শীতকালত মীন পালন কৰা পুখুৰীত তুলনামূলকভাৱে অধিক যত্ন লোৱা প্ৰয়োজন। কিয়নো এই কালছোৱা মীন পালনৰ ক্ষেত্ৰত যথেষ্ট স্পৰ্শকাতৰ সময়। আমাৰ ৰাজ্যখনত মুখ্যত পালন কৰা ভাৰতীয় মূলৰ ৰৌ, বাহু, মিৰিকা আৰু বিদেশী মূল ছিলাভাৰ কাৰ্প, গ্ৰাছ কাৰ্প, কমন কাৰ্প আদি মাছৰ বাবে পানীৰ সৰ্বোত্তম উষ্ণতা ২৮ ডিগ্ৰী ছেলচিয়াছৰ ৩২ ডিগ্ৰী ছেলচিয়াছ হ’ব লাগে। অনুকূল উষ্ণতা বৃহৎ পৰিসৰত ২৫ ডিগ্ৰী ছেলচিয়াছৰ পৰা ৩৫ ডিগ্ৰী ছেলচিয়াছৰ ভিতৰত শ্ৰেণীবদ্ধ কৰিব পাৰি। পানীৰ উষ্ণতা ২৫ ডিগ্ৰী ছেলচিয়াছৰ তললৈ নামি যোৱাৰ লগে লগে পুখুৰীটোৰ মাছৰ সপক্ষে বৰ্তি থকা অনুকূল জলবায়বীয় পৰিৱেশত ব্যাপক ভাৰসাম্যহীনতাৰ সৃষ্টি হয়। ফলত মাছৰ বেমাৰ-আজাৰকে আদি কৰি বিভিন্ন অবাঞ্চিত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।
শীতকালত মাছৰ খাদ্য গ্ৰহণৰ হাৰ, বিপাক আৰু দৈহিক বৃদ্ধিত ব্যাপক নেতিবাচক প্ৰভাৱ পৰে। শীতৰ প্ৰকোপ বাঢ়ি অহাৰ লগে লগে মাছৰ খাদ্য গ্ৰহণৰ হাৰো কমি যায় আৰু সেয়েহে এই কালছোৱাত খাদ্যৰ পৰিমাণ কমাই দিব লাগে। অন্যথা অপচয় হোৱা খাদ্যখিনিয়ে পানীৰ গুণাগুণ হ্ৰাস কৰি বিভিন্ন অসুবিধাৰো সৃষ্টি কৰিব পাৰে। অৱশ্যে খাদ্যৰ পৰিমাণ একেবাৰে বন্ধ কৰি দিয়া অনুচিত। প্ৰতিটো জীৱ-জন্তুৰ দৰে মাছকো পৰিপুষ্টিৰ বাবে খাদ্যৰ প্ৰয়োজন। শীত কালছোৱাত মাছৰ দেহৰ ওজনৰ ০.৫ শতাংশ হাৰত দৈনিক খাদ্য দিলেই যথেষ্ট। আকৌ এই সময়ছোৱাত পুখুৰীত মাছৰ বাবে দ্ৰবীভূত অম্লজানৰো নাটনি হ’ব পাৰে। আন জীৱৰ দৰে জীৱন-ধাৰণৰ বাবে মাছকো অক্সিজেনৰ দৰকাৰ। মাছে জলক্লোমৰ সহায়ত পুখুৰীৰ পৰা অক্সিজেন আহৰণ কৰে। সূৰ্য্যৰ পোহৰত সালোক-সংশ্লেষণৰ জৰিয়তে পানীত দ্ৰৱীভূত অক্সিজেন উপলভ্য হয়। শীতকালত ৰাতি দীঘল, দিন চুটি হোৱা বাবে সূৰ্যৰ পোহৰ কম সময়ৰ বাবে পুখুৰীত পৰে। ফলত মাছৰ বাবে দ্ৰৱীভূত অক্সিজেন কমি যায়।
