1. পশুপালন

গাহৰিৰ বেমাৰ চিনাক্তকৰণ আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে আপুনি কি কৰিব ? জানিবলৈ পঢ়ক...

KJ Staff
KJ Staff

লাভজনক উপাৰ্জনৰ গাহৰি পালক সকলে গাহৰিৰ বেমাৰ-আজাৰৰ প্ৰতি অধিক সচেতন হোৱাৰ অতি প্ৰয়োজন। অন্য জন্তু তুলনাত গাহৰিৰ বেমাৰ-আজাৰ কম । তথাপিও গাহৰিৰ ক্ষেত্ৰত প্ৰায়ে টেটুৱা(Anthrax), গলফুলা (Haemorrhagic Septicaemia) চবকা (Foot and Mouth Disease),কলেৰা(Swine Fever)পি পি আৰ এছ(Porcine Reproductive & Respiratory Syndrom)আৰু ৰক্তহীনতা(Anaemia)আদি বেমাৰ প্ৰধানকৈ দেখা যায় ।

টেটুৱা(Anthrax):

গাহৰিৰ টেটুৱা বেমাৰ সাধাৰণতে বীজাণুৰ পৰা হয় আৰু এই বীজাণু বিধ মাটিত বহু দিনলৈ বাচি থাকে । এই বীজাণুৰ সংস্পৰ্শলৈ আহিছে গাহৰি টেটুৱা বেমাৰত আক্ৰান্ত হৈ পৰে । এই বেমাৰত আক্ৰান্ত হ'লে গাহৰিৰ অতিপাত জ্বাৰ উঠে আৰু মুখেৰে লেলাউটি উলাবলৈ আৰম্ভ কৰে । তদুপৰি গাহৰিৰ নাক আৰু মুখেৰে তেজ ওলায় ।

এই বেমাৰৰ পৰা গাহৰিজনীক ৰক্ষা কৰিবলৈ হ'লে টেটুৱা ৰোগৰ ছিটা দিয়াটো অতি প্ৰয়োজন । এই বেমাৰত যদি গাহৰি মৰিছে তেন্তে অতি সোনকালে অন্য স্থানলৈ স্থানান্তৰিত কৰক ।

গলফুলা(Haemorrhagic Septicaemia):

এই ৰোগ Pasteurella multocida নামৰ বীজাণুৰপৰা সৃষ্টি হয় । এই ৰোগত আক্ৰান্ত হ’লে অতিপাত জ্বৰ উঠে । কেতিয়াবা গল ফুলে আৰু কেতিয়াবা গল বেকা  কৰি গাহৰিজনী শুই থাকে । এই ৰোগৰ প্ৰতিষেধক হিচাপে ছমাহৰ মূৰে মূৰে ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে ।

জহৰ বাত(Black Quarter):

Clostridium chauvoei নামৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ এই ৰোগৰ সৃষ্টি হয় । এই ৰোগ হ’লে জ্বৰ উঠে আৰু খোৰাবলৈ ধৰে । শেষৰফালে ভৰিৰ ওপৰভাগ ফুলি উঠে । ছমাহৰ মূৰে মূৰে এই ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

চবকা ৰোগ(Foot and Mouth Disease):

Picorna Virus নামৰ বীজাণুৰ পৰা এই ৰোগ উদ্ভৱ হয় । এই ৰোগ হ’লে গাহৰিৰ মুখৰ ভিতৰত আৰু জিভাত ঘাঁ লাগে।খুৰাৰ মাজতো ৰঙা পৰি ঘাঁ হয় । এমাহৰ পৰা ছমাহৰ ভিতৰত এই ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰাব লাগে।প্ৰয়োজন সাপেক্ষে পুনৰ ছমাহৰ মূৰে মূৰে ছিটা দিব লাগে ।

কলেৰা(Swine Fever):

এই ৰোগ হ’লে জ্বৰ উঠে আৰু অতিপাত মলত্যাগ কৰে। এই ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰাব লাগে ।

পি পি আৰ এছ(Porcine Reproductive & Respiratory Syndrom):

পি পি আৰ এছ গাহৰিৰ ভাইৰাচজনিত ৰোগ । এই ৰোগ হ’লে প্ৰজননৰ অক্ষমতা আৰু শ্বাস প্ৰশ্বাস লোৱাত বাধাৰ সৃষ্টি হয় । এই ৰোগে গাহৰি পালকক অৰ্থনৈতিক ভাৱে ক্ষতি কৰে । ইয়াক “ব্লু এয়াৰ”ৰোগ  বুলিও জনাজাত । কাৰণ এই ৰোগ হ’লে কাণ দুখন নীলা হয়।

এই ৰোগত আক্ৰান্ত  হ’লে মাইকী গাহৰিৰ গৰ্ভপাত হয় । গাহৰিয়ে মৃত পোৱালি প্ৰসৱ কৰে । দুৰ্বল পোৱালি জন্ম হয় ।জ্বৰ হয় ১০৩° ফাৰেণহাইটৰ পৰা ১০৫° ফাৰেণহাইটলৈ । কাণ আৰু গাৰ ছালৰ ৰং সলনি হয় । সাধাৰণতে নীলা হোৱা দেখা যায়।

ভাইৰাছ জনিত ৰোগৰ কোনো চিকিৎসা নাই । আন কোনো বেক্টেৰিয়েল ইনফেকচন নহ’বৰ বাবে এন্টিবায়’টিক দি'ব পৰা যায়(চিকিৎসকৰ পৰামৰ্শমতে)।

ৰক্তহীনতা(Anaemia):

গাহৰি পোৱালিবোৰে প্ৰায় ৰক্তহীনতা ৰোগত ভোগা দেখা যায় । এই ৰোগৰপৰা পোৱালিবোৰক মুক্ত কৰিবলৈ পশুচিকিৎসকৰ পৰামৰ্শক্ৰমে আইৰণ জাতীয় ঔষধৰ বেজি নিয়মিতভাৱে দিয়াব লাগে ।

লগতে পঢ়কঃ কেনেকুৱা ঠাইত লাভজনক গাহৰি পাম আৰম্ভ কৰিব পাৰি? জানিবলৈ পঢ়ক...

English Summary: Symptoms of pig diseases and its remedies

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.