Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 December, 2021 2:31 PM IST
Quail bird

ব্ৰইলাৰ, কইলাৰ ফাৰ্মৰ বিষয়ে হয়তো আপোনালোকে সকলোৱে জ্ঞাত । আজি আমি আপোনালোকক কম বতা চৰাইৰ ফার্ম (Quail Bird Farming ) ৰ  বিষয়ে । বর্তমান সময়ত অসমৰ কিছু সংখ্যক কৃষকে এই বতা চৰাইৰ ফার্ম খুলিবলৈ লৈছে আৰু ইয়াৰ পৰা লাভান্বিতও হৈছে । সেয়েহে অসমৰ নিৱনুৱা যুৱক যুৱতী কেবল মাত্র চৰকাৰী চাকৰি আশা নকৰি বতা চৰাই পালন কৰি বছৰেকত ভাল অংকৰ পইচাৰে উপাৰ্জন পথ মুকলি কৰিব পাৰে ।

তলত বতা চৰাই আৰু ইয়াৰ ব্যৱসায় ভিত্তিত কেনেকৈ কৰিব পাৰি আলোচনা কৰা হল -

বতা চৰাই বৰ সৰু । ই ওখ প্ৰায় ১০-১৭ ছেন্টিমিটাৰ । ইয়াৰ সামান্য পৰিমাণত মাংস আৰু উজ্জ্বল সৰু কণীৰ কাৰণে পৃথিৱীৰ বিভিন্ন ঠাইত বতা চৰাই পালন কৰা হয় । দুমাহ বয়স হোৱাৰ পিছৰে পৰাই ই কণী পাৰিবলৈ আৰম্ভ কৰে ।

ধান, মাহ, সৰিয়হ, ফল-ফুল আদিৰ উপৰিও পোক-পৰুৱা আদিৰ উপৰিও পোক-পৰুৱা আদিও ই ভক্ষণ কৰে ।

বতা চৰাইৰ বৈজ্ঞানিক নাম- Coturnix Coturnix.

ওজন- ৭০-১৪০ গ্ৰাম

গাৰ ৰং- মুগা, ক’লা, বগা, নীলা।

মতা-মাইকীৰ চিন- বুকুত ৰেখা থাকিলে মাইকী । ৰেখা নাথাকিলে মতা । মতাৰ তুলনাত মাইকী ডাঙৰ।

Quail bird farming

ব্যৱসায় ভিত্তিত পালনৰ বাবে আৱশ্যকীয় সা-সৰঞ্জাম -

সজা :

৫ ফুট দীঘল, ৩ ফুট বহল, ১ ফুট সজা এটা জালেৰে বনাব লাগিব । এনেকুৱা একোটা সজাত ৫০টা বতা চৰাই ৰাখিব পাৰি । আৱশ্যক অনুসৰি কেবাটাও স্তৰ বনাব পাৰি ।

যদি পোৱালি পাব খোজা হয়, তেনেহ’লে incubator যন্ত্ৰৰ প্ৰয়োজন । ইয়াৰ জৰিয়তে একেলগে বহুতো কণী জগাব পাৰি ।

খাদ্য:

চাউলৰ গুড়ি, মল, খলিহৈ, মাকৈৰ গুড়ি, চয়াবিনৰ গুড়ি, শামুকৰ গুড়ি ইত্যাদি।

কণীৰ উৎপাদন

বতা চৰায়ে প্ৰথম বছৰত প্ৰায় ২৮০ টা কণী পাৰে । কিন্তু দ্বিতীয় বছৰৰ পৰা উৎপাদন কমি আহে । প্ৰায় ডেৰ বছৰ বয়স হ’লে ইয়াক মাংসৰ কাৰণে বিক্ৰী কৰি দিয়া ভাল ।

বতা চৰাই সৰু যদিও এযোৰ পাৰ চৰাইৰ তুলনাত এযোৰ বতা চৰাইৰ পৰা অধিক মাংস পোৱা যায় । সৰু ল’ৰা-ছোৱালী, গৰ্ভৱতী মহিলা, ৰোগীৰ কাৰণেও ই পুষ্টিকৰ খাদ্য ।

বতা চৰাইৰ কণীয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে । ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ উপৰিও মধুমেহ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। মুঠৰ ওপৰত আমি ইয়াকে ক’ব পাৰো যে শিশুৰ পৰা আৰম্ভ কৰি ৰোগী-নিৰোগী, বৃদ্ধ আদি সকলোৱেই বতা চৰাইৰ কণী খাব পাৰে।

উপকাৰিতা -

বতা চৰাইৰ মাংস আৰু কণী শিশুৰ খাদ্য আৰু ৰোগীৰ পথ্য বুলি ক’ব পাৰি। গৰ্ভৱতী মহিলাৰ কাৰণেও ই উপকাৰী। ১০ গ্ৰাম ৰন্ধা মাংসত:

কেল’ৰি- ২২৭

চৰ্বি: ১৪ গ্ৰাম

কাৰ্ব’হাইড্ৰেট- ০

প্ৰ’টিন- ২৫ গ্ৰাম থাকে।

বতা চৰাইৰ কণীৰ গুণাগুণ:

বজাৰত– সাধাৰণতে অন্ধ্ৰপ্ৰদেশৰ পৰা অহা ফাৰ্মৰ কণীৰ পয়োভৰেই বেছি। অলপ-অচৰপ থলুৱা কণী পোৱা যায় যদিও সেয়া একেবাৰে কম। বহুতেই হাঁহৰ কণী খাবলৈ নিবিচাৰে। তাৰোপৰি দুখৰ বিষয় যে বর্তমান প্লাষ্টিকৰ কণীও হেনো বজাৰত উপলব্ধ। সেয়েহে বতা চৰাইৰ কণী যিয়ে এবাৰ খাইছে, তেনে লোকে অন্য চৰাইৰ কণী খাবলৈ নিবিচৰে।

বতা চৰাই পালন কৰাৰ সুবিধা –

  • ই যিহেতু সৰু চৰাই, সেয়েহে কম ঠাইতে ইয়াক পালন কৰিব পাৰি
  • ই যিহেতু সৰু চৰাই, সেয়েহে কম ঠাইতে ইয়াক পালন কৰিব পাৰি
  • মহিলাসকলে সহজে ইয়াক পালন কৰি আত্মনিৰ্ভৰশীল হ’ব পাৰে
  • পাঁচ সপ্তাহত ই বিক্ৰীৰ কাৰণে উপযুক্ত হয়
  • কমদিনতে ই যৌৱনপ্ৰাপ্ত হয় আৰু ৬-৭ সপ্তাহত কণী পাৰিবলৈ আৰম্ভ কৰে
  • কণী সৰু যদিও কুকুৰা কণীৰ দৰে একে মূল্যমানৰ
  • খাদ্য তথা আনুষংগিক খৰচ কম কাৰণে অতি সামান্য মূলধনেৰে বতা চৰাইৰ ফাৰ্ম এখন খুলিব পাৰি।

লগতে পঢ়কঃ অধিক উৎপাদনত কৃত্ৰিম গো-প্ৰজননৰ ভূমিকাৰ বিষয়ে জানো আহক

 

English Summary: Quail farming a frofitable business
Published on: 21 December 2021, 02:31 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now