Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 April, 2022 4:59 PM IST
কুকুৰাৰ বিভিন্ন ৰোগ

অসমৰ সেমেকা বতৰ আৰু জহৰ দিনত গৰম বাবে পেলু, কীট, ওকনি, বেক্টেৰীয়া, ভাইৰাছ, ভেঁকুৰ, প্ৰট’য’ৱা আৰু পুষ্টিহীন জনিত বিভিন্ন বেমাৰে দেখা দিবৰ বাবে আশংকা থাকে৷ গতিকে বৈজ্ঞানিক প্ৰথাত কুকুৰা পোহা খেতিয়ক হিচাবে আপোনাৰ মুলমন্ত্ৰ হব লাগে কুকুৰাৰ জাকত বেমাৰে দেখা নিদিবৰ কাৰণে সকলো প্ৰকাৰ আৱশ্যকীয় স্বাস্থ্য ৰক্ষা আৰু চাফ- চিকুণতা অৱলম্বন কৰা৷ ঠিক সময়ত আপোনাৰ কুকুৰাৰ জাকক ৰোগৰ প্ৰতিষেধক বেজী দিয়াই থাকিলে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত পালন কৰিলে কাৎচিৎহে ৰোগে দেখা দিব পাৰে৷

কুকুৰা পালক সকলৰ জ্ঞাতাৰ্থে কুকুৰাৰ বিভিন্ন বেমাৰৰ চমু পৰিচয় তলত দিয়া হ’ল-

১)ওকনি, চিকৰা আদিৰ আক্ৰমণ

কেতিয়াবা কেতিয়াবা পামৰ কুকুৰাবোৰৰ আক্ৰমণ কৰি ৰক্তহীনতা কৰি কণী উৎপাদন কমাই দিয়ে৷ এই বোৰ পৰজীৱি পামত দেখা দিলে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে৷

২) পেলু জনিত ৰোগ

কুকুৰাৰ সচৰাচৰ দুই ৰকমৰ পেলু হোৱা দেখা যায়৷ যেনে: ঘূৰণীয়া কৃমি আৰু ফিটা পেলু৷ ইয়াৰ প্ৰতিষেধক হিচাবে মাহে মাহে কৃমিৰ ঔষধ খুৱোৱাৰ ব্যৱস্থা কৰিব লাগে৷

৩)প্ৰট’য’ৱা জনিত ৰোগ

মজিয়াত প্ৰতিপালন কৰা পদ্ধতিৰ পামবোৰত কক়চিদিয়াচিচ নামৰ বেমাৰ এটা ডাঙৰ সমস্যা৷ সাধাৰণতে ৩-১৫ সপ্তাহ বয়সৰ কুকুৰাৰ এই বেমাৰ বেছিকৈ হোৱা দেখা যায়৷ আজিকালি পামত এই ৰোগ নহবৰ বাবে কুকুৰাৰ দানাত পোৱালী বয়সৰে পৰা বাঢ়নীয়া বয়সৰ ঔষধ ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন ঔষধ দিয়াৰ ব্যৱস্থা কৰা হয়৷

৪) ভেঁকুৰ জনিত ৰোগ

এচপাকগিলচিচ্ ৰোগ এইপাৰগিলাচ ফিউমিগেটাচ নামৰ এবিধ ভেঁকুৰে সৃষ্টি কৰে৷ ৩-৪ সপ্তাহ বয়সৰ কুকুৰাত ই বেছিকৈ দেখা দিয়ে৷ উপযুক্ত প্ৰতিপালনৰ সহায়ত এই বেমাৰ নোহোৱাকৈ ৰাখিব পৰা যায়৷

আফ্লাটাকচিক'চিচ্ বেমাৰ আনবিধ ভেঁকুৰে (এচ্পাৰগিলাচ ফ্লেভাচ) সৃষ্টি কৰে৷ উপযুক্ত সাৱধানতাৰে এই বেমাৰ প্ৰতিৰোধ কৰিব পৰা যায়৷

