1. পশুপালন

কুকুৰাৰ পোৱালি ব্ৰডিং কৰাৰ পূ্ৰ্ৱে জানিবলগীয়া কেইটামান প্ৰাথমিক তথ্য

KJ Staff
KJ Staff

বৰ্তমান সময়ত অসমৰ যুৱক-যুৱতী সকলে কুকুৰা ফাৰ্মিঙৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ আৰম্ভ কৰিছে । কুকুৰী কণী আৰু কুকুৰা মাংসৰ চাহিদা অধিক হোৱাৰ বাবে কুকুৰা ফাৰ্মিঙেও এক জনপ্ৰিয়তা লাভ কৰিছে যুৱক-যুৱতী সকলৰ মাজত । ই গ্ৰাম্য অৰ্থনীতি টনকীয়াল কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

চাহিদা অনুসৰি কোনো লোকচান নোহোৱাকৈ আমি কুকুৰা ফাৰ্মিঙৰ জৰিয়তে কণী উৎপাদন কৰিবলৈ আগতীয়াকৈ কেইবাটাও দিশত গুৰুত্ব দিয়াৰ প্ৰয়োজন । সু-পৰিকল্পিত আগতীয়া ব্যৱস্থা গ্ৰহণৰ জৰিয়তে আমি ফাৰ্মখনত বিভিন্ন বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰাৰ লগতে লাভ উৎপাদন আশা কৰিব পাৰো ।

কুকুৰা পালক সকলৰ বাবে অতি গুৰুত্বপূৰ্ণঃ

যিটো ঘৰত কুকুৰাজাক পালিত হ’ব অৰ্থাৎ পোৱালি ব্ৰুডিং কৰা হ’ব, সেই ঘৰটো ১০-১২ দিন খালী ৰখাৰ প্ৰয়োজন । যিকোনো বীজাণুৰ জীৱনচক্ৰ ধ্বংস কৰিবৰ বাবে ঘৰটো ১০-১২ দিন খালী ৰাখি সঠিকভাৱে পৰিষ্কাৰ তথা বীজাণুনাশ ব্যৱস্থা কৰাৰ  আৱশ্যক।

কোনো ক্ষেত্ৰতে দুটা  সঁচৰ কুকুৰা পোৱালি এটা ঘৰত প্ৰতিপালন কৰিব নালাগে । একেজৰে এটা ঘৰত প্ৰতিপালিত হ’ব লগা কুকুৰা পোৱালিৰ দুটা জাকৰ মাজত ৭ দিনৰ পাৰ্থক্য ৰাখিব লাগে । এইক্ষেত্ৰত পোৱালিখিনি একে সঁচৰ হ’ব লাগিব আৰু বাঢ়নীয়া বয়সলৈকে বেলেগে বেলেগে প্ৰতিপালন কৰাৰ ব্যৱস্থা কৰিব লাগিব ।

কুকুৰাৰ সঁচৰ বিষয়ে আগতীয়াকৈ সম্পূৰ্ণ বিৱৰণ লোৱা উচিত। উদাহৰণস্বৰূপে প্ৰতিটো সপ্তাহত দিবলগা দানাৰ পৰিমাণ, কুকুৰাবোৰৰ হ’বলগা গড় ওজন, কণী উৎপাদন আৰম্ভণিৰ সময় ইত্যাদিবোৰ জানি লোৱা আৱশ্যক।

লগতে পঢ়কঃ ক্ৰয় কৰাৰ আগতে মাছৰ পোনা কেনেদৰে চিনাক্ত কৰিব ? জানিবলৈ পঢ়ক...

English Summary: Brooding management of Poultry Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.