1. পশুপালন

জীয়া মাছ পৰিবহন

KJ Staff
KJ Staff
মাছৰ পোনা
মাছৰ পোনা

মাছৰ পোনা বৰ সংবেদনশীল। উষ্ণতাৰ তাৰতম্য তথা মানুহে এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন কৰোঁতে সাৱধানতা অৱলম্বন নকৰিলে মাছৰ পোনা মৃত্যু মূখত পৰিব পাৰে- যাৰ বাবে আমাৰ মাছৰ পোনা বিক্ৰী কৰ্তা তথা মীন পালক সকলে লোকচান ভৰিবলগীয়া হয়। অসম ৰাজ্য মাছৰ উৎপাদনত স্বনিৰ্ভশীল যদিও পৰিবহনৰ ক্ষেত্ৰত কিছুমান কৌশলৰ অগ্ঞতাৰ বাবে আমাৰ ৰাজ্যই বহু মাছৰ পোনা হেৰুৱাবলগীয়া হয়। মাছৰ পোনা পৰিবহনৰ সময়ত মৃত্যুৰ কাৰণ, পৰিবহনৰ আগত লবলগীয়া বিভিন্ন ব্যৱস্হা, পৰিবহনৰ কৌশল আৰু পুখুৰীত মাছৰ পোনা মেলাৰ বিষয়ে এই নিবন্ধত ব্যক্ত কৰিম।

পৰিবহনৰ কালছোৱাত বিভিন্ন কাৰণত মাছৰ পোনা মৃত্যু মূখত পৰে, তাৰ ভিতৰত-

(১) পৰিবহনৰ বাবে ব্যৱহাৰ কৰা পাত্ৰত অক্সিজেনৰ হ্ৰাস (O২) আৰু কাৰ্বন ডাই অক্সাইডৰ (CO২) বৃদ্ধি।

(২) অত্যাধিক উত্তেজনাৰ বাবে মাছে ত্যাগ কৰা বিষাক্ত এম'নিয়া গেছ।

(৩) জালেৰে মাছ ধৰা সময়ত পোৱা আঘাত।

(৪) উষ্ণতাৰ তাৰতম্য ঘটা বাবে।

মাছ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিওতে কেনেকৈ মৃত্যুৰ হাৰ ৰোধ কৰিব পাৰি তাক মীন পালক সকলে জনা উচিত। পৰিবহনৰ আগত কণ্ডিশ্যনিং কৰাটো জৰুৰী। কণ্ডিশ্যনিং হ'ল পৰিবহন কৰিব লগা মাছ সমূহ (ফ্ৰাই,ফিংগাৰলিং আদি) নিৰ্দিষ্ট সময়ৰ বাবে পুখুৰী বা নৈৰ ছা পৰা ঠাইত নাইলন বা কটন হাপা (আঠুৱা) তৰি ৰখাৰ ব্যৱস্থা কৰা। মাছ সমূহক এই সময়ছোৱাত খাদ্য যোগান ধৰিব নালাগে। এইটো কৰাৰ ফলত মাছৰ পাচনতন্ৰ খালী হ'ব আৰু এম'নিয়া ত্যাগৰ মাত্ৰা কমিব। মাছৰ আকাৰ, স্বাস্থ্য আৰু পৰিবহনৰ দুৰত্ব অনুসৰি কণ্ডিশ্যনিংৰ সময় নিৰূপণ কৰা হয়। সাধাৰণতে কণ্ডিশ্যনিং ৪৮-৭২ ঘণ্টা কৰা হয়।এই সময়ছোৱাত পানীৰ উষ্ণতা ২৬-২৯ ডিগ্ৰি ছেণ্টিগ্ৰেড হ'লে ভাল।

কণ্ডিশ্যনিংৰ পিছত মাছ পৰিবহনৰ উপযুক্ত হয়। পৰিবহন দুটা পদ্ধতিৰে কৰিব পাৰি।

(ক) মুক্ত পৰিবহন পদ্ধতি (Open transportation system)

(২) বন্ধ পৰিবহন পদ্ধতি (Closed transportation system)

