1. পশুপালন

Fisheries: মাছৰ উৎপাদনত বৃদ্ধিত প্ৰাকৃতিক খাদ্য!

KJ Staff
KJ Staff
Natural food to increase  fish production (Source-Google)
Natural food to increase fish production (Source-Google)

মাছ পানীত থকা এবিধ প্ৰাণী। মাছক জীয়াৰ থকাৰ বাবে পানীৰ প্ৰয়োজন হয়। এই পানীতেই সৃষ্টি হয় মাছৰ প্ৰাকৃতিক খাদ্যৰ। অন্যান্য প্ৰাণীৰ দৰে মাছকো শৰীৰৰ বৃদ্ধি, শৰীৰৰ ক্ৰিয়াত্মক প্ৰকাৰ্য আৰু প্ৰজননৰ বাবে পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন, ভিটামিন, মিনাৰেল আৰু শক্তিযুক্ত খাদ্যৰ প্ৰয়োজন । পানীত থকা বিভিন্ন জীৱ, জৈৱিক পদাৰ্থ আৰু অপৰদ মাছৰ প্ৰাকৃতিক খাদ্য।

মাছৰ প্ৰাকৃতিক খাদ্যক ৫ টা ভাগত ভাগ কৰা হৈছে-

  1. প্লৱক ইংৰাজীত Plankton বুলিও কোৱা হয়। পানীত প্ৰলম্বিত অৱস্হাত থকা, স্বগমন ক্ষমতাবিহীন ক্ষুদ্ৰ জীৱসমূহক প্লৱক বুলি কোৱা হয়। প্লৱকৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক তিনি ভাগত ভাগ কৰা হয়।

  • নেন’প্লৱক (Nanoplankton): ৬০ মাইক্ৰ’নতকৈ সৰু প্লৱক।

  • অনুপ্লৱক (Microplankton): ৬০ মাইক্ৰ’নৰ পৰা ৩ মিলিমিটাৰ আকাৰৰ প্লৱক।

  • স্হলপ্লৱক (Macroplankton): ৩ মিঃ মিঃ তকৈ ডাঙৰ প্লৱক।

  এই প্লৱকক উদ্ভিদ আৰু প্ৰাণীৰ চৰিত্ৰ অনুসৰি দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে

  • উদ্ভিদ প্লৱক (Phytoplankton): পানীত থকা খালী চকুৰে দেখা নোপোৱা উদ্ভিদবোৰক উদ্ভিদবোৰক উদ্ভিদপ্লৱক বোলা হয়। ইহতক অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা যায়। ইহঁতে পানীত ঢৌৰ সৈতে চলাচল কৰে। উদ্ভিদ প্লৱকত পত্ৰহৰিৎ (Chlorophyll), পত্ৰপীতক (Carotenoid) আৰু বিলি প্ৰিন (Biliprotein) কনিকা থাকে।

  • পানী প্ল’ৱক (Zooplankton): পানীত প্ৰলম্বিত হৈ থকা ক্ষুদ্ৰ প্ৰণীসমূহক পানী প্লৱক বোলা হয়। পানীপ্লৱক কিছুমানৰ সীনিত স্বগমন ক্ষমতা আছে যদিও পানীৰ গতিটোহে ইহঁতক এঠাইৰ পৰা আন ঠাইলৈ লৈ যায়।

2. পেৰিফাইটন (Periphyton): শিল, কাঠ, বাঁহ আদি কঠিন পদাৰ্থ আৰু গুৰুপত্ৰী উদ্ভিদৰ গাত লাগি থকা অনুবীক্ষণিক জীৱবোৰক পেৰিফাইটন বুলি জনা যায়।

3.গুৰুপত্ৰী উদ্ভিদঃ উদ্ভিদ প্লৱকৰ বাহিৰে সকলো উদ্ভিদেই ইয়াৰ অন্তৰ্গত। গুৰুপত্ৰী উদ্ভিদসমূহ ভাসমান, অৰ্ধনিমজ্জিত আৰু নিমজ্জিত অৱস্হাত থাকে।

4.নিতল প্ৰাণীঃ জলধাৰাৰ তলিত বা বেদিকাত থকা প্ৰাণীসমূহ হ’ল নিতল প্ৰাণী । ইহঁত অমেৰুদণ্ডী প্ৰণী । ভিভিন্ন প্ৰজাতিৰ আদ্যপ্ৰাণী, ছিলেনটেৰটা, চেপেটাকৃমি, ঘূৰণীয়া কৃমি,বলীয়া প্ৰাণী, কোমলদেহী প্ৰাণী আৰু জলজ পতঙ্গৰ পলু আদি এই শ্ৰেণীৰ ভিতৰত পৰে।

