মাছ এবিধ অতি সহজলভা উচ্চ প্রটিন উৎস্যসমৃদ্ধ পুষ্টিকৰ খাদ্য। সুস্বাদু এই খাদ্যবিধে জনসাধাৰণৰ পৌষ্টিক মানদণ্ড উন্নীতকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছে। উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা অনুসৰি আমাৰ দেশৰ প্ৰায় ৩০ শতাংশ জনসাধাৰণে পুষ্টিহীনতাত ভোগে। খাদ্যত প্ৰ’টিনৰ অভাৱৰ হেতু এতিয়াওঁ কৱাছিৰকৰ, মাৰছমাছ আদিৰ দৰে ৰোগত আক্ৰান্ত হৈ বহু শিশু মৃত্যু মুখত পৰে। সেয়েহে আমাৰ পটভূমিত অতি সূচল মীনপালনৰ জৰিয়তে মৎস্য উৎপাদন কৰি পুষ্টিৰ যোগান সুনিশ্চিত কৰাটো সময়ৰ আহব্বান। স্মতৰ্ব্য যে অসমৰ মাটি, পানী জলবায়ু, ভৌগোলিক অবয়ব মীন পালনৰ বাবে অতি উত্তম। মীন পালনত তুলনামূলকভাবে কম মূলধনী ব্যয় আৰু কম কষ্টৰ বিনিময়ত অধিক লাভবান হোৱাৰ থল থাকে।
উল্লেখযোগ্য যে অসমত বিজ্ঞানসন্মত মীনপালনত এটকা ব্যয় কৰি ৭০ পইচালৈ লাভ অৰ্জনৰ সুযোগৰ বিপৰীতে যিবোৰ ৰাজ্যই মীন পালনৰ জৰিয়তে গ্রামীণ অৰ্থনীতিৰ আমূল পৰিবৰ্তন সূচনা কৰিছে তেনেবোৰ ৰাজ্যত এই অঙ্কটো মাত্র ৩০ পইচাহে। ই কি সূচায়?
সচৰাচৰ কার্প জাতীয় মাছত প্রায় ১৮%-২২% প্রটিন, ১%-৬% লিপিড, ০.৪%-১% কার্বহাইড্রেট আৰু ৮০% পানী থাকে। মাছৰ প্ৰটিনত থকা কেতবোৰ অত্যাৱশ্যকীয় এমাইন এছিদ যেনে আর্জিনিন, লাইছিন, থ্রিয়নিন ইত্যাদিয়ে মাছক এবিধ উচ্চ কেলৰিসম্পন্ন পথ্য হিচাবে প্রতিষ্ঠিত কৰিছে। প্ৰটিনৰ উপৰিও মাছৰ দেহত যথেষ্ট পৰিমাণে ভিটামিন “ক” আৰু ভিটামিন “ঘ” থাকে। তদুপৰি মানৱ দেহৰ বাবে প্রয়োজনীয় বিভিন্ন খনিজ পদার্থ যেনে আয়ডিন, ফ্লৰিন, ফছফৰাছ, পটাছিয়াম, আইৰণ, ভাম, কেলছিয়াম আদিও মাছত পোৱা যায়। মাছত থকা শক্তিৰ পৰিমাণ (১৯৩ কিলো কেলৰি/১০০ গ্রাম) ছাগলী মাংস (১৪৩ কিলো কেলৰি/১০০ গ্রাম), গৰুৰ মাংস (১১৪ কিলো কেলৰি /১০০ গ্রাম) আৰু কুকুৰাৰ কণীতকৈ (১৭৩ কিলো কেলৰি /১০০ গ্রাম) বেছি। প্রতি কিলো গ্রাম মাছৰ পৰা কমেও ৬০০-৭০০ কেলৰি শক্তি পোৱা যায়। শীতলৰঞ্জী প্ৰাণী হোৱা বাবে মাছৰ উৎপাদন ব্যয় বহুগুনে কম। এক কিলোগ্রাম খাদ্য প্ৰটিনৰ পৰা মাছে ৩৫০ গ্রাম দেহ প্রটিন উৎপাদন কৰে, কিন্ত সমপৰিমানৰ খাদ্য প্ৰটিনৰ পৰা কুকুৰাই ১৮০ গ্রাম, গাহৰিয়ে ১২৫ গ্ৰাম আৰু গৰুৱে মাত্র ৫০ গ্ৰামহে দেহ প্রটিন উৎপাদন কৰিব পাৰে।
উল্লেখযোগ্য যে মাছৰ খাদ্যকলা ( edible Tissue) গৰু, ছাগলী আৰু কুকুৰাৰ মাংসতকৈ অধিক। মাছৰ অভি কম সংযোগী কলা আৰু অধিক এলবুমিনৰ বাবে ইয়াৰ প্ৰটিন ভাগ অধিক সহজে হজম হয়। বায়ুস্বাসী বিভিন্ন মাছ যেনে শিঙি, মাগুৰ, কাৱৈ আদিত যথেষ্ট পৰিমাণে লো আৰু তাম থাকে বাবে ইহঁতে হিমগ্লবিন সংশ্লেষণ কৰিব পাৰে আৰু মানৱ দেহৰ ৰক্তহীনতা দূৰ কৰাত সহায় কৰে। ৰক্তহীনতাত ভোগা ৰোগী বা গৰ্ভৱতী মহিলাৰ বাবে এই মাছ সমূহ উৎকৃষ্ট পথ্য। আকৌ শল, শাল, গৰৈ, চেং আদি সাপমূৰীয়া মাছত যথেষ্ট পৰিমানে এৰাছিডনিক এচিড থাকে, যি স্রষ্টাগ্লেনডিন আৰু থ্রম্বকিন নামৰ দুবিধ ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰে৷ এই দুবিধ ৰাসায়নিক পদাৰ্থই ভেজভ চেকুৰা বান্ধি তেজ নির্গমনত বাধা দিবলৈ অনুচক্রিকা নামৰ কলাবোৰ সক্ৰিয় কৰি তোলে।
মাছৰ ভেলত যথেষ্ট পৰিমানে ডি এইচ এ (Decosa Hexenoic Acid) আৰু ই.পি.এ (Elcosa Pentaenoic Acid) থাকে। গৰ্ভৱতী মহিলাৰ বাবে পৰিমিত হিচাবত DHA আৰু EPA সেৱন অতি দৰকাৰী। উপযুক্ত পৰিমাণৰ ওমেগা-৩ ফেটি এচিদৰ অভাৱত গৰ্ভত ধাৰণ কৰা শিশুৰ দৈহিক বৃদ্ধি বাধা প্রাপ্ত হয়। ছিডনী বিশ্ববিদ্যালয়ৰ গৱেষক সকলে প্ৰমাণ কৰিছে যে দৈনিক নিৰ্দিষ্ট পৰিমাণৰ মাছ খোৱা শিশুভকৈ মাছ নোথোৱা শিশুৰ এজমা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা চাৰিগুণ বেছি। গৱেষক সকলে প্ৰমাণ কৰিছে যে প্ৰতিদিনে ৩.৩ গ্রাম মাছৰ তেল সেৱন কৰিব পাৰিলে উশাহ-নিশাহত কষ্ট পোৱা যিকোনো ৰোগীয়ে সকাহ পাব পাৰে। মগজুৰ উৎকৰ্ষ সাধনৰ বাবে মাছ খোৱাটো অতি জৰুৰী। মগজুত কম পৰিমাণৰ DHA থাকিলে ছেটনিনৰ পৰিমাণো কম থাকে আৰু তেতিয়া মানুহৰ হতাশা বৃদ্ধি পায়, আত্মহত্যাৰ প্ৰৱণতা বাঢ়ে আৰু হিংস্ৰ কামৰ বাবে আসক্ত হয়। মানুহৰ মগজুৰ দুটা অংশ হল ৰেকে নিউক্লিয়াছ আৰু নিউক্লিয়াছ ক’ইৰিঅলাছ। শৰীৰতত্ববিদ সকলৰ মতে মস্তিষ্কৰ এটা অংশ সক্রিয় হলে টোপনি আহে। মগজুৰ কাম কাজ নিয়ন্ত্ৰণ কৰে ছেৰটনিন আৰু নন এড্রানিলিন নামৰ দুবিধ ৰাসায়নিক পদার্থই। মাছৰ তেলত থকা দুবিধ ৰাসায়ণিক পদার্থ DHA আৰু EPA ৱে ইহঁতৰ ভাৰসাম্য ৰক্ষা কৰি চলে বাবে মানুহৰ ভাল টোপনি অহাত সহায়ক হয়। নিয়মিত মাছ খালে মগজুত DHA ৰ পৰিমাণ নিয়মীয়া হৈ থাকে আৰু ই মানুহৰ স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে স্বাভাৱিক আচাৰ-আচৰণত সহায় কৰে। গৱেষক সকলে প্ৰমাণ কৰিছে যে মাছৰ তেলে যিকোনো বিষ নিৰাময় কৰিব পাৰে আৰু কৰ্কট ৰোগৰ দৰে ভয়াবহ ব্যাধিও ৰোধ কৰিব পাৰে। প্ৰতিদিনে ২.৫ গ্ৰামকৈ মাছৰ তেল সেৱন কৰিলে স্তনৰ কৰ্কট ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
