1. সফল কাহিনী

'Forbes Magazine ৰ তালিকাত জিলিকিল অসমৰ আদিল হুছেইন

KJ Staff
KJ Staff
Forbes Add Adil Hussain in its List of Outstanding Hindi Actor 2021
Forbes Add Adil Hussain in its List of Outstanding Hindi Actor 2021

ফৰ্বছ ইণ্ডিয়াই ২০২১ বৰ্ষৰ বাবে হিন্দী মনোৰঞ্জন উদ্যোগত উৎকৃষ্ট অভিনেতাৰ তালিকাত অসমৰ তাৰকা অভিনেতা আদিল হুছেইনক অন্তৰ্ভুক্ত কৰিছে । ফৰ্বছ ইণ্ডিয়াই   তেওঁক হিন্দী মনোৰঞ্জনত আঠজন ''অসামান্য অভিনেতা''ৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে । লক্ষণীয়ভাৱে, আদিল হুছেইন অক্ষয় কুমাৰ অভিনীত বলীউড ছবি বেল বটমৰ সৈতে শেহতীয়া কামৰ বাবে তালিকাত থাকিবলৈ সক্ষম হৈছে। ছবিখনত তেওঁ ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ চৰিত্ৰত অভিনয় কৰিছে ।

ফৰ্বছে এটা প্ৰবন্ধৰ জৰিতে উল্লেখ কৰে যে, ''তেওঁ বেল বটমত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ ভূমিকা পালন কৰিছে । তেওঁৰ চৰিত্ৰটোৱে এটা পাতল ৰেখাত খোজ কাঢ়ে আৰু হুছেইনে ইয়াক যথেষ্ট সুন্দৰতাৰে প্ৰদৰ্শন কৰে । হুছেইনক প্ৰশংসা কৰি ফৰ্বছ ইণ্ডিয়াই ইয়াৰ প্ৰবন্ধত কয় যে অ-কেন্দ্ৰীয় চৰিত্ৰবোৰৰ বাবে মনোযোগ আকৰ্ষণ কৰাটো সহজ নহয় তাত যদি আকৌ কেন্দ্ৰীয় চৰিত্ৰটো অক্ষয় কুমাৰে ৰচনা কৰে সেইটো আৰু কঠিন হৈ পৰে ।

আদিল হুছেইন এজন বিখ্যাত হলিউড/বলীউড চলচ্চিত্ৰ অভিনেতা, যি বায়োস্কোপৱালা, আয়াৰী, লাইফ অফ পাই আদি চলচ্চিত্ৰত মুখ্য চৰিত্ৰৰ বাবে জনাজাত । হুছেইনৰ উপৰিও তালিকাখনত স্থান লাভ কৰা অভিনেতাসকল হৈছে আশুতোষ ৰাণা, সুপ্ৰিয়া পাঠক, অভিষেক বেনাৰ্জী, জিমি শ্বেৰগিল, সিকন্দৰ খেৰ, মানৱ কৌল আৰু অমৃতা সুভাষ।

লগতে পঢ়কঃ NRC ৰ ওপৰত নিৰ্মাণ হ‘ল প্ৰথম খন চলচ্চিত্ৰ-‘নয়েজ অফ চাইলেন্স'

English Summary: Adil Hussain inclue in list of Forbes Magazine for Outstanding Acting

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.