5. অপৰদঃ পুখুৰীৰ তলিত জমা হৈ থকা উদ্ভিদ আৰু প্ৰাণীৰ মৃতদেহবোৰক অপৰদ বোলা হয়।

পুখুৰীত সৃষ্টি এই প্ৰাকৃতিক খাদ্যসমূহৰ উভৈনদী হ’লে মাছৰ বৃদ্ধি খৰতকীয়া হয়। প্ৰাকৃতিক খাদ্যৰ প্ৰাচুৰ্যতা আৰু খাদ্যভ্যাস অনুসৰি মাছে জলস্হম্ভৰ বিভিন্ন স্তৰত অৱস্হান কৰে। জলস্হম্ভৰ অৱস্হান অনুসৰি মাছক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি। পানীৰ উৰ্ধস্তৰত অৱস্হান কৰা মাছে প্লৱক জাতীয় খাদ্য খায়। মধ্যস্তৰত থকা মাছে গুৰুপত্ৰী উদ্ভিদৰ ছিন্ন টুকুৰা, শেলাই অপৰদ আদি খায়। নিম্নস্তৰত থকা মাছে অপৰদ আৰু নিতল প্ৰাণী আদি খায়।

পুখুৰীত প্ৰকৃতিক খাদ্য বৃদ্ধি কৰাৰ বাবে আমি পুখুৰীত জৈৱিক আৰু অজৈৱিক সাৰ ব্যৱহাৰ কৰো। এই জৈৱিক আৰু অজৈৱিক সাৰ পুখুৰীৰ পানীত ব্যৱহাৰ কৰাৰ ফলত পুখুৰীত প্ৰাকৃতিক খাদ্যৰ পৰিমাণ বৃদ্ধি হয়। যাৰ ফলত মাছৰ শ্ৰী বৃদ্ধি খৰতকীয়া হয়। পুখুৰীত  ব্যৱহাৰ কৰা জৈৱিক সাৰ, কেঁচা গোবৰ আৰু অজৈৱিক সাৰ ইউৰিয়া , চিঙ্গল চুপাৰ ফছফেট আদি মাছে প্ৰত্যক্ষভাৱে গ্ৰহণ নকৰে। ইয়াৰ ব্যৱহাৰৰ জৰিয়তে পুখুৰীৰ পানীত প্লৱকৰ বৃদ্ধি হয় আৰু এই প্লৱকসমূহ মাছৰ প্ৰধান খাদ্য। পুখুৰীত সৃষ্টি হোৱা এই প্ৰকৃতিক খাদ্যসমূহে মাছৰ  পৰিপুষ্টিৰ চাহিদা পূৰণ কৰাৰ বাবে পুখুৰীত পৰিপূৰক খাদ্যৰ যোগান ধৰিব লাগে।

মাছৰ পৰিপূৰক খাদ্য সহজতে গ্ৰহণ কৰিব পৰা আৰু হজম কৰিব পৰা হোৱা উচিত। মাছৰ পৰিপূৰক খাদ্য হিচাপে চীনা বাদাম, সৰিয়হ, নাৰিকল, তিল আদিৰ খলিহৈ, চাউল ঘেহু আদিৰ মল, শুকান মাছ, ছয়াবিন, শাক পাচলি আদি নিৰ্দিষ্ট অনুপাতত মিহলাই প্ৰয়োগ কৰিব লাগে।

মাছৰ শ্ৰী বৃদ্ধিৰ বাবে প্ৰাকৃতিক খাদ্যৰ উপৰিও পৰিপূৰক খাদ্যৰ অতিকৈ প্ৰয়োজন। মাছ পালনৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ হ’লে আমি মাছৰ উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰিব লাগে।  মাছৰ উৎপাদন বৃদ্ধিৰ বাবে মাছক প্ৰাকৃতিক খাদ্য আৰু পৰিপূৰক খাদ্য যোগান ধৰিলে আমি অধিক লাভ পাবলৈ সক্ষম হ’ম।

লগতেঃ মাছপোনা উৎপাদনেৰে স্বাৱলম্বী অভয়াপুৰীৰ নজৰুল সৰকাৰ

প্ৰতুল ডেকা

মীন উন্নয়ন বিষয়া,

মীন বিভাগ, অসম চৰকাৰ

English Summary: Natural food to increase fish production

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.