Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 May, 2022 9:56 AM IST
কণীপৰা ব্ৰইলাৰ আৰু হাঁহ প্ৰতিপালন

ভালদৰে ডাঙৰ কৰিবলৈ হলে, কুকুৰাপোৱালী বিলাকক কৃত্ৰিম ভাৱে উম বা তাপ দিয়া হয়৷ চৰাইক উম বা তাপ যোগোৱা কাল বা সময়, ঋতু অনুসাৰে নিৰ্ণয় কৰা হয়৷ জাৰকালি প্ৰায় ৮ সপ্তাহ ধৰি “ব্ৰুডিং” কৰিব লগীয়া হয়৷ গৰমৰ দিনত কেইদিনমানৰ বাবেহে কৰা হয় ৷ এটা তিনি ফুটীয়া আয়তনৰ “হেঙাৰে” ১৩০ টা কুকুৰা পোৱালীক তাপ যোগাব পাৰে৷ ব্ৰুডাৰৰ ভিতৰত পাৰি থোৱা কাগজ সমূহ দিনৌ সলাব লাগে ৷ ব্ৰুডিংৰ ১ম টো সপ্তাহ হ’ব লাগে৷ ৯৫০ ফা.কৈ কমাই নিব লাগে৷

৩৬ টা কুকুৰা পোৱালীৰ বাবে এটা ৩ ফুটীয়া দানাৰ পাত্ৰই যথেষ্ট হ’ব৷ গতিকে ১৩০ টা কুকুৰা পোৱালীৰ বাবে এনে আকৃতিৰ আহাৰৰ পাত্ৰ ৩ ফুট ব্যাসাৰ্দ্ধৰ এটা হেঙাৰত ব্যৱহাৰৰ নিমিত্তে চাৰিটাই জুৰিব ৷ পানী পিবৰ বাবে প্ৰতি ৫০ টা কুকুৰা পোৱালীৰ কাৰণে একোটাকৈ ২-২.৫ লিটাৰ পানী ধৰা ঘূৰণীয়া মধ্যাকৰ্ষনিক পানীৰ পাত্ৰৰ আৱশ্যক৷ চৰাই বিলাক ডাঙৰ হৈ অহাৰ লগে লগে সিহঁতৰ বৰ্দ্ধিত পৰিমাণৰ ঠাইৰ চাহিদা যোগাবলৈ হ’লে, ‘চিক্গাৰ্ড’ খন সেই অনুক্ৰমে বহলাই যাব লাগে ৷ প্ৰতি সপ্তাহত অন্তত: দিনে দুবাৰকৈ লিটাৰ খিনি ৰেকেৰে খুচৰি লুটিয়াই বগৰাই দিয়া উচিত৷ পানী দিয়া পাত্ৰৰ কাষত যাতে পানী নপৰে তাৰ বাবে সাৱধান হ’ব লাগে ৷ লিটাৰৰ পানী ডোখৰ গুচাই পেলাব লাগে সাধাৰণতে বৰষুণৰ দিনত লিটাৰখিনি সেমেকা হয় ৷ প্ৰতি ১০০ ব:ফু: পৰিমাণৰ মজিয়াত ৩ কি:গ্ৰা: হিচাবে গুকান গুড়া ছটিয়াই দিলে ভাল ৷

বাঢ়নীয়া কুকুৰা প্ৰতিপালনৰ দৈনিক কাম কাজ সমূহৰ ভিতৰত দানা পানী দিয়া আৰু জাকটোৰ সঠিক নিৰীক্ষণেই প্ৰধান৷ ইয়াৰ উপৰিও সেইদিনা যদি কোনো কুকুৰাৰ মৃত্যু ঘটিছে, তেনেহলে পশু চিকিৎসকৰ দ্বাৰা শৱচ্ছেদন তথা কাৰণ বিশ্লেষণ আৰু তাৰ উপযুক্ত প্ৰতিকাৰ ইত্যাদি কৰিব লাগে ৷ বাঢ়নীয়া বয়সৰ  প্ৰথম ৩-৪ সপ্তাহ মানৰ বাবে কুকুৰাজাকক দানা দিনটোত ৩ বাৰ দিয়া উচিত ৷ ৰাতিপুৱা দুপৰীয়া আৰু শেষৰ বাৰ আবেলি দানা দিব লাগে ৷ যিটো ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা হাইব্ৰিদ কুকুৰাজাক কিনা হৈছে, তেওঁলোকৰ এখন নিৰ্দ্দেশনা থাকে ৷ এই নিৰ্দ্দেশনাখনত কুকুৰা জাকক প্ৰতিটো সপ্তাহত দিব লগা দানাৰ পৰিমাণ আৰু প্ৰতিটো সপ্তাহৰ অন্তত কুকুৰাজাকৰ হ’ব লগা গড় ওজন আদি লিখা থাকে ৷ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ নিৰ্দ্দেশনা অনুসৰি কুকুৰাজাকক দানা দিয়া উচিত ৷ প্ৰতিবাৰ দানা দিয়াৰ আগেয়ে পাত্ৰত পৰি থকা লিটাৰ পাখি, কুকুৰাৰ মল আদি হাতেৰে পৰিষ্কাৰ কৰি লোৱা উচিত ৷ দানা দিয়াৰ লগে লগে পানী দিয়াৰো ব্যৱস্হা কৰিব লাগে ৷ পানী দিয়াৰ আগেয়ে নিতৌ পাত্ৰবোৰ ভালদৰে ঘঁহি মাজি পৰিষ্কাৰ কৰি ল’ব লাগে ৷ কুকুৰাজাকক প্ৰতিদিনে নতুন পানী দিব লাগে ৷ বাহী পানী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে ৷ গৰম দিনত কুকুৰাজাকক কেতিয়াবা কেইবাবাৰো পানী দিয়াৰ প্ৰয়োজন ৷ কিয়নো গৰমত কুকুৰাই বেচিকৈ পানী খোৱাৰ উপৰিও পানীখিনি খাব নোৱাৰাকৈ উতপ্ত হৈ যায় ৷

