আমাৰ পুখুৰীত জন্ম হোৱা সৰু সৰু মাছবোৰৰ পুষ্টিগত গুণ যথেষ্ট বেছি। সংমিশ্ৰিত মাছ খেতিৰ সময়ত প্ৰায়ে অলাগতিয়াল বুলি ভবা এই সৰু সৰু মাছ মোৱা, পুঠি, খলিহনা আদি মাছৰ পুষ্টিগত গুণ যথেষ্ট বেছি। আমাৰ গাঁৱত বাস কৰা দৰিদ্ৰ জনসাধাৰণক এই মাছবোৰে প্ৰ’টিন যোগান ধৰাত উল্লেখযোগ্য বৰঙণি যোগায়। এই সৰু সৰু মাছবোৰৰ ভিতৰত মোৱা মাছ(বৈজ্ঞানিক নাম) এক অতি গুৰুত্বপূৰ্ণ মাছ। ইয়াৰ দেহত কেলচিয়াম, জিংক, আইৰণ আৰু ফেটি এচিড থাকে। এই মাছ গৰ্ভৱতী মহিলা আৰু কেঁচুৱাৰ মাতৃৰ বাবে অতি গুৰুত্বপূৰ্ণ খাদ্য হিচাপে বিবেচিত হৈ আহিছে। এইধৰণৰ মাছৰপৰা পোৱা কেলচিয়ামৰ পৰিমাণ গাখীৰৰপৰা পোৱা কেলচিয়ামৰ সমপৰ্যায়ৰ হয়।
মীন বিজ্ঞানত মাছৰ পোনা উৎপাদনৰ বাবে হেচ্চাৰীৰ ব্যৱহাৰৰ পিছত এই সৰু সৰু মাছবোৰ আমাৰ পুখুৰীত অলাগতিয়াল মাছ হিচাপে ধৰি লোৱা আৰম্ভ হ’ল। ফলত পুখুৰীত এই মাছবোৰৰ সংখ্যা দিনক দিনে কমি আহিবলৈ ধৰিলে। এটা সময়ত আমাৰ পুখুৰীত উভৈনদী হৈ থকা এই মাছবোৰ ৰৌ, বাহু, মিৰিকা মাছ আদিৰ উৎপাদনে নগন্য কৰি তুলিলে। ইয়ে আমাৰ পুখুৰীৰ জৈৱ-বৈচিত্ৰ্যতো সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলালে।
বৰ্তমান অৱশ্যে বিজ্ঞানীসকলে এইক্ষেত্ৰত পুনৰ বিবেচনা কৰিবলৈ লৈছে। বাংলাদেশত এইক্ষেত্ৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাইছে। বাংলাদেশত কাৰ্প মাছৰ লগত মোৱা মাছৰ সংমিশ্ৰিত পদ্ধতিত পালন কৰি ভাল ফলাফল পোৱা গৈছে। মোৱা মাছৰ কাৰ্প মাছৰ লগত পালনৰ জৰিয়তে পুখুৰীৰ উৎপাদন যথেষ্ট বৃদ্ধি পায়। তদুপৰি মোৱা মাছে পুখুৰীত কেইবাবাৰো কণী দিয়ে গতিকে ইয়াৰ সংখ্যাও যথেষ্ট বৃদ্ধি হয়। এই মাছবিধ আমাৰ মানুহৰ প্ৰিয় আৰু ইয়াৰ বজাৰত চাহিদা যথেষ্ট বেছি। ইয়াৰ মূল্য বজাৰত্ ৰৌ, বাহুতকৈ বেছি। গতিকে এই মাছবিধৰ উৎপাদনক আমাৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে অতিৰিক্ত আয় হিচাপে গণ্য কৰিব পাৰি। কাৰণ ইয়াৰ উৎপাদন আমাৰ পুখুৰীতেই হয়। বিজ্ঞানীসকলে পৰীক্ষা কৰি মত প্ৰকাশ কৰিছে যে যদি আমি কাৰ্প মাছৰ লগত মোৱা মাছ পালন কৰো, তেনেহ’লে পুখুৰীৰ উৎপাদন প্ৰায় দুগুণ হয়। অৰ্থাৎ এটা পুখুৰীত অকলে কাৰ্প মাছ পালন কৰি যদি ৩০০০ কিলোগ্ৰাম মাছ পোৱা হয়, তেনেহ’লে সেই পুখুৰীত মোৱা মাছৰ সৈতে পালন কৰিলে ৫,৫০০ কিলোগ্ৰাম উৎপাদন পাবলৈ সক্ষম হোৱা যায়। ইয়াৰে ভিতৰত প্ৰায় ১০০০ কিলোগ্ৰাম মোৱা মাছ উৎপাদন হ’ব।