আমাৰ পাঠকসকলে প্ৰায়ে দেখি থকা পদ্ধতি টো হ'ল মুক্ত পদ্ধতি। এই পদ্ধতিত মাটিৰে তৈয়াৰী পাত্ৰত মাছ ওচৰৰ ঠাইলৈ পৰিবহন কৰা হৈছিল। মাটিৰ পাত্ৰটো ভাঙি যোৱাৰ প্ৰাবল্য বেছি বাবে আজিকালি আমাৰ মাছ বিক্ৰেতা সকলে এলুমিনিয়ামৰ হাণ্ডি ব্যৱহাৰ কৰে।এই এলুমিনিয়ামৰ হাণ্ডিত দুই তৃতীয়াংশ পানী ভৰাই তাত মাছৰ পোনা ৰাখিব লাগে। উষ্ণতা নিয়ন্ত্ৰণৰ বাবে তিতা পাতল কাপোৰেৰে হাণ্ডি ঢাকি থব লাগে।যদি হাণ্ডিৰ পানীৰ পৃষ্ঠলৈ মাছৰ পোনা উঠি আহি কাপ কাপ কৰে তেনেহলে বুজিব লাগিব তাত অক্সিজেনৰ নাটনি হৈছে, সেয়ে হাতেৰে পানী খিনি কিছুসময় লৰাই দিব লাগে কিম্বা তাৰ পৰা আংশিক ভাবে পানী উলিয়াই দি নতুন পানী যোগান ধৰিব লাগে। এনে ক্ষেত্ৰত কিছুমান মাছ পোনা বিক্ৰেতাই গ্লুক'ন ডি ব্যৱহাৰ কৰা দেখা যায়।হাণ্ডিত যদি মাছৰ পোনা মৃত্যু মূখত পৰে তেন্তে কটন কাপোৰেৰে মৰা মাছ উঠাই পেলাব লাগে।কম দূৰত্বৰ ঠাইত প্লাষ্টিক পুল ,কেনভাচ বেগ আদি চাইকেল,মটৰ চাইকেল,মটৰ ভানত বান্ধি অতি কমেও ৩-৪ ঘণ্টাৰ বাবে জীয়া মাছ এই পদ্ধতিৰে পৰিবহন কৰিব পাৰি।

বেছি দূৰত্বৰ অৰ্থাৎ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ মাছৰ পোনা পৰিবহনৰ ক্ষেত্ৰত বন্ধ পৰিবহন পদ্ধতি ব্যৱহাৰ কৰা হয়। ইয়াত পলিথিন বেগ,ভিনাইল ক্ল'ৰাইড বা প্লাষ্টিক বেগ ব্যৱহাৰ কৰা হয়।এই পলিথিন বেগ সমূহ বজাৰত কিনিব পোৱা যায় নাইবা ঘৰত বনাই ল'ব পাৰি। ৪৭ ছে:মি:*৪৬ ছে:মি: (১৮লিটাৰ) বৰ্তমান বহুল ভাৱে ব্যৱহৃত বেগ। এই বেগ সমূহৰ এক তৃতীয়াংশ পানী ভৰাই ল'ব লাগে আৰু পোনা হিচাপমতে ৰাখি দুই তৃতীয়াংশ অক্সিজেন গেছ চিলিণ্ডাৰৰ পৰা ভৰাব লাগে।বেগটোৰ মুখখন টানকৈ বান্ধিব লাগে যাতে তালৈ বায়ু ওলাব সোমাব নোৱাৰে।এই পলিথিন বেগ সমূহ যাতে নষ্ট নহয় তাৰবাবে কাৰ্ববোৰ্ড বা কাঠৰ বাকচত ভৰাই ভালদৰে পেকিং কৰিব লাগে। কিছুমান পিছপৰা গাঁৱত যদি অক্সিজেন চিলিণ্ডাৰৰ অভাৱ হয় তেনেহলে তেনেকুৱা ঠাইত বন্ধ পৰিবহন পদ্ধতিৰে মাছৰ পৰিবহন কৰাৰ বাবে চাইকেলৰ পাম্পেৰে বায়ু ভৰাই পেকিং কৰি মাছ পৰিবহন কৰিব পৰা যায়। বন্ধ পৰিবহন পদ্ধতিত মাছৰ আকাৰ আৰু দুৰত্বৰ ওপৰত নিৰ্ভৰ কৰি মাছৰ সংখ্যা নিৰ্ধাৰণ কৰা হয়।

