Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 January, 2023 11:33 AM IST
Farmer

কৃষি খণ্ডত প্ৰতিদিনেই নতুন নতুন পৰীক্ষা-নিৰীক্ষা চলি আছে। পৰম্পৰাগত কৃষিৰ উপৰি পৰীক্ষামূলকভাৱে নতুন শস্যৰ খেতি কৰা হৈছে। এনে কিছুমান কৃষি আছে য’ত ব্যয় হ্ৰাস হয়, শ্ৰম হ্ৰাস হয়, কিন্তু লাভ অধিক হয়। বিজ্ঞান আৰু প্ৰযুক্তিয়ে কৃষিৰ কাম আগৰ তুলনাত সহজ আৰু সৰল কৰি তুলিছে। নতুন যন্ত্ৰ, নতুন ধাৰণা, নতুন কৌশলৰ সৈতে, কৃষিৰ কাম আগতকৈ অধিক অৰ্থনৈতিকভাৱে লাভজনক হৈ উঠিছে। সেয়ে কেৱল কৃষকেই নহয়, আন বহুতো বৃত্তিৰ সৈতে জড়িত লোকসকলেও খেতিৰ ক্ষেত্ৰত বিভিন্ন প্ৰচেষ্টা চলাই আছে আৰু সফলো হৈছে।

যদি আপুনি কৃষিৰ সৈতে সম্পৰ্কিত কাম কৰে আৰু আপুনি এই ক্ষেত্ৰত কোনোধৰণৰ অনন্য কাম কৰি আছে যি বাকী কৃষকসকলকো অনুপ্ৰাণিত কৰিছে, যদি আপোনাৰ ধাৰণাবোৰে কৃষি ক্ষেত্ৰত নতুন উদ্ভাৱন কৰিছে, তেন্তে সাজু হওক- কিয়নো আপোনাকো সন্মানিত কৰা হ'ব বঁটাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰম এতিয়া পৃথিৱীয়ে দেখা পাব। আপোনাৰ পৰিশ্ৰম আৰু অৱদানক এতিয়া প্ৰদান কৰা হ’ব স্বীকৃত।

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (Indian Agricultural Research Institute )এ এতিয়া এনে কৃষকসকলক পুৰস্কাৰ প্ৰদান কৰিব যিসকলে কৃষি খণ্ডত কিবা নতুন, কিবা অনন্য কাম কৰি আছে। যদি আপুনি ভাবে যে আপুনিও কৃষি ক্ষেত্ৰত কোনো অনবদ্য অৱদান আগবঢ়াইছে, তেন্তে আপুনি এই সন্মানৰ বাবে যোগ্য হ'ব। ইয়াৰ বাবে আপুনি কেৱল পুচা ইনষ্টিটিউটৰ অভিনৱ কৃষক বঁটা ২০২৩ আৰু ফেলো ফাৰ্মাৰ এৱাৰ্ডৰ বাবে আবেদন কৰিব লাগিব। পুচা ইনষ্টিটিউটে সমগ্ৰ দেশৰ পৰা ২৫ জন কৃষক বিচাৰি আছে যিয়ে কৃষি বৃত্তিত অনবদ্য কাম কৰি আছে। কেৱল খেতি কৰাই নহয়, পশুপালন, কৃষি সঁজুলি বাকৃষিৰ সৈতে জড়িত  কাৰিকৰী কামৰ সৈতে জড়িত লোকসকলকো পুৰস্কাৰ প্ৰদান কৰা হ'ব।

কৃষক বঁটাৰ বাবে কেনেকৈ কৰিব আবেদন?

আবেদন কৰাৰ প্ৰথম চৰ্তটো হ'ল আবেদনকাৰী জন ভাৰতৰ বাসিন্দা হ'ব লাগিব। আপোনাৰ কামৰ বিষয়ে সম্পূৰ্ণ তথ্য দিবলৈ আপুনি কেৱল আপোনাৰ পাছপোৰ্ট আকাৰৰ ফটো এখন প্ৰ-পত্ৰৰ লগত গাঁঠি দিব লাগিব। আপুনি কেনেদৰে কৃষি, যন্ত্ৰপাতি, পশুপালন, কুকুৰা পালনৰ সৈতে সম্পৰ্কিত কাম কৰি আছে সেই বিষয়ে বৰ্ণনা কৰিব লাগিব। কিমান লাভ হৈছে সেয়াও জনাব লাগিব। আপুনি এই বঁটা কিয় পাব লাগে তাৰ কি কাৰণ আছে সেয়া জনাব লাগিব।

আপুনি কৰি থকা কামৰ ভৱিষ্যত কি, ভৱিষ্যতে ব্যয় আৰু লাভ কি হ'ব লিখিবলৈ নাপাহৰিব। তাৰ পাছত ইয়াক পশুপালন, কৃষি বা উদ্যানপালন বিষয়াৰ দ্বাৰা প্ৰমাণিত কৰিব লাগিব আৰু ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালকলৈ প্ৰেৰণ কৰিব লাগিব। আপুনি কৃষিক্ষেত্ৰত জড়িত বৃত্তিটোৰ বিষয়ে বিষয়াজনে অলপ প্ৰশংসাসূচক মন্তব্য লিখিব লাগে। মনত ৰাখিব যে ৩১ জানুৱাৰীৰ ভিতৰত, আপুনি আপোনাৰ প্ৰ-পত্ৰ যুটীয়া সঞ্চালকলৈ প্ৰেৰণ কৰিব লাগিব। প্ৰ-পত্ৰখন প্ৰেৰণ কৰাৰ এইটো অন্তিম তাৰিখ। যদি আপুনি বিচাৰে, প্ৰ-পত্ৰখন পোষ্ট কৰাৰ পাছত ইয়াৰ প্ৰতিলিপিটো ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালকৰ (প্ৰচাৰ) ই-মেইল আইডি jd_extn@iari.res.in। লৈ স্কেন কৰি প্ৰেৰণ কৰিব পাৰে।

লগতে পঢ়কঃ অসমত মিলেট উৎপাদনৰ বাবে কৃষকক বিচক্ষণতাৰে বেংকৰ ঋণ ব্যৱহাৰ কৰিবলৈ আহ্বান নাবাৰ্ডৰ

English Summary: Apply for farmer award before 31st january
Published on: 12 January 2023, 11:33 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now