MFOI 2024 Road Show
  1. পশুপালন

অসমত থলুৱা প্ৰজাতিৰ মাছ আৰু ইয়াৰ সংৰক্ষণ

KJ Staff
KJ Staff
Assam Local species of fish and its conservation!
Assam Local species of fish and its conservation!

অসমৰ জলাশয়ত দেখিবলৈ পোৱা কাৱৈ, গৰৈ, মাগুৰ, শিঙি, শিঙৰা, তুৰি, বতিয়া, ককিলা, শ’ল, শাল, বৰালী, কুচিয়া, ভেদেঙী, পুঠি, দৰিকনা, খলিহনা, নাৰ, বাট, পাভ, চেনী-পুঠি, মিছা, চন্দা ইত্যাদি। থলুৱা প্ৰজাতিৰ মাছবোৰৰ বজাৰ চাহিদা যথেষ্ট বেছি। থলুৱা প্ৰজাতিৰ মাছবