1. পশুপালন

ক্ৰয় কৰাৰ আগতে মাছৰ পোনা কেনেদৰে চিনাক্ত কৰিব ? জানিবলৈ পঢ়ক...

KJ Staff
KJ Staff

বাৰিষা হৈছে মীন পালক সকলৰ বাবে উত্তম সময় । এই সময়ছোৱাতে মাছৰ পোনা উৎপাদন কৰাৰ লগতে পুখুৰীত মাছৰ পোনা এৰি দিয়া হয় । কিন্তু ইয়াৰ আগতে লাভজনক উৎপাদনৰ বাবে মীন পালকৰ বাবে মাছৰ পোনা চিনাক্ত কৰাতো খুব প্ৰয়োজন ।

মাছপোনা চিনাক্তকৰণ এক জটিল প্ৰক্ৰিয়া । মাছ পোনা চিনাক্তকৰণত হোৱা অসুবিধাৰ বাবে আমি বহুক্ষেত্ৰত ঠগ খাব লগা হয় । আমাৰ মাছপোনা বিক্ৰেতাসকলে আমি চিনি নোপোৱাৰ সুযোগ গ্ৰহণ কৰি ডৰিকনা, পুঠি আদি মাছৰ পোনাক ৰৌ, বাহু বুলি বিক্ৰী কৰি থৈ যায় ।

বছৰৰ শেষত আমি ৰৌ, বাহুৰ পৰিৱৰ্তে পুঠি, ডৰিকনা আমাৰ পুখুৰীত পাওঁ । গতিকে আমি আমাৰ পুখুৰীত মাছৰ পোনা এৰি দিয়াৰ আগতে তাক চিনাক্ত কৰিব পাৰিলে সুফল পাব পাৰো । সুস্থ, সৱল, নিৰোগী মাছৰ পোনা পুখুৰীত মেলিলে আমি উৎপাদন ভাল পাব পাৰো ।

মাছৰ জীৱনকালত পাঁচটা প্ৰধান অৱস্থা থাকে। সেইকেইটা হ'ল-হেচ্চলিং স্পন, ফ্ৰাই, ফ্ৰিংগাৰলিং আৰু প্ৰাপ্তবয়স্ক মাছ । মাছৰ পোনাসমূহ তাৰ শাৰিৰীক গঠনৰ ওপৰত ভিত্তি কৰি চিনাক্ত কৰা হয় ।

ৰৌ মাছ : বৈজ্ঞানিক নাম Labeo Rohita। এইবিধ মাছৰ পোনা চিনাক্তকৰণৰ সহজ উপায় হ’ল ইয়াৰ পুচ্ছবিন্তত এটা ক'লা পটী থাকে । পৃষ্ঠীয়, বক্ষীয় আৰু পুচ্ছ পাখি ৰঙচুৱা হয় । ইয়াৰ ক্ষুদ্ৰ ক্ষুদ্ৰ দুৰ্শাৰী দাড়ি থাকে । শৰীৰৰ ৰং পিঠিৰফালে কমলা ৰঙৰ আৰু তলফালে সেউজীয়া হয় । অলপ ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে ৰৌ মাছৰ তলৰ ওঁঠটো কোচ খোৱা হয় । শৰীৰটো দীঘলীয়া হয় ।

বাহু মাছ : বৈজ্ঞানিক নাম Catla Catla । আমাৰ মীনপালকসকলে সহজতে চিনি পোৱা মাছবিধ হ’ল বাহু বা ভকুৱা । এইবিধ মাছৰ পোনাৰ মূৰ তথা মুখখন ডাঙৰ হয় । ওঁঠ কোচ খোৱা নহয় । দাড়ি নাথাকে, গাটো থোপোকা হয় । এইবিধ মাছৰ বৰণ পিঠিৰফালে ধোঁৱা বৰণীয়া আৰু বুকুৰ ফালে ৰূপালী ।

মিৰিকা মাছ : বৈজ্ঞানিক নাম Cirrhnus Mrigala । এইবিধ মাছৰ পোনা চিনাক্তকৰণৰ সহজ উপায় হ’ল ইয়াৰ ওঁঠটো পাতল আৰু কোচ খোৱা নহয় । পুচ্ছবিন্তত এটা ক’লা চতুস্কোণী দাগ দেখা পোৱা যায় । মাছৰ পোনা দীঘলীয়া, ক্ষীণকায় আৰু অলপ জোঙা হয় ।

গ্ৰাছ কাৰ্প :  বৈজ্ঞানিক নাম Ctenopharyngondon Idella । দেখাত ৰৌৰ পোৱালিৰ নিচিনা। মূৰটো অলপ সৰু হয় । ওঁঠ কোচ খোৱা নহয় । পুচ্ছ বিন্তত কোনো ক’লা দাগ নাথাকে । শৰীৰ দীঘল আৰু কিছু গোলাকৃতিৰ হয় । গাৰ ৰং কিছু মাটিয়া তথা সেউজবুলীয়া হয়। গ্ৰাছ কাৰ্পৰ মুখত দুপাৰি দাঁত সদৃশ শক্তিশালী গ্ৰসনীদন্ত আছে ।

ছিলভাৰ কাৰ্প : বৈজ্ঞানিক নাম  Hypophihalmicthys molitrix । এইবিধ মাছৰ পোনা চেপেটা আকৃতিৰ, মুখখন জোঙা আৰু ঊৰ্দ্ধমুখী নহয়। মাছপোনাৰ বাকলি সৰু হয় আৰু ৰূপালী বৰণৰ হয় ।

কমন কাৰ্প : বৈজ্ঞানিক নাম Cyprinus carpio। এইবিধ মাছপোনা আমাৰ প্ৰায়ভাগ মীনপালকে চিনি পায়। কমন কাৰ্পৰ পোনা চিনাক্তকৰণৰ সহজ পদ্ধতি হ’ল ইয়াৰ মুখখন গাহৰিৰ মুখৰ দৰে । গাটো থোপোকা, পেটটো ওলাই থকা হয়। মাছবিধৰ দুযোৰ স্পষ্ট দাড়ি থাকে ।

কুড়ি : বৈজ্ঞানিক নাম Labeo gonius । এইবিধ মাছৰ বাকলিত ক’লা ফুটা থাকে। গাটো দীঘলীয়া হয়। পিঠি সামান্য ধেনুভিৰীয়া, মুখখন সৰু আৰু ওঁঠ কোচ খোৱা । বাকলিবোৰ সৰু সৰু আৰু সামান্য কজলা ৰঙৰ হয় ।

লগতে পঢ়কঃ গাহৰিৰ বেমাৰ চিনাক্তকৰণ আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে আপুনি কি কৰিব ? জানিবলৈ পঢ়ক...

English Summary: How to Identify the Species of Baby Fish

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.