যদি পুখুৰীটোত থকা মাছৰ ঘনত্ব অনুমোদিত নিৰিখতকৈ বেছি হয়, তেন্তে মাছ মৰাৰো আশংকা থাকে। শীতকালত পুখুৰীটোৰ পানী কমি যোৱাৰ লগে লগে তাত থকা মাছৰ বাবে প্ৰয়োজনীয় পানীৰো অভাৱ হয়। ই দৈহিক বৃদ্ধিতো বাৰুকৈয়ে প্ৰভাৱ পেলায়। শীতকালী সততে পুখুৰীত দৃষ্টিগোচৰ হোৱা আন এটা পৰিঘটনা হৈছে ঘোলা পানীৰ বিস্তৃতি। ইয়াৰ মূল কাৰণ হৈছে মে’-জুন মাহত মেলা পোনা ছেপ্টেম্বৰ-অক্টোৱৰত কিছু ডাঙৰ হয় তাৰ পৰৱৰ্তী সময়ত পানী শুকাই গ’লে (অৰ্থাৎ কমি গ’লে) কম পানী ঘোদালি মাছবোৰে পানীখিনি বোকাময় কৰি তোলে। এনে অৱস্থাত সূৰ্য্যৰ পোহৰ পানীৰ বেছি তললৈ যাব নোৱাৰে। ফলত সালোক-সংশ্লেষণ আৰু প্ৰাকৃতিক খাদ্যৰ উপলভ্যতাত ব্যাপক প্ৰভাৱ পৰে। মাছে শ্বাস-প্ৰশ্বাসৰ লগতে খাদ্য গ্ৰহণত অসুবিধা পায়।
শীতকালত পানী শুকাই যোৱা অৱস্থা হ’লে যদি সম্ভৱপৰ হয়, তেন্তে বাহিৰা উৎসৰ পৰা পানী ভৰোৱাৰ ব্যৱস্থা কৰিব লাগে। যদি তেনে সুবিধা নাথাকে, তেন্তে পানী নিৰ্দিষ্ট হিচাপতকৈ কমি যোৱাৰ লগে লগে পুখুৰীত মাছৰ ঘনত্ব কমাই দিব লাগে। এনে কৰোতে ডাঙৰ মাছবোৰ, যিবোৰ বিক্ৰীৰ উপযুক্ত, তেনে মাছ উঠাই আনিব লাগে। খাদ্যৰ পৰিমাণ, সাৰ প্ৰয়োগ আদিও এই সময়ত কমাই দিব লাগে। বহু সময়ত শেলাইৰ প্ৰাদুৰ্ভাৱৰ বাবে পুখুৰীত এটা সেউজীয়া চামনি পৰা দেখা যায়। ই পুখুৰীত অক্সিজেনৰ নাটনিৰ লগতে মাছৰ চাল-চলন, খাদ্য গ্ৰহণ আদিতো বাধাৰ সৃষ্টি কৰে।
শীতকালত সচৰাচৰ মাছৰ বিভিন্ন বেমাৰ-আজাৰ হোৱা দেখা যায়। পানীৰ উষ্ণতা কমি যোৱাৰ লগে লগে শীতলৰক্তী প্ৰাণী দেহৰো উষ্ণতা কমি যায় বাবে মাছৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি যায় আৰু বিভিন্ন জীৱাণু, পৰজীৱী, ভেঁকুৰ, ভাইৰাছ, বেক্টেৰিয়া আদিৰ আক্ৰমণৰ প্ৰকোপ বৃদ্ধি হয়। এনে সম্ভাৱনা নাইকিয়া কৰিবলৈ শীতকালৰ আৰম্ভণিতে মীন পালন কৰা পুখুৰীত কেতবোৰ প্ৰতিষেধক প্ৰয়োগ কৰা হয়। যদিও মাছৰ প্ৰায়বিলাক বেমাৰেই চিকিৎসাৰ জৰিয়তে আৰোগ্য কৰিব পাৰি তথাপি পানীত থকা প্ৰাণী এটাৰ চিকিৎসা একে কথা নহয়। বিভিন্ন বাস্তৱ অসুবিধা আমি উলাই কৰিব নোৱাৰো। সেয়েহে মীন পালনৰ ক্ষেত্ৰত ‘প্ৰতিৰোধেই প্ৰতিকাৰতকৈ শ্ৰেয়’ এই দৃষ্টিভংগী প্ৰযোজ্য হয়।
