1. পশুপালন

Gir Gaai : এজনী গিৰ গাইৰ দাম কিমান, দৈনিক কিমান লিটাৰ গাখীৰ দিয়ে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
গিৰ গাই পালনৰ লাভালাভ
গিৰ গাই পালনৰ লাভালাভ

ভাৰতৰ লগতে অসমতো শেহতীয়াকৈ জনপ্ৰিয় হৈ উঠিছে গুজৰাটৰ গিৰ গায়ে। অসম চৰকাৰৰ অধীনত গৰুখুঁটি বহুমুখী প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা এই গীৰ গাইসমূহ অনাৰ পাছতে অসমৰো বহু গো-পালকে গিৰ গাই প্ৰতি আকৰ্ষিত হৈছে। ইয়াৰ মূলতে এই গীৰ গাই সমূহে অধিক পৰিমাণে গাখীৰ দিয়ে। লগতে এই গিৰ গাইসমূহে যিকোনো ধৰণৰ জলবায়ুত সহজেই মিলি যাব পাৰে।

বৰ্তমান সময়ত গ্ৰামাঞ্চলসমূহতো ব্যৱসায়ৰ ধাৰা দ্ৰুতগতিত বৃদ্ধি পাইছে। অসমৰ পৰম্পৰাগত গো-পালনে এতিয়া আমুৱাইছে গো-পালকসকলক। গো-সুৰক্ষা আইন অহাৰ পৰা বজাৰত দাম নাইকীয়া লগতে গৰু কিনাৰো গ্ৰাহক নোহোৱা হৈছে। পৰম্পৰাগত এই গোপালনৰ বিকল্প হিচাপে অধিক গাখীৰ দিয়া এই গৰুসমূহৰ বিজ্ঞানসন্মত পালনেহে কৃষক অধিক লাভান্বিত কৰিব। গতিকে গিৰ জাতৰ গৰুৰ বিষয়ে কিছু তথ্য লৈ আৰু এই জাতৰ গৰু পোহাৰ লাভালাভ লৈ এই প্ৰবন্ধটো যুগুত কৰিছো।

লগতে পঢ়ক- 

খেৰত ইউৰিয়া প্ৰয়োগ কৰি কেনেদৰে প্ৰস্তুত কৰিব উৎকৃষ্টমানৰ পশুখাদ্য!

গিৰ গৰুত গাখীৰৰ ক্ষমতা-

আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে গিৰ জাতৰ গৰুৰ গাখীৰ উৎপাদনৰ ক্ষমতা অন্য জাতৰ গৰুৰ তুলনাত সৰ্বাধিক। যাৰ বাবে ইয়াৰ পৰা বছৰি লাখ লাখ উপাৰ্জন কৰিব পাৰি। আপোনালোকে জানি আচৰিত হ’ব  যে এজডনী গিৰ গৰুৱে দৈনিক ১২ পৰা ১৫ লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে আৰু বজাৰত ইয়াৰ গাখীৰৰ মূল্যও প্ৰতি লিটাৰত ৬০-৬৫ টকা। এইদৰে হিচাপ কৰিলে এই গৰুটোৱে এবছৰত প্ৰায় ৩৬০০ লিটাৰ গাখীৰ দিব, আৰু বজাৰত বিক্ৰী কৰি ২ লাখ ৩৪ হাজাৰ টকা পৰ্যন্ত ভাল উপাৰ্জন কৰিব পাৰিব।

এইদৰেই গিৰ গৰু চিনাক্ত কৰিব পাৰি-

গিৰ গৰুৰ মূল স্থান গুজৰাটৰ দক্ষিণ কাঠিয়াৱাৰ বুলি জনা যায়। কাৰণ এইবোৰ অঞ্চলত ইয়াক বেছিকৈ পোৱা যায়। আপোনাৰ চহৰত বা ওচৰতে গিৰ গৰু আছে নে নাই। অথবা বজাৰত গিৰ গৰু কিনিবলৈ গ’লে প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে। গতিকে আপোনালোকক কওঁ যে এই জাতৰ গৰু চিনি পোৱাটো অতি সহজ। গিৰ গৰুৰ শৰীৰত গাঢ় ৰঙা বা চকলেট ৰঙৰ দাগ পোৱা যায়, যিটো ইয়াৰ চিনাক্তকৰণৰ মূল উৎস। ইয়াৰ উপৰি ইয়াক আন সকলো গৰুতকৈ আকাৰত ডাঙৰ দেখা যায়।

গিৰ গৰুৰ বিশেষত্ব

  • এই গৰুৰ গাখীৰত ৪.৫ শতাংশ পৰ্যন্ত চৰ্বিৰ পৰিমাণ পোৱা যায়।
  • ই গোটেই জীৱনত প্ৰায় ৬ৰ পৰা ১২টা পোৱালি জন্ম দিবলৈ সক্ষম।
  • গিৰ গৰুৰ বয়স ১২ বছৰৰ পৰা ১৫ বছৰ।
  • এই জাতৰ গৰুত ৰোগ প্ৰতিৰোধ ক্ষমতা সৰ্বোত্তমভাৱে পোৱা যায়।
  • এই গৰুৰ সৰ্বোত্তম বৈশিষ্ট্য হ’ল ই বিভিন্ন জলবায়ু আৰু গৰম ঠাইত সহজে বাস কৰিব পাৰে।

এজনী গিৰ গৰু দাম কিমান ?

গৰু পালক আৰু খেতিয়কৰ বাজেট অনুসৰি বজাৰত গিৰ গৰু পোৱা যায়। বজাৰত এই গৰুৰ দাম ২০ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈকে। এই মূল্য ৰাজ্যভেদে বেলেগ বেলেগ হ’ব পাৰে।

লগতে পঢ়ক- 

GOAT farming কম মূলধনতে অধিক লাভ দিব ছাগলী পালনৰ ব্যৱসায়ে

English Summary: Some Information About Gir Gaai

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.