বিজ্ঞানৰ ভাষাত চাইপ্ৰিণিফৰমিছ বৰ্গৰ চাইপ্ৰিনিডে পৰিয়ালৰ অন্তৰ্গত এই স্বদেশী সৰু জাতৰ মোৱা মাছবিধ ব্যৱসায়িক দিশৰপৰা যথেষ্ট লাভদায়ক হয়। মোৱা মাছে পুখুৰীত কণী পাৰি বছৰেকত কেইবাবাৰো পোৱালী দিয়ে বাবে উৎপাদনৰ হাৰ যথেষ্ট বৃদ্ধি হয়। অন্য কাৰ্পজাতীয় মাছৰ লগত এই মাছবিধৰ সংমিশ্ৰণ কৰিলে আমি ইয়াক বছৰেকত ৩-৪ বাৰ বিক্ৰী কৰিব পাৰোঁ। ৰৌ বা বাহূ মাছক বছৰেকত এবাৰ বিক্ৰী কৰাৰ পৰিৱৰ্তে এই মাছবিধক মাজে মাজে বিক্ৰী কৰি থাকি পুখুৰীৰ বাবে লগা খৰচ উলিয়াব পৰা যায়। যিহেতু বছৰেকত যিকোনো সময়তে এইবিধ মাছৰ চাহিদা বজাৰত থাকে, সেয়েহে আমাৰ মীনপালকসকলে ইয়াৰপৰা যথেষ্ট লাভ পাবলৈ সক্ষম হয়। এইবিধ মাছৰ আন এক সুবিধা হ’ল- এই মাছবিধ জীৱিত বা সতেজ অৱস্থাত খোৱাৰ উপৰি শুকান মাছ প্ৰস্তুত কৰি খাব পাৰি। তদুপৰি এই মাছবিধৰ আলংকাৰিক মাছ হিচাপেও চাহিদা আছে। এই মাছবিধ নৈ, বিল, পুখুৰী, নলা, ধাননিপথাৰ আদিত বহুলভাৱে বসতি কৰে।
কাৰ্প মাছৰ লগত এই মোৱা মাছ পালন কৰিলে মুঠ মাছৰ ওজনৰ ৩ শতাংশ হাৰত খাদ্য যোগান ধৰিব লাগে। পৰিচালনাৰ দিশত সংমিশ্ৰিত পদ্ধতিত ব্যৱহাৰ কৰাৰ দৰে চূণ, সাৰ আদি প্ৰয়োগ কৰিব লাগে। সাৰ হিচাপে কেঁচা গোবৰ(জৈৱিক সাৰ) আৰু অজৈৱিক সাৰ হিচাপে ইউৰিয়া, ছিংগল ছুপাৰ ফচফেট ব্যৱহাৰ কৰা হয়। মোৱা মাছ থকা পুখুৰীত চাউলৰ মল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। মোৱা মাছ থকা পুখুৰীত চাউলৰ মল খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। এই পুখুৰীত থকা গ্ৰাছকাৰ্পৰ বাবে বেলেগকৈ ঘাঁ-বন, গছৰ পাত ব্যৱহাৰ কৰিব লাগে। যিহেতু এই মাছবিধে পুখুৰীতে কণী পাৰি পোৱালি যোগায়, সেয়ে পুখুৰীত মাছৰ ঘনত্ব বৃদ্ধিয়ে বিৰূপ প্ৰভাৱ যাতে পেলাব নোৱাৰে, তাৰ বাবে মাজে মাজে জাল মাৰি এই মাছৰ সংখ্যা কমাব লাগে। গাভিনী মাছবোৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগে। পুখুৰীৰপৰা ছিলভাৰ কাৰ্প মাছ বিক্ৰী কৰাৰ ব্যৱস্থাও কৰিব লাগে। কিয়নো ৫-৭ মাহত ছিলভাৰ কাৰ্প মাছ মাছবিধো ৭০০ গ্ৰামৰপৰা এক কিলোগ্ৰাম পৰ্যন্ত হ’ব। গতিকে কিছুসংখ্যক মাছ কমাই দিলে অইন প্ৰজাতিৰ মাছৰ বৃদ্ধি খৰতকীয়া হ’ব আৰু অক্সিজেন নাটনিও নহ’ব।
অসমৰ মানুহৰ প্ৰায় ৯৫ শতাংশই মাছ খাই ভাল পায়। ইয়াৰ ভিতৰত সৰহসংখ্যক মানুহে সৰু সৰু প্ৰজাতিৰ স্বদেশী মাছ খায়। আমাৰ ৰাজ্যৰ প্ৰতিঘৰ মানুহৰ ঘৰত থকা পুখুৰীত যদি ডাঙৰ মাছৰ লগে লগে সৰু মাছৰ উৎপাদন হয়, তেনেহ’লে ইয়ে আমাৰ চাহিদা পূৰণত যথেষ্ট বৰঙণি যোগাব। গাঁৱৰ দুখীয়া লোকসকলেও অতি সহজে পুষ্টিদায়ক খাদ্য খাবলৈ সক্ষম হ’ব। কিয়নো এই সৰু সৰু মাছবোৰত থকা ভিটামিন-এৰ পৰিমাণ অন্য ডাঙৰ ৰৌ, বাহু মাছৰ তুলনাত যথেষ্ট বেছি হয়। উত্তৰ-পূৰ্বাঞ্চল তথা অতীজৰেপৰা এই মাছৰ ভঁৰাল আছিল, কিন্তু দিন বাগৰাৰ লগে লগে আমাৰ মানুহৰ মানুহৰ কিছু ভূল পদক্ষেপে তাৰ পৰিমাণ কমাই আনিছে। গতিকে বৰ্তমান আকৌ এইক্ষেত্ৰত মনোনিৱেশ কৰিবৰ সময় হয়। আমাৰ আশা, আমি এইক্ষেত্ৰত কৃতকাৰ্য হ’ব পাৰিম।
লেখক: প্ৰতুল ডেকা (দৈনিক অসম)
লগতে পঢ়ক-ঐক্যবদ্ধ ধান – মাছ পাম