Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 May, 2022 6:06 PM IST
Pig farming

গাহৰি পালনৰ জৰিয়তে আমি অৰ্থনৈতিকভাৱে প্ৰচুৰ পৰিমাণে লাভবান হ’ব পাৰো। কাৰণ গাহৰি পালনত যিমান খৰচ কৰিব লাগে তাৰ দুগুণ পৰিমাণৰ লাভাংশ গাহৰি পালন কৰি মাংসৰ দ্বাৰাই যে লাভ কৰিব পাৰি এনে নহয়। গাহৰিৰ মল কৃষিৰ বাবে বৰ উপযোগী। তদুপৰি গাহৰিৰ নোমৰ দ্বাৰা ব্ৰাছ, নাড়ি-ভুৰুৰ পৰাও ছ’ছেজ ইত্যাদি পাব পাৰি।

এজনী মাইকী গাহৰিয়ে বছৰেকত দুবাৰ ৮-১০টাকৈ পোৱালি দিয়ে আৰু প্ৰতিপালনত যদি বিজ্ঞানসন্মতভাৱে আগবাঢ়িব পাৰে তেতিয়াহ’লে বেমাৰ-আজাৰৰ পৰাও যথেষ্ট আঁতৰত ৰাখিব পৰা যায়। গাহৰিৰ বেমাৰ আন জীৱ-জন্তুতকৈ বহুত কম। সেয়েহে আজিৰ নিবনুৱা সমস্যাৰ দিনত প্ৰতিজন শিক্ষিত লোকে পশু চিকিৎসকৰ পৰা পৰামৰ্শ লৈ গাহৰি পালনত অগ্ৰসৰ হ’লে বহু পৰিমানে নিবনুৱা সমস্যা অকল গাহৰি পালনৰ জৰিয়তে আঁতৰ কৰিব পৰা যাব। মাথো লাগিব ইচ্ছা, ধৈৰ্য আৰু দৃঢ়তা।

আমি এই আগকথাৰ জৰিয়তে মূলতঃ তলৰ কথাকেইটালৈ লক্ষ্য কৰিলে সাময়িক জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ম।

ক) গাহৰি পালন কৰিবলৈ অসমত যথেষ্ট পৰিমাণে উপযুক্ত মাটি আছে।

খ) অসমৰ জলবায়ু বিজ্ঞানসন্মতভাৱে গাহৰি প্ৰতিপালনৰ সহায়ক।

গ) প্ৰাকৃতিকভাৱে পোৱা খাদ্যও যথেষ্ট আছে।

ঘ) গাহৰিৰ বাঢ়ন ক্ষমতা বহুত বেছি।

ঙ) বেমাৰৰ প্ৰতিৰোধৰ ক্ষমতাও যথেষ্ট বেছি।

চ) এবাৰত ৮-১০ টাকৈ পোৱালি একেজনী মাকৰপৰা পাব পাৰি।

ছ) প্ৰ’টিনৰ পৰিমাণ এই মাংসত প্ৰচুৰ।

জ) প্ৰতিপালনৰ বাবে ঘৰ-দুৱাৰ বিজ্ঞানসন্মতভাৱে সাজিব লাগে যদিও থলুৱাভিত্তিত কৰিলেও হয়।

গাহৰি পালন এটা লাভজনক ব্যৱসায়:

 অসমত অতীজৰেপৰা গাহৰি পালন আমাৰ সমাজৰ জনজাতি লোকৰ মাজত আৱদ্ধ হৈ আহিছে। বৰ্তমান আমাৰ সমাজৰ বৰ্দ্ধিত জনসংখ্যালৈ চাই জীৱিকাৰ পথ যথেষ্ট নহয়। আনহাতে নিবনুৱা সমস্যা দূৰীকৰণত গাহৰি পালনে যে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে, তাৰ মূলতে হ’ল-

ক) নিচেই কম সময়ৰ ভিতৰত গাহৰি পালনৰ জৰিয়তে উৎপাদন পোৱা যায়। উন্নত জাতৰ একোজনী গাহৰিয়ে প্ৰতিবাৰতে গড়ে ৮-১০টা পোৱালি দিয়ে। বছৰত দুবাৰ পোৱালি দিয়ে। মাইকী গাহৰিবোৰ জাকৰ মাজতে থাকি ডাঙৰ হয়। কম খাই অধিক বাঢ়ে, যেনে ৩-৪ কিলোগ্ৰাম দানা খাই এক কিলোগ্ৰাম ওজন বঢ়া দেখা যায়।

খ) ইহঁতে সচৰাচৰ পেলনীয়া খাদ্য খায়েই ডাঙৰ-দীঘল হয়।

গ) গাহৰি পামৰ বাবে বেছি মূলধনৰ প্ৰয়োজন নহয়। কম সময়ৰ ভিতৰত(১-২) বছৰৰ ভিতৰতে উপাৰ্জনৰ মুখ দেখিবলৈ পোৱা যায়।

ঘ) অন্য জন্তুৰ তুলনাত গাহৰিৰ বেমাৰ-আজাৰো কম। নিয়মিতভাৱে প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰিলে সুফল পোৱা যায়।

ঙ) গাহৰি পালনৰ বাবে প্ৰয়োজনীয় ঘৰ-দুৱাৰৰ খৰচ সামান্য। বাঁহ, খেৰ আদিৰে ঘৰ সজাই গাহৰি পালন কৰিব পৰা যায়।

চ) গাহৰিৰ পৰা প্ৰস্তুত কৰা খাদ্য-বস্তু আৰু ব্যৱহাৰিক সামগ্ৰী আজিকালি জনপ্ৰিয় হৈ উঠিছে। যেনে –

নাড়ি-ভূৰৰ পৰা – ছ’ছেজ
নোমৰ পৰা – ব্ৰাছ ইত্যাদি

 আমাৰ ৰাজ্যৰ গাহৰি পালকসকল, উন্নত পদ্ধতিতে গাহৰি পালনৰ সম্যক জ্ঞানৰ অভাৱত নিজৰ পোহনীয়া গাহৰিকেইটা লেতেৰা পৰিৱেশত ৰাখি প্ৰয়োজনীয় খাদ্য যোগান দিব নোৱাৰাৰ বাবেই লাভবান হ’ব পৰা নাছিল।

গাহৰি পালনৰ দৰে এটা লাভজনক ব্যৱসায়ৰ প্ৰতি ৰাইজৰ মনোযোগ আকৰ্ষণৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে।

লগতে পঢ়ক-গাহৰি পালনৰ বাবে সৰ্বোৎকৃষ্ট প্ৰকাৰসমূহ-

English Summary: Why Pig farming is so Profitable for farmers
Published on: 18 May 2022, 05:41 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now