1. Government Schemes

Pig Farming: গাহৰি পালক সকলক ৯৫% ৰাজসাহায্য প্ৰদান কৰিব চৰকাৰে

KJ Staff
KJ Staff
Pig Farming

গাহৰি ফাৰ্মিঙৰ জৰিয়তে বৰ্তমান কৃষক সকলে লাভজনক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । ইতিমধ্যে এই ফাৰ্মিঙৰ জৰিয়তে বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে স্বাৱলম্বিতাৰ পথও বাছি লৈছে । এই পদক্ষেপ ভৱিষ্যত প্ৰজন্মৰ বাবে এক নিদৰ্শন ।

বহু যুৱক-যুৱতীয়ে ভাল দৰমহা পোৱা চাকৰি লাভ কৰাৰ পাছতো সেই চাকৰি এৰি গাহৰি পালনৰ জৰিয়তে অধিক লাভান্বিত হোৱা দেখা গৈছে । কিন্তু, যি ধৰণে ষুৱক-যুৱতী সকলে বা কৃষক সকলে গাহৰি পালনৰ প্ৰতি আকৰ্ষিত হৈছে, সেই ধৰণে তেওঁলোকক উৎসাহিত কৰিব পৰাকৈ বৰ্তমান চৰকাৰীভাৱে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

অসম তথা অন্যান্য ৰাজ্য চৰকাৰ সমূহৰ তুলনাত হিমাচল চৰকাৰে গাহৰি পালক সকলৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে । হিমাচল চৰকাৰে যুৱক-যুৱতী সকলক উপাৰ্জনৰ বিকল্প উৎস দিবলৈ Rural Backyard Pig Development আঁচনি ৰূপায়ণ কৰিছে ।

এই আঁচনিৰ জৰিয়তে গাহৰি পালক সকলক ৯৫% ৰাজসাহায্যত অধিক পোৱালী উৎপাদন কৰিব পৰা তিনিজনী উন্নত জাতৰ মাইকী গাহৰি আৰু এটা পাঠা গাহৰি যোগান ধৰিছে । উক্ত আঁচনিৰ জৰিয়তে সুবিধা লাভ কৰা হিতাধিকাৰীয়ে মাত্ৰ ৫ শতাংশ ব্যয় কৰিব লাগিব ।

এই আঁচনিৰ ৰূপায়নৰ বাবে হিমাচল চৰকাৰে কেন্দ্ৰ পৰা লাভ কৰিছে ৯০ শতাংশ অনুদান আৰু ৰাজ্য চৰকাৰ তৰফৰ পৰা ব্যয় কৰিছে ৫ শতাংশ । এই আঁচনিৰ অধীনত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ ভূমিহীন, ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলে এই সুবিধা লাভ কৰিছে ।

হিমাচল চৰকাৰৰ এজন মুখপাত্ৰই সদৰী কৰা মতে, এই আঁচনিয়ে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ কৃষক, নিবনুৱা অনুসূচীত জাতি, অনুসূচীত জনজাতি, মহিলা আৰু সাধাৰণ শ্ৰেণীৰ ব্যক্তিসকলক অগ্ৰাধিকাৰ দিছে । লগতে এই আঁচনিৰ সুবিধাৰ ৩০ শতাংশ মহিলাই লাভ কৰিব বুলি সদৰী কৰিছে চৰকাৰী সূত্ৰয় । তদুপৰি চৰকাৰী চাকৰি নথকা পৰিয়ালৰ লোকেও এই সুবিধা লাভ কৰিব ।

হিমাচল চৰকাৰে ২০২১-২২ বৰ্ষত ৩৯৭.৯৫ লাখ টকা ব্যয়েৰে ৰাজ্যখনত ১,৯৯৫ টা গাহৰি ইউনিট স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে । ইয়াৰ বাবে পৰ্যায়ক্ৰমে কাম কৰি গৈছে হিমাচল চৰকাৰে । ইয়াৰ লগতে পশুপালক সকলক উপাৰ্জনৰ বিকল্প উৎস হিচাপে গাহৰি পালন কৰিবলৈ আহ্বান জনাইছে হিমাচল চৰকাৰে ।

উল্লেখ্য যে, গাহৰি পালনৰ জৰিয়তে লাভজনক উপাৰ্জন কৰিব পাৰি, কিয়নো গাহৰিৰ মাংস প্ৰ'টিনৰ উৎস । ভাৰতবৰ্ষৰ লগতে বিদেশতো অধিক চাহিদা আছে গাহৰি মাংসৰ । গাহৰিৰ চৰ্বি, ছাল, চুলি আৰু হাড় বহু সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

লগতে পঢ়কঃ চলিত বৰ্ষত কৃষকৰ পৰা ৭৪১.৬২ লাখ টন ধান ক্ৰয় চৰকাৰৰ

English Summary: Govt is Providing 95% Subsidy for Pig Rearing under this Scheme

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.