1. পশুপালন

পশুপালকৰ জ্ঞাতাৰ্থে কিছু কথা

KJ Staff
KJ Staff

হাঁহৰ বেমাৰঃ

পুৰণি খাদ্যৰ পৰা হোৱা বেমাৰ-

কিল বেমাৰঃ এই বেমাৰ সাধাৰণতে গৰমকালি হয় আৰু পুৰণি বা লেতেৰা খাদ্য খাই হাঁহ এই বেমাৰত আক্ৰান্ত হ’ব পাৰে। এই বেমাৰ হ’লে হাঁহজাকক চলা-ফুৰা, খোৱা-বোৱা কৰা দেখা নাযায় ভোক নলগা হয় আৰু শৌচ হয়। কেইবাৰমান শৌচ হোৱাৰ ভিতৰতে বহুতো হাঁহ মৰিব পাৰে। সেয়েহে পুৰণি লেতেৰা আৰু গেলা-পচা খাদ্যৰ পৰা হাঁহজাকক সদায়ে আঁতৰাই ৰাখিব লাগে।

খাদ্যৰ বিষক্ৰিয়া বা বটুলিজমঃ যিকোনো পুৰণি খাদ্য খাই হাঁহৰ মৃত্যু হ’ব পাৰে। গেলা-পচা মৰা জীৱ-জন্তু বা তাত হোৱা মাখিৰ পলু খাই হাঁহৰ মৃত্যু হ’ব পাৰে। যিকোনো গেলা-পচা খাদ্য খাই হাঁহৰ মৃত্যু হোৱাটো স্বাভাৱিক। পুৰণি খাদ্য খাই বিষক্ৰিয়াৰ দ্বাৰা মৃত্যু হোৱা হাঁহৰ প্ৰথমতে ভৰিবোৰ জঠৰ হৈ পৰে, তাৰ পাছত সম্পূৰ্ণৰূপে বিয়পি গোটেই অংশ জঠৰ হৈ মৃত্যু হয়। গতিকে হাঁহক গেলা-পচা খাদ্য খাবলৈ দিব নালাগে।

গাখীৰ উৎপাদকে জানিৱলগীয়া কথা-

গাখীৰ উৎপাদনৰ বাবে স্থাপন কৰা গৰু বা ম’হৰ পামখন পৰিচালনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে। গৰু-ম’হজাকৰ দানাত খনিজ পদাৰ্থ উপযুক্ত মাত্ৰাত মিহলাই দিব লাগে। খীৰতী গাই বা ম’হজনীৰ পৰা অধিক গাখীৰ পাবলৈ হ’লে প্ৰতিদিনে দানাৰ সৈতে তাইক ৩০ গ্ৰাম খনিজ পদাৰ্থ অৰ্থাৎ মিনাৰেল মিক্সাৰ মিহলাই খাবলৈ দিব।

মিনাৰেল মিক্সাৰ নিয়মীয়াকৈ খুৱালে কি হয় ?

-  চেউৰীজনীৰ দেহৰ গঠন ভাল হয় আৰু কম বয়সতে ওজন বাঢ়ে।

-  চেউৰীজনীয়ে কম বয়সতে পোৱালি জন্ম দিয়ে।

-  প্ৰাপ্তবয়স্ক গাইৰ প্ৰজনন প্ৰক্ৰিয়া নিয়মীয়া হোৱাৰ উপৰি দুটা পোৱালি জন্মৰ ব্যৱধান হ্ৰাস পায়।

- পোৱালিবোৰ সুস্থ আৰু সবল হয়।

- গৰু-ম’হজাকক সহজে কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে।

-  গৰ্ভৱতী গাইৰ বিনাশ পেলোৱা বন্ধ হয়।

-  গাইবোৰে অধিক পোৱালি জন্ম দিয়াৰ উপৰি অধিক পৰিমাণত গাখীৰো দিয়ে।

 

দানাত মিনাৰেল মিক্সাৰ নিদিলে কি হয় ?

 

- গৰু-ম’হৰ শাৰীৰিক বৃদ্ধি বাধাপ্ৰাপ্ত হয়।

-  গাখীৰ উৎপাদন কমি যায়।

-  গৰু-ম’হবোৰ নিশকতীয়া হৈ পৰে।

-  গোবৰ একেবাৰে পনীয়া বা পাতলীয়া হয়।

- গাৰ নোম সৰি যায়, ছালত বিভিন্ন ৰোগৰ লক্ষণে দেখা দিয়ে।

-  চেউৰী আৰু গাইবোৰে সময়মতে পাল নাখায়। কৃত্ৰিম প্ৰজনন কৰা স্বত্ত্বেও গৰ্ভধাৰণ নকৰিব পাৰে।

 

এনেবোৰ অসুবিধাৰ পৰা হাতসাৰি থকাৰ উদ্দেশ্যে পামৰ গৰু-ম’হজাকক দানাৰ লগত মিনাৰেল মিক্সাৰ নিয়মীয়াকৈ খুৱাই থাকিব। অৱশ্যে এইক্ষেত্ৰত স্থানীয় পশু চিকিৎসক বা ক্ষেত্ৰকৰ্মীৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব।

                                                                                                                      (উৎসঃ অসমীয়া খবৰ)।

English Summary: Some information about livestock farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.