1. পশুপালন

Fish: স্বাস্থ্য ৰক্ষাৰ সমল হিচাপে মৎসবিশেষ

RAHUL ALI
RAHUL ALI
স্বাস্থ্য ৰক্ষাৰ সমল হিচাপে মৎসবিশেষ
স্বাস্থ্য ৰক্ষাৰ সমল হিচাপে মৎসবিশেষ

স্বাধীনোত্তৰ কালছোৱাত ভাৰতত খাদ্যশস্য উৎপাদন বাঢ়িছে যদিও ইয়ে দেশখনৰ জনসাধাৰণৰ পুষ্টিহীনতা হ্রাস কৰিব পৰা নাই। বৰ্তমানেও ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ২৬ শতাংশ গ্ৰাম্য পৰিয়াল পুষ্টিহীনতাত ভুগি আছে। অতি কম খৰচী আৰু সুলভ প্ৰ'টিনৰ উৎস মাছ খাই এই পুষ্টিহীনতাৰ হাব যথেষ্ট হ্ৰাস কৰিব পাৰি। মাছত গড়ে ১৮-২২ শতাংশ প্রটিন, ১-৬ শতাংশ লিপিড, ০.৪-১ শতাংশ কার্ব হাইড্ৰেট আৰু ৮০ শতাংশ পানী থাকে। মাছত থকা শক্তিৰ পৰিমাণ (১৯৩ কিল 'কেলৰী/১০০ গ্রাম), অইন মাংস যেনে ছাগলী (১৪৩ গ্রাম), গৰু (১১৪ কিল 'কেলৰী /১০০ গ্রাম) আৰু কুকুৰাৰ কণীতকৈ (১৭৩ কিল'কেলৰী/১০০ গ্রাম) বেছি। প্রতি কিলোগ্রাম মাছৰ পৰা ৬০০-৭০০ কেলৰী শক্তি পোৱা যায়।

সহজলভ্য মৎসবিশেষত থকা খনিজ পদাৰ্থ আৰু ভিটামিনৰ পৰিমাণ

মাছৰ প্ৰজাতি

ভিটামিন (মিঃ গ্ৰাম/১০০ গ্ৰাম)

কোলছিয়াম(মিঃ গ্ৰাম/১০০ গ্ৰাম)

ফছফৰাছ(মিঃ গ্ৰাম/১০০ গ্ৰাম)

আয়ৰণ (মিঃ গ্ৰাম/১০০ গ্ৰাম)

ৰৌ

৬৫০

১৭৫

মিৰিকা

৩৫০

২৮০

ভকুৱা

৫৩০

২৩৫

মাগুৰ

৪৩০

৩০৫

শিঙি

৬৭০

৬৫০

কাৱৈ

৪১০

৩৯০

চিতল

১৮০

২৫০

কলিয়াজৰা

৩২০

৩৮০

পাভ

৩১০

২২০

ভাঙোন

৭৯০

২৮০

শীতলৰক্তী হোৱা বাবে মাছ উৎপাদন ব্যয় বহুগুণে কম। এক কিলোগ্রাম খাদ্যৰ প্ৰ'টিনৰ পৰা মাছে ৩৫০ হে দেহ প্ৰ’টিন উৎপাদন কৰে, কিন্তু সম পৰিমাণৰ খাদ্যৰ প্রটিনৰ পৰা কুকুৰাই ১৮০ গ্রাম, গাহৰিয়ে ১৬৫ গ্ৰাম আৰু গৰুৱে ৫০ গ্রামহে দেহ প্ৰ'টিন উৎপাদন কৰিব পাৰে। মাছৰ খাদ্যকলা (edible tissue) গৰু, ছাগলী আৰু কুকুৰাৰ মাংসতকৈ অধিক। মাছৰ প্ৰ'টিন অতি সহজে হজম হোৱাৰ কাৰণ হ'ল ইয়াত থকা অতি কম পৰিমাণৰ সংযোগী কলা আৰু অধিক পৰিমাণৰ এলবুমিন। মাছৰ চৰ্বিৰ গলনাংক অতি কম হোৱা বাবেই সোনকালে হজম হয়।