তেজত কলেষ্টৰেল জমা হৈ ৰক্ত পৰিবাহী নলীবোৰ সংকুচিত হোৱাৰ ফলত হব পৰা হৃদণ্ডৰ সম্ভাব্য বিকাৰ মাছৰ ভেলত থকা অমেগা স্নেহ এচিদে বাধা দিয়ে। মাছৰ তেলত থকা এই অমেগা স্নেহ এচিডে উচ্চ ৰক্তচাপ প্ৰতিৰোধী হিচাবেও কাম কৰে।
জাপানৰ বিজ্ঞানীসকলে প্ৰামান কৰিছে যে দৈনিক ২ গ্ৰামকৈ মাছৰ তেল সেৱন কৰিলে মানুহৰ উচ্চ ৰক্তচাপ আৰু প্ৰকুঞ্চনীয় হ্ৰাস কৰিব পাৰি। কডনামৰ এবিধ সাগৰীয় মাছৰ পৰা আহৰণ কৰা কডলিভাৰ তেল যিকোনো বিষ জাতীয় বেমাৰৰ বাবে মহৌষধ। সাগৰীয়া মাছত আয়ডিন থাকে বাবে এই মাছ খোৱা লোকৰ গয়টাৰ ৰোগ হোৱাৰ আশংকা ক্ষীণ। মাছ থালে মানুহৰ তেজত শৰ্কৰাৰ পৰিমাণো নিয়ন্ত্ৰণ হৈ থাকে বাবে মধুমেহ ৰোগীয়ে নিয়মীয়াকৈ মাছ খোৱাটো প্রয়োজন।
এনে দিশবোৰ কৰি আমি সচৰাচৰ উপলভ্য পুখুৰী বা জলাশয় সমূহৰ কম খৰছতে মীন পালন কৰি পুষ্টিকৰ খাদ্য মাছ উৎপাদন কৰাৰ লগতে অর্থনৈতিক ভাবেও লাভবান হব পাৰো। সচৰাচৰ আমাৰ গ্ৰাম্য সমাজত প্ৰতিঘৰ গৃহস্হীৰে সৰু বৰ হলেওঁ একোটিকৈ পুখুৰী থাকে। কিন্তু আমি বেছিভাগে এই সমূহ মীন পালনৰ ব্যতিৰেকে এনেই পেলাই থৈ অব্যৱহাত কৰি ৰাখো। অতি সৰল প্ৰযুক্তি প্ৰয়োগ কৰি আমাৰ ঘৰৰ পুখুৰীটোতে সংমিশ্ৰিত মীন পালনৰ জৰিয়তে বছৰেকত বিঘাই প্ৰতি ৮০০-১০০০ কেজি মৎস্য উৎপাদন কৰিব পাৰো। মীন পালন প্ৰযুক্তি অতি সৰল কিন্তু পৰিক্ৰমা শৃঙ্খলাবদ্ধ।
ঘৰৰ পুখুৰীটো মীন বিজ্ঞানৰ দৃষ্টিকোণৰে সাজু কৰি মাছৰ খাদ্যাভাস আৰু নিবাসতাৰ ভিন্নতা অনুসৰি বেলেগ বেলেগ প্ৰজাতিৰ মাছ একেলগে পালন কৰি জলাশয়ৰ উৰ্দ্ধ, মধ্য আৰু নিম্নস্তৰৰ প্ৰাকৃতিক খাদ্যসম্ভাৰৰ যথোচিত ব্যৱহাৰৰ লগতে অধিক মাছ উৎপাদন কৰিব পাৰি। আকৌ শেহতীয়া বিভিন্ন প্রযুক্তি যেনে সংমিশ্ৰিত মীনপালনৰ লগত মোৱা মাছ পালন, নিম্নস্তৰৰ মাছৰ পৰিবৰ্ত্তে অলৱনীয় পানীৰ মিছামাছ সংযোজন আদিয়ে একে মূলধনী ব্যয়তে অধিক উপাৰ্জনৰ পথ প্ৰশস্ত কৰে। তদুপৰি মন কৰিলে দেখা যায় যে অসমৰ প্ৰায়বোৰ গৃহস্থীতে ঘৰচীয়া জীৱ-জন্তু পালন কৰা হয় আৰু প্ৰায়বোৰ গৃহতে পুখুৰী এটাওঁ থাকে। এনে পটভূমিত পশুধনৰ লগত সমন্বিত মীন পালন সংযোগ কৰি অতি কম খৰছতে জৈৱিক উপায়েৰে ওপৰঞ্চি ভাৱে মীন উৎপাদন পাব পাৰো। এনে সমন্বয়ত মাছৰ বাবে কোনো পৰিপূৰক খাদ্য আৰু অজৈৱিক সাৰ প্ৰয়োগৰ প্ৰয়োজন নহয়।
তেনেদৰে ধানখেতি আৰু উদ্যান শস্যৰ লগত মীন পালনৰ সমন্বয় ঘটাই অনায়েসে পুষ্টিকৰ খাদ্য মৎস্য উৎপাদন নিশ্চিত কৰিব পাৰি। গ্ৰাম্য মহিলা সকলে মুখ্যঃত ঘৰতে থকা সৰু পুখুৰীটোত সমন্বিতভাবে হাঁহৰ লগত মীন পালন কৰি লাভবান হোৱাৰ অলেখ উদাহৰণ আছে। ই মহিলা সবলীকৰণৰো এক ফলপ্ৰসু নামান্তৰ। শেহতীয়াভাৱে অতি কম ঠাইত টেঙ্কী সাজি শিঙি, মাগুৰ, কুছিয়া, কাৱৈ আদি বায়ুশ্বাসী মাছ পালনৰে লাভবান হোৱাৰ প্ৰযুক্তি সৰলীকৃত আৰু মানকৃত হৈছে। এনে কৌশলত বিশেষ ঠাইৰ প্ৰয়োজন নহয়। ঘৰৰ চোতাল, চাদ, বাৰান্দা আদিতো এনেদৰে মাছ উৎপাদন সম্ভৱ। সেয়েহে নগৰ-চহৰত এই কৌশল সমূহ অতি জনপ্রিয় হৈছে। এনে পালনত অধিক ঘনত্বত মাছ পালন কৰি অতি কম সময়ৰ ব্যৱধানত মীন উৎপাদন পাব পাৰি। বিভিন্ন অঞ্চলৰ পাশ্ববর্তী প্রাকৃতিক জলাশয়সমূহতো সজাঁ আৰু আবেষ্টনী পদ্ধতিত মীন পালন কৰি স্থানীয় চাহিদা যোৰা মৰাৰ খল থাকিব। অভি শেহতীয়াকৈ পিভিচি বা টাপুলিনৰে বৃত্তাকাৰ জলাধাৰ সাজি জৈৱপুঞ্চ (Bio floc) কৌশলৰে কম ঠাইতে মীন পালন কৰিব পাৰি। ইয়াত কৃত্রিম জলাধাৰটোৰ পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰি গহন পদ্ধতিৰে অধিক ঘনত্বত মীন পালন কৰিব পাৰি। নগৰীয়া পটভূমিত ই অতি উপযোগী কৌশল। বায়ফ্লক কৌশলভ অব্যৱহাত খাদ্যৰ অপৰদ, বর্জিত পদার্থ, মল-মূত্ৰ আদিৰ পৰা সৃষ্টি হোৱা এমনিয়া, নাইট্রাইট, নাইট্রেট আদি উপযোগী বেকটেৰীয়াৰ সহায়ত প্ৰটিনযুক্ত খাদ্যলৈ ৰূপান্তৰ কৰি মীন পালন কৰা হয়। এই সকলোখিনি অত্যন্ত কম ঠাইভ কৰিব পাৰি। চহৰাঞ্চলত ঘৰৰ ছাদতো এই কৌশলসমূহ তেনেই সূচল। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হল মীনপালন কৌশল ৰূপায়ণত বেছি সময় বা কষ্ট কৰিব লগা নহয়। ঘৰৰ মহিলা সকল বা ছাত্র-ছাত্রী বা আন পেশাত জড়িত সকলেও অনায়েসে এইসমূহ কৌশল ৰূপায়ণ কৰি মৎস্য উৎপাদন প্ৰশস্ত কৰাৰ লগতে প্ৰটিন উপলভ্যতা নিশ্চিত কৰিব পাৰে। যাৱতীয় কাৰিকৰী সহযোগিতাৰ বাবে মীন বিষয়া বা নিকটবর্তী মীন বিষয়াৰ কাৰ্যালয়ৰ লগত যোগাযোগ বাঞ্চনীয়। আহক আমি সকলোৱে যৎপৰোনাস্তি মৎস্য উৎপাদনত গুৰুত্ব আৰোপ কৰি মৎস্য উৎপাদন বৃদ্ধিৰ লগতে আর্থ সামাজিক উন্নয়নতো অৰিহনা যোগাওঁ এইয়াই হ'ল বৰ্ত্তমানৰ পৰিপ্ৰেক্ষিতত সময়ৰ আহব্বান।
লগতে পঢ়ক-ৰংচঙীয়া মাছৰ কথা!
ড° ধ্ৰুৱজ্যোতি শৰ্মা
মীন বিষয়া, মীন সঞ্চালকাসয়, অসম