মাছ পৰিবহনৰ ক্ষেত্ৰত গুৰুত্ব দিব লগা কেইটামান কথা---

১) মাছ সদায় ৰাতি পুৱা বা সন্ধিয়া পৰিবহন কৰিব লাগে।

২) মাছ পেকিং ৰ সময়ত উষ্ণতা ২০-২৮ ডিগ্ৰী ছেণ্টিগ্ৰেড হ'লে ভাল।

৩) য'ৰ চ'ৰা পৰা সংগ্ৰহ কৰা পানী হাণ্ডি/পলিথিনত ব্যৱহাৰ কৰিব নালাগে। মাছৰ পোনা যি পুখুৰীৰ পৰা অনা হয়, সেই পুখুৰীৰ পানী ব্যৱহাৰ কৰিলে ভাল কিম্বা পৰিস্কাৰ পানী (দমকলৰ হ'লেও বেয়া নহয়) হ'লে ভাল।

৪) পলিথিন বেগত পেকিং কৰাৰ আগতে বেগটোত বিন্ধা আছেনে নাই তাক পৰীক্ষা কৰি ল'ব লাগে।

৫) মাছৰ পোনা স্পৰ্শ কৰা মানুহ জনে হাত ছপা কৰি ৰাখিব লাগে।

৬) মাছৰ যদি বাকলি আদি এৰিছে তেনেহলে পটাচ পানীত তাক ডুবাই পেকিং কৰিব লাগে।

৭) পাত্ৰত যাতে অক্সিজেনৰ হ্ৰাস নহয় তাক সদায় লক্ষ্য কৰা উচিত।

৮) হাণ্ডিৰ পানী আংশিক ভাবে সলনি কৰিব লাগে।

৯) পৰিবহনৰ আগত সদায় কণ্ডিশ্যনিং কৰিব লাগে।

মাছ পৰিবহনকাৰী সকলে মাছৰ পোনা সমূহ দিয়াৰ পিছত মীন পালক সকলে এৰি দিয়া সময়ত ল'ব লগা সাবধানতা-

১) বেগ বা হাণ্ডি সমূহ পোনা মেলাৰ আগমুহুৰ্তত কিছু সময়ৰ বাবে পুখুৰীৰ পানীত ৰাখিব লাগে।

২) ১০-১৫ মিনিট ৰখাৰ পিছত হাণ্ডি আৰু পুখুৰীৰ পানীৰ উষ্ণতা সমান হ"লে পাত্ৰ ৰ এটা ফাল ডুবাই দিব লাগে।

৩) মাছৰ পোনা সমূহ স্বত:সম্পুৰ্ণ ভাবে ওলাই যাব দিব লাগে।

পোনা মাছৰ পৰিবহনৰ দৰে ডাঙৰ মাছ বজাৰত জীয়াই জীয়াই বিক্ৰী কৰিবৰ বাবে আমি এই পদ্ধতিৰে এঠাইৰ পৰা আন এখন ঠাইলৈ পৰিবহন কৰিব পাৰো। বজাৰত জীয়া মাছৰ আদৰ সদায় আছে।

ওপৰত আলোচনা কৰা মৰ্মে আমি যদি মাছ পৰিবহনৰ সময়ত সাবধানতা অৱলম্বন কৰো তেনেহলে মাছৰ মৃত্যুৰ হাৰ যথেষ্ট কমিব। আমাৰ প্ৰায়ে দেখা যায় যে মাছৰ পোনা সমূহ পৰিবহন কিম্বা মেলাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰা বাবে মীন পালক সকলে ভবা ধৰণে উৎপাদন নাপায়। সেয়েহে আমাৰ পাঠকসকলে এই ক্ষেত্ৰত অলপ গুৰুত্ব আৰোপ কৰিলে নিশ্চযকৈ সুফল পোৱা যাব। যিহেতু কম দূৰত্বৰ ক্ষেত্ৰত খোলা পদ্ধতি অতি উত্তম আৰু কম খৰচী সেয়ে আমাৰ সাধাৰণ মীন পালকে এই পদ্ধতিৰে মাছৰ পোনা সংগ্ৰহ কৰিলে উপকৃত হ'ব।

প্ৰতুল ডেকা

মীন উন্নয়ন বিষয়া

মীন বিভাগ, অসম চৰকাৰ

লগতে পঢ়ক-বৈজ্ঞানিক পদ্ধতিৰে মিশ্ৰিত মীন পালন-

English Summary: Transportation of Live Fish

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.