৫) অপুষ্টিজনিত ৰোগ

কুকুৰাৰ খাদ্যত সিহঁতৰ দেহৰ বাবে দৰকাৰ হোৱা ভিটামিন আৰু খনিজ পদাৰ্থ সমূহৰ অভাৱ ঘটিলে কুকুৰা জাকৰ অপুষ্টি জনিত ৰোগে দেখা দিয়ে ৷ পামত এই ধৰণৰ ৰোগ সমূহে দেখা দিলে কুকুৰাজাকৰ দানা, খোৱা পানীত এই উপাদান সমূহ দিয়াৰ ব্যৱস্থা কৰিব লাগে৷

৬) বেক্টেৰিয়াৰ জনিত ৰোগ

কুকুৰাৰ বেক্টেৰিয়া জনিত ৰোগ সমূহৰ ভিতৰত- পুলবাম, ফাউল টাইফইদ, ফাউল কলেৰা, কৰাইজা আদিয়ে প্ৰধান৷ এই ৰোগ বোৰ নহবৰ বাবে কুকুৰাৰ দানাত সদায় এন্টিবায়টিক ঔষধ মিশ্ৰণ কৰা হয়৷ মাজে মাজে কুকুৰাৰ খোৱা পানীতো এই ঔষধবোৰ ব্যৱহাৰ কৰা হয়৷

৭) ভাইৰাচজনিত ৰোগ

কুকুৰাৰ ভাইৰাচজনিত ৰোগ সমূহ অতি মাৰাত্মক আৰু ধ্বংসকাৰী ৷ ভাইৰাচে কৰা বেমাৰৰ কোনো চিকিৎসা নাথাকে বাবে কুকুৰাক এইবোৰ বেমাৰৰ বাবে আগতীয়াকৈ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ ভাইৰাচ জনিত কুকুৰাৰ বেমাৰ সমূহ যেনে : ৰাণীখেত, কুকুৰা বসন্ত, মেৰেকচ্, গাম্বোৰো আদিয়ে প্ৰধান৷পামৰ এই বেমাৰ সমূহ নহবৰ বাবে কুকুৰাজাকক উপযুক্ত সময়ত ছিটা দিয়াৰ ব্যৱস্থা বেছি উপযোগী৷

কুকুৰাৰ বয়স

ছিটাৰ নাম

বেমাৰৰ নাম

ছিটা দিয়াৰ পদ্ধতি

৫ ৰ পৰা ৭ দিন

লাচোতা এফ্ - ১

ৰাণীখেত

চকু বা নাকৰ বিন্ধাত এটোপাল

১৮ ৰ পৰা ২১ দিন

গাম্বোৰা লাইভ্

গাম্বোৰা বেমাৰ

কুকুৰাৰ খোৱা পানীত মিহলাই দিয়া হয়

 

 

 

কুকুৰাৰ বয়স

ছিটাৰ নাম

বেমাৰৰ নাম

ছিটা দিয়াৰ পদ্ধতি

এদিনীয়া

এমৰেক্ ছিটা

এমৰেক বেমাৰ

মঙহত বা ছালৰ তলত

৫ ৰ পৰা ৭ দিন

লাচোতা এফ্ - ১

ৰাণীখেত

চকু বা নাকৰ বিন্ধাত এটোপাল

১৮ ৰ পৰা ২১ দিন

গাম্বোৰা লাইভ্

গাম্বোৰা বেমাৰ

কুকুৰাৰ খোৱা পানীত মিহলাই দিয়া হয়

৩৫ ৰ পৰা ৪০ দিন

লাচোতা এফ্ - ১ (পুনৰ বাৰ)

ৰাণিখেত বেমাৰ

চকু বা নাকৰ বিন্ধাত এটোপাল

৬ ৰ পৰা ৭ সপ্তাহ

ফাউল  পক্স ছিটা

কুকুৰা বসন্ত

ছালত খোচমাৰি

৮ ৰ পৰা ৯ সপ্তাহ

আৰ ২ বি লাইভ

ৰাণী খেত

ছালৰ তলত বা মঙহত

১৬ ৰ পৰা ১৭ সপ্তাহ

ফাউল  পক্স ছিটা

কুকুৰা বসন্ত

ছালত খোচমাৰি

 উৎস: অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

লগতে পঢ়ক-এম.এছ. ধোনীয়ে কৰে কদকনাথ কুকুৰাৰ ব্যৱসায়! জানক ইয়াৰ বিশেষত্ব কি?

English Summary: Various Disease of Poultry and its Prevention
Published on: 21 April 2022, 04:59 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now