বায়ুশ্বাসী মাছ, যেনে— শিঙি, মাগুৰ আদি মাছত যথেষ্ট পৰিমাণৰ আয়ৰন আৰু কপাৰ থকা বাবে ইহঁতে হিম’গ্লবিন সংশ্লেষণ কৰি মানুহৰ দেহত তেজ বঢ়োৱাত সহায় কৰে। সেইবাবে তেজহীনতাত ভুগিলে যিকোনো লোককে শিঙি, মাগুৰ আদি মাছ খাবলৈ পৰামৰ্শ দিয়া হয়। শাল, শ’ল, গৰৈ, চেঙেলী আদি সাপমূৰীয়া (Opheocephalus) মাছত যথেষ্ট পৰিমাণৰ এৰাছিড'নিক এচিড থাকে, যিয়ে প্ৰষ্টাগ্লেনডিন আৰু ব্ৰ’মব’ক্সিন নামৰ দুবিধ ৰাসায়নিক পদার্থ প্রস্তুত কৰে। এই দুবিধ বাসায়নিক পদাৰ্থই তেজৰ চেকুৰা বন্ধাই তেজ নির্গমনত বাধা প্ৰদান কৰিবলৈ ইয়াত থকা অনুচক্রিকা নামৰ কণাবোৰ সক্ৰিয় কৰি তোলে। মাছ তেলত যথেষ্ট পৰিমাণৰ ডি এইচ এ (docosa hexenoic acid) আৰু ই পি এ (elcosa pentaenoic acid) থাকে।

তেজত ক'লেষ্টেৰল নামৰ পদাৰ্থ জমা হোৱাৰ ফলত পৰিবাহী নলীবোৰ সংকুচিত হৈ কলিজাৰ হ'ব পৰা সম্ভাব্য বিকাৰ মাছৰ তেলত থকা অমেগা-৩ স্নেহ এচিডে বাধা দিয়ে। ছডিয়াম আৰু কেলছিয়ামৰ অতিমাত্ৰা প্রবাহে হৃদস্পন্দন অনিয়মীয়া কৰি ভৱিষ্যৎ বিপদৰ সূচনা কৰিব পাৰে, যিটো অ'মেগা স্নেহ এচিডে কলিতে নির্মূল কৰিবলৈ সক্ষম আৰু ই উচ্চ ৰক্তচাপ প্ৰতিৰোধী হিচাপেও কাম কৰে।

গৰ্ভৱতী মহিলাৰ বাবে উপযুক্ত পৰিমাণৰ DHA আৰু EPA সেৱন অতি উপকাৰী। উপযুক্ত পৰিমাণৰ অ'মেগা-৩ স্নেহাস্নৰ অভাৱত গৰ্ভত ধাৰণ কৰা শিশুৰ দৈহিক বৃদ্ধি আশানুৰূপ নহয়। ছিডনী বিশ্ববিদ্যালয়ৰ গৱেষকে প্ৰমাণ কৰিছে যে যিবিলাক শিশুক দৈনিক নিৰ্দিষ্ট পৰিমাণৰ মাছ খুওৱা হয়, সেইবিলাক শিশুর মাছ নোখোৱা শিশুতকৈ এজ্‌মা ৰোগত আক্ৰান্ত হোৱাৰ আশংকা ৪ গুণ কম। গৱেষকসকলে প্ৰমাণ কৰিছে যে প্রতিদিন ৩.৩ গ্রাম মাছৰ তেল সেৱন কৰিব পাৰিলে উশাহ-নিশাহত কষ্ট পোৱা যিকোনো ৰোগীয়ে সকাহ পাব পাৰে।

