয়াৰ পিছত তেওঁলোক আমাৰ বৃদ্ধ বয়সৰ পেঞ্চনৰ অধীনলৈ আহে । এই বিধৱা পেঞ্চন আঁচনিয়ে প্ৰায় ২.৪ লাখ বিধৱাক লাভান্বিত কৰিব।

লগতে পঢ়কঃ 'Forbes Magazine ৰ তালিকাত জিলিকিল অসমৰ আদিল হুছেইন

ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন আঁচনিৰ নাম শ্ৰীমতী ইন্দিৰা মিৰিৰ নামেৰে নামাকৰণ কৰা হৈছে । তেওঁ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সিত শিক্ষাৰ প্ৰচাৰৰ বাবে পদ্মশ্ৰী বঁটা বিজয়ী আছিল । এই পৰ্যন্ত, অসম চৰকাৰে স্বামী হেৰুওৱা ১,৬৯,৯৩০ গৰাকী মহিলাক সহায় কৰিবলৈ সক্ষম হৈছে । ৰাজ্য চৰকাৰে কেৱল ২০২০-২১ বৰ্ষত মুঠ ধনৰাশি ৪০.৯৪ কোটি টকালৈ বৃদ্ধি কৰিছে ।ৰাজ্য চৰকাৰে অন্না আঁচনি, অৰুন্ধতী আঁচনি, আপোনাৰ অপোন ঘৰ আঁচনিও আৰম্ভ কৰিছে ।

কেনেদৰে আবেদন কৰিব ইন্দিৰা মিৰি ইউনিভাৰ্চেল উইডো পেঞ্চন আঁচনি

যিকোনো বিধৱাই ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেওঁ গ্ৰাম পঞ্চায়ত / ভিচিডিচি/ ভিডিচি বা খণ্ড কাৰ্যালয়ৰ ওচৰলৈ যাব পাৰে । এপ্লিকেচনটো অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইটৰ পৰা পিডিএফ ফৰ্মেটত ইয়াত লিংকটো ব্যৱহাৰ কৰি ডাউনলোড কৰিব পাৰি:- https://rural.assam.gov.in/sites/default/files/National%20Social%20Assistance%20Program.Model%20Application%20Form.pdf

English Summary: Indira Miri widow Scheme in assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.