শীতকালৰ প্ৰাৰম্ভত পুখুৰীত বিভিন্ন প্ৰতিষেধক নিৰ্দিষ্ট হিচাপ আৰু নিৰিখত প্ৰয়োগ কৰা উচিত। ইমানৰ পিছতো মাছৰ বেমাৰ হ’লে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। পুখুৰীত প্ৰয়োগ কৰিবলগীয়া বিভিন্ন ঔষধৰ মাত্ৰ, প্ৰয়োগ বিধি, মিশ্ৰণ আদি আৰু সেই দিনটোৰ বতৰ-উষ্ণতা আদি বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে ঔষধ প্ৰয়োগ কৰিবলগীয়া হ’লে যথেষ্ট সতৰ্ক হোৱা উচিত। মীন বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এনে কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ভাৰতীয় কৃষি গৱেষণা সেৱাৰ প্ৰথমজন অসমীয়া মীন বিজ্ঞানী তথা কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৱাহাটীৰ উত্তৰ-পূব আঞ্চলিক কাৰ্যালয়ৰ মুৰব্বী বিজ্ঞানী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পৰা জানিব পৰা মতে, থাউকতে পোৱা দুটা সামগ্ৰী পোৰা চূণ (কেলছিয়াম অক্সাইড) আৰু ব্লিছিং পাউদাৰ প্ৰয়োগ কৰি প্ৰতিষেধক আৰু চিকিৎসাৰ ব্যৱস্থা অতি ফলপ্ৰসূভাৱে কৰিব পাৰি। তেওঁৰ মতে, এক মিটাৰ গভীৰতা বিশিষ্ট এক হেক্টৰ জলকালিত প্ৰথমে ৫০ কিলোগ্ৰাম পোৰা চূণ প্ৰয়োগ কৰি তাৰ এসপ্তাহ পিছত ৫০ কিলোগ্ৰাম ব্লিছিং পাউদাৰ প্ৰয়োগ কৰিলে সুন্দৰ প্ৰতিষেধকৰ কাম কৰে। প্ৰয়োজনবোধে পৰৱৰ্তী মাহত পুনৰ অনুৰূপ ধৰণে প্ৰয়োগ কৰিব লাগে। প্ৰতিকাৰৰ ক্ষেত্ৰত ইয়াৰ মাত্ৰ দুগুণ কৰা যুগুত।
শীতকালত পুখুৰীৰ পানীত পি এইচৰ তাৰতম্য ঘটাৰ থল আছে। সেয়েহে পি এইচ নিৰ্দিষ্ট হিচাপত (৭.৫-৮.৫) ৰাখিবলৈ নিৰ্দিষ্ট জোখ আৰু নিৰিখত চূণ প্ৰয়োগ কৰিব লাগে। পানীৰ পি এইচ বজাৰত পোৱা পি এইচ কাগজৰ নুৰা নতুবা সাধাৰণ আহিলাৰেই নিৰ্ণয় কৰিব পাৰি। প্ৰগতিশীল মানপালকসকলে এইখিনি জানে। পানীত পি এইচৰ পৰিমাণ কমি যোৱাৰ লগে লগে মাছখিনি প্ৰতিচাপৰ সন্মুখীন হয় আৰু বিভিন্ন সমস্যাত আক্ৰান্ত হয়। শীতকালত পুখুৰীত হোৱা বিভিন্ন সমস্যা