মগজুৰ উৎকৰ্ষ সাধনৰ বাবে মাছ খোৱাটো অতি জৰুৰী। মগজুত অতি কম পৰিমাণৰ DHA থাকিলে ছেৰ'টনিনৰ পৰিমাণো কম থাকে আৰু ইয়ে মানুহৰ হতাশা বৃদ্ধি কৰে, আত্মহত্যাৰ প্ৰতি মানুহক আসক্ত কৰি তোলে আৰু যিকোনো হিংস্ৰ কামৰ প্ৰতি মানুহক উদ্যোগী কৰি তোলে। আধুনিক শৰীৰতত্ববিদসকলৰ মতে মানুহৰ মস্তিষ্কৰ এটা অংশ সক্রিয় হ'লে টোপনি আহে। মানুহৰ মগজুৰ দুটা অংশ হ'ল—বেকে নিউক্লিয়াছ আৰু নিউক্লিয়াছ কইৰিঅ' লছ।

দৈনিক মাছ মালে মগজুত DHA ৰ পৰিমাণ নিয়মীয়া হৈ থাকে আৰু স্মৃতিশক্তি অক্ষুণ্ণ ৰখাৰ লগতে মানুহজনক স্বাভাৱিক কবি বখাত সহায় কৰে। মাছৰ তেলে যিকোনো বিষ নিৰাময় কৰিব পাৰে আৰু কেন্সাৰৰ দৰে ভয়াবহ ব্যাধিও বোধ কৰিব পাৰে। প্ৰতিদিনে ২.৫ গ্রামকৈ মাছৰ তেল সেৱন কৰিলে স্তনৰ কৰ্কট ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

জাপানৰ বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে প্ৰতিদিনে ২ গ্ৰামকৈ মাছৰ তেল খালে মানুহৰ উচ্চ ৰক্তচাপ ডায়ষ্ট 'লিক (diastolic 4.4 mm Hg) আৰু প্ৰকুঞ্চনীয় (systolic 6.5mm Hg) হ্ৰাস কৰিব পাৰে। ক'ড নামৰ এবিধ সাগৰীয় মাছৰ তেল ক'ড লিভাৰ অইল (Cod liver oil) যিকোনো বিষ বেমাৰৰ বাবে মহৌষধ। সাগৰীয় মাছত আয় ডিন থাকে বাবে এই মাছ খোৱা লোকৰ গ'য়টাৰ (goiter) ৰোগ হোৱাৰ আশংকা ক্ষীণ। মাছ খালে মানুহৰ দেহত তেজৰ মুক জন পৰিমাণ নিয়ন্ত্ৰণ হৈ থাকে বাবে মধুমেহ ৰোগীয়ে নিয়মীয়াকৈ মাছ খোৱাটো নিতান্তই প্রয়োজনীয়।

এজন সুস্থ-সবল প্রাপ্তবয়স্ক লোকৰ পৰিপুষ্টিৰ বাবে বছৰি নিম্নতম ১১ কিলোগ্রাম মাছ খোৱাটো প্রয়োজনীয়। কিন্তু ভাৰতৰ জনমুৰি বছৰি মুঠ মাছ খোৱাৰ পৰিমাণ প্রায় ৮ কিলোগ্ৰাম আৰু পৃথিৱীৰ জনমূৰি হাৰতকৈ (প্রায় ১৯ কিলোগ্ৰাম) বহুত কম। সেয়ে পুষ্টিৰ বাবে উত্তম আৰু সুলভ প্ৰ'টিনৰ উৎস মাছ খাই সু-স্বাস্থ্য অটুট ৰখাত প্রত্যেক সচেতন ব্যক্তিয়ে মনোযোগ দিয়া উচিত।

লগতে পঢ়ক-মাছৰ পুষ্টিগুণ আৰু থাওঁকতে মৎস্য উৎপাদনৰ সম্ভাবনীয়তা

 

ড০ সঞ্জয় শর্মা

মীন সমন্বয়ক

বিশ্ব বেংকৰ আৰ্থ সাহাৰ্যত ৰূপায়িত এপাৰ্ট

English Summary: Fish as a health source

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2022 Krishi Jagran Media Group. All Rights Reserved.