Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 February, 2023 6:03 PM IST
তামুলপুৰত বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শনী আৰু সজাগতা সভা

তামুলপুৰ মহকুমা পশুপালন আৰু পশুচিকিৎসা কাৰ্যলয়ৰ অন্তৰ্গত তামুলপুৰ খণ্ড পশুপালন আৰু পশু চিকিৎসালয়ৰ সহযোগত বালাবাৰীত আজি বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শন-সজাগতা সভ অনুষ্ঠিত হৈ যায়৷ দিনৰ এঘাৰ বজাত বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শনৰ শুভ উদ্বোধন কৰে স্থানীয় ভিচিডিচিৰ অধ্যক্ষ ডালিম বড়োৱে৷

পাছত মহকুমা পশুপালন আৰু পশুচিকিৎসা বিষয়া ৰূপম বড়োৰ সঞ্চালনাত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত বালাবাৰী গাঁৱৰ গো-পালক সকল উপস্থিত থাকে৷ তামুলপুৰ খণ্ড পশুচিকিৎসা বিষয়া বলেন চৌধুৰীয়ে আঁত ধৰা সজাগতা সভাত  ডা° মহেশ দাসে গাই গৰুৰ কৃত্ৰিম আৰু প্ৰাকৃতিক প্ৰজননৰ ওপৰত বক্তব্য ৰাখি তেওঁ কয় যে আমি ঘৰত বহিয়ে গীৰ গাই, চাহিয়াল, জাৰ্চি, ৰ প্ৰজনন কৰি উন্নত প্ৰজাতিৰ গাইগৰুৰ পোৱালী প্ৰজনন কৰিবলৈ সক্ষম হ’ব পাৰে গো-পালক সকল৷

গুৰমৌ পশুপালন আৰু পশু চিকিৎসালয়ৰ বিষয়া  ডা° ৰিংকু ডেকা ই গৰু পালনৰৰ সমন্তৰালভাৱে উন্নত মানদণ্ড ঘাঁহৰ খেতি কৰিবলৈ গোপালক সকলক পৰামৰ্শ দি তেওঁ কয় যে ঘাঁহ খাদ্য হিচাবে গৰুক যোগান ধৰিলে ঔষধৰ ব্যৱহাৰ কমি যোৱাৰ উপৰিও নানা ধৰনৰ বেমাৰ আজাৰৰ পৰিমান হ্ৰাস পোৱাৰ লগতে বিশেষকৈ গাইগৰুৰ গাখীৰ উৎপাদন যথেষ্ট বৃদ্ধি হয়৷ ধানখেৰ আৰু দানাতকৈ লাভজনক হ’ল সেউজীয়া ঘাঁহ৷ গাইগাৰু এটাই জীৱনত যিমান  উৎপাদনশীল হব পাৰে  সেই খিনি উৎপাদন  দিবলৈ সক্ষম হোৱা দেখা যায়৷ উন্নত প্ৰজাতিৰ নেপিয়াৰ ঘাঁহ মুখ্যত উৎপাদনমুখী হয়৷ কৃষক  সকলে সহজতে মাকৈৰ খেতি  কৰিব পাৰে মাকৈৰ খাদ্য নেপিয়াৰতকৈ ভাল বুলি কয়৷

মাকৈ প্ৰটিনযুক্ত খাদ্য হোৱাৰ উপৰিও ইয়ে স্বাস্থ্য ভালে ৰাখে আৰু  গাখীৰৰ উৎপাদন  যথেষ্টখিনি বৃদ্ধি হয়৷ তাৰোপৰি গৰুৰ খাদ্য হিচাবে শক্তি দায়িনী কলগছ, মেটেকা আদিও খুৱাব পাৰে বুলিও কয়৷ কৃত্ৰিম প্ৰজনৰ ওপৰত গুৰুত্ব দি কৃষক সকলে গো-পালন কৰি দুগ্ধ উৎপাদন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চৰিত্ৰ কলিতাই গোপালনৰ ওপৰত বক্তব্য ৰাখে৷ বালাবাৰী গাঁৱৰ গো-পালক অৰবিন্দ কলিতাই  গৰুৰ খাদ্যৰ মূল্য  বৃদ্ধি হোৱাত আক্ষেপ প্ৰকাশ কৰি কয় যে গৰুৰ খাদ্যৰ মূলৎ অধিক হোৱাত গো পালক সকল সমস্যাত পৰিছে বুলি কয়৷ আমি গাঁৱত ৩০/৪০ টকা দৰত পাইকাৰীক দিব লাগে৷ গাখীৰৰ যি দাম  লাভ কৰো সেই  দামেৰে গো-পালক সকল চলিব নোৱাৰে।

সভাৰ শেষত সঞ্চালকৰ আসনৰ পৰা মহকুমা পশু চিকিৎসা বিষয়া ডা° ৰূপম বড়োৱে গো পালক সকলক উদ্দেশ্যি কয় যে সকলোৱে গৰু পালন কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হওঁক,  উন্নত প্ৰজাতিৰ  গাই গৰু পালন কৰিবলৈ আহ্বান জনাই কয় যে গো-পালক সকলে গাইগৰু পালনৰ সমান্তৰালভাৱে উন্নত মানৰ সেউজীয়া ঘাঁহৰ উৎপাদনত গুৰুত্ব দিব লাগিব৷ গো পালক সকলে ঘাঁহৰ খেতি কৰি সফল হব পাৰিব৷ কম খৰছত  অধিক উৎপাদনৰ দিহা কৰিবলৈ হ’লে আমি গো পালক সকলে বৰ্ণ সংকৰ গৰু পোৱালি প্ৰজনন কৰি ঘৰতে পালন কৰি অধিক গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হম। সেয়ে গো-পালক সকলক ব্যৱসায়িকভিত্তিত গো-পালন কৰিবলৈ আহ্বান জনায়৷

আজিৰ গো-পোৱালী প্ৰদৰ্শনীত গাঁৱ খনৰ ২৪ টা পোৱালী পৰিবেশন কৰা হয়৷ প্ৰদৰ্শনীত নিৰ্বাচিত হোৱা  গো-পোৱালী পালক সকলক একোখনকৈ মানপত্ৰ আৰু ধন বিতৰন কৰে৷ লগতে গো পোৱালী বোৰৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয়  ঔষধৰ যোগান ধৰা হয়৷ এই গো - পোৱালী প্ৰদৰ্শনী আৰু সজাগতা সভাত মহকুমাটোৰ গোৰেশ্বৰৰ পশুচিকিৎসা বিষয়া ডা° প্ৰতীম হাজৰিকা, নাগ্ৰীজুলিৰ পশুচিকিৎসা বিষয়া পৃথীসিং চেত্ৰী,  ক্ষেত্ৰ সহায়ক কংকন বড়ো, ৰঘু মজুমদাৰ প্ৰমুখ্যে বালাবাৰী গাঁৱৰ গো- পালক সকল উপস্থিত থাকে৷

লগতে পঢ়ক-Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ

English Summary: Tamulpur Cross Breed of Culf Exhibition
Published on: 20 February 2023, 06:01 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now