সম্পৰ্কে সততে ব্যৱহাৰিক পৰ্যবেক্ষণত জড়িত থকা সৰবৰহী মীন বিশেষজ্ঞ তথা মীন মহাবিদ্যালয়, ৰহাৰ সহযোগী অধ্যাপক ড০ কৃষ্ণকান্ত তামুলীয়ে ক্ষেত্ৰভিত্তিক অভিজ্ঞতাৰ পৰা জানিব দিয়া মতে, পুখুৰীটোৰ পানীৰ বৰণ, গোন্ধ আদিত কিছু বৈসাদৃশ্য নজৰলৈ আহে বা মাছখিনিৰ আচাৰ আচৰণৰ বিসংগতি দৃষ্টিগোচৰ হয়, তেতিয়া কিছু দিনলৈ সাৰ যোগান, খাদ্য যোগান আদি সাময়িকভাৱে বন্ধ ৰাখি প্ৰয়োজনবোধে মাটি আৰু পানী পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি ড০ তামুলীয়ে জানিব দিয়ে। এই মৰ্মে যৎপৰোনাস্তি সহযোগিতা আগবঢ়োৱাৰ আশ্বাস কিছুদিন আগতে সাক্ষাৎকালত তেওঁ এই প্ৰতিবেদকক দিছে।
শীতকালছোৱাত এই আলোচিত সতৰ্কতাসমূহ পালন কৰিলে সাধাৰণতে বিশেষ সমস্যাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা নাথাকে। যদিহে পুখুৰীটোত নিয়মমাফিক চূণ দি থকা হয় আৰু যদি পুখুৰীটোত নিৰ্দিষ্ট ঘনত্বত মাছ থাকে, পুখুৰীটোত যদি আন যিকোনো প্ৰাকৃতিক উৎসৰপৰা পানী সুমোৱাৰ সুযোগ নাথাকে, শামুক-জোক আদিৰ উপদ্ৰৱ নাথাকে, শেলাইৰ অতিচাৰ ৰোধ কৰাৰ ব্যৱস্থা কৰা হয়, তেন্তে কোনো সমস্যাই হ’ব নালাগে। মাহেকে-পষেকে পুখুৰীটোত পৰীক্ষামূলক জাল মাৰি মাছৰ স্বাস্থ্য পৰীক্ষা অৱশ্যেই কৰিব লাগে। অতি সহজেই এই পৰীক্ষাটি কৰিব লাগে। মাছটো জালৰ পৰা লৈয়েই লুটিয়াই দিব লাগে। যদি মাছটো নিৰোগী হয়, তেন্তে ইয়াৰ চকু মাছটো ঘূৰাৰ লগে লগে নুঘূৰে, আগৰ ঠাইতে থাকিব। এনে অৱস্থাত চকুৰ মণিটো ওপৰৰ পৰা নেদেখি। কিন্তু যদিহে মাছটো দুৰ্বল বা ৰুগীয়া হয়, তেন্তে মাছটো ঘূৰাৰ লগে লগে একে দিশত চকুৰ মণিটো ঘূৰিব। অৰ্থাৎ মণিটো ওপৰৰ পৰা দৃষ্টিগোচৰ হ’ব। অৱশ্যে পুখুৰীত প্ৰয়োগ কৰা জালখন প্ৰতিবাৰ ব্যৱহাৰ কৰাৰ পিছত নিমখ বা পটাছ পানীত ডুবাই বীজাণুমুক্ত কৰি লোৱা উচিত।
লগতে পঢ়ক-মাছৰ পুষ্টিগুণ আৰু থাওঁকতে মৎস্য উৎপাদনৰ সম্ভাবনীয়তা
ধ্ৰুৱজ্যোতি শৰ্মা,
মীন বিষয়া, মীন সঞ্চালকাসয়, অসম
(সংগৃহীত প্ৰবন্ধ)
Share your comments