দানাৰ বাচন সমূহ কুকুৰা ঘৰত ব্যৱহাৰ কৰোতে মন কৰিব লাগে যে পাত্ৰৰ তলিখন যাতে সদায় কুকুৰাটোৰ পিঠিৰ সমতলতহে থাকে ৷ কুকুৰাজাকৰ সঠিক নিৰীক্ষণ কুকুৰা প্ৰতিপালনৰ এটা গুৰুত্বপূৰ্ণ কাম ৷ পাত্ৰৰ পৰিচালকজনে প্ৰতিদিনেই নিৰীক্ষণ কৰা কামটো কৰ্মচাৰীৰ ওপৰত এৰি দিয়াতকৈ নিজে কৰা ভাল ৷ দানা, পানী দিয়াৰ পাছতেই হৈছে কুকুৰাজাকক নিৰীক্ষণ কৰাৰ আটাইতকৈ উত্তম সময় ৷ ঘৰটোত থকা প্ৰতিটো কুকুৰাই দানা খাবলৈ পাইছে নে নাই, চোৱা উচিত ৷ প্ৰয়োজন হ’লে দানাৰ পাত্ৰৰ সংখ্যা বঢ়াই দিব লাগে ৷ পামত হ’ঠাৎ কেতিয়াবা বেমাৰে দেখা দিব পাৰে ৷ হেতা-ওপৰা লগাই দানা খাব খোজাতো কুকুৰাজাকৰ ভাল লক্ষণ ৷ কিন্তু যদিহে সিহঁতৰ দানা খোৱাৰ বাবে ৰাপ দেখা নাযায়, তেনেহলে তাৰ উপযুক্ত কাৰণ বিচাৰি প্ৰতিকাৰ কৰাৰ ব্যৱস্থা কৰা উচিত ৷ দানা খাব নোখোজা, জুপুকা মাৰি থকা কুকুৰা জাকটোৰ পৰা আঁতৰাই দি বেলেগ প্ৰতিকাৰৰ ব্যৱস্থা কৰা উচিত ৷

ৰাতিপুৱাই কুকুৰা জাক নিৰীক্ষণৰ আন এটা দিশ হ’ল, সিহঁতৰ মলত্যাগৰ বৰণ চোৱাটো ৷ কুকুৰাবোৰৰ পানীয় গোবৰ বা মলত তেজৰ কণিকা আদি কিবা অস্বাভাৱিকতা থাকিলে পশু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ৷ ইয়াৰ উপৰিও লিটাৰ সম্বন্ধেও কিছু নিৰক্ষীণৰ প্ৰয়োজন ৷ ঠায়ে ঠায়ে গোট মাৰি লডা বা মখা বান্ধিছেনেকি বা ভিজি আছে নেকি তাক চোৱা দৰকাৰ ৷

দৈনিক নিৰীক্ষণৰ আন এটা দিশ হ’ল, এন্দুৰ নিগনিৰ উৎপাত হৈছে নেকি চোৱাটো ৷ গাত খন্দা বা বস্তা কুটা আদিবোৰ নিৰীক্ষণ কৰা উচিত ৷ ৰাতিপুৱাৰ দৰে আবেলিও এবাৰ কুকুৰাজাক নিৰীক্ষণ কৰা উচিত ৷ মনত ৰখা উচিত যে উপযুক্ত নিৰীক্ষণে পামখন বেমাৰ মুক্ত কৰি ৰখাত সহায় কৰে ৷ নিৰ্দ্ধাৰিত সময়ত ঘৰৰ বিজুলী বাতিবোৰ জ্বলোৱা নুমুওৱা কৰাটোও দৈনন্দিন কাম কাজৰ অংশ বিশেষ ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

লগতে পঢ়ক-কেইবিধমান উন্নত প্ৰকাৰৰ ভাৰতীয় ছাগলীৰ জাত-

English Summary: Raising broilers and ducks from eggs
Published on: 01 May 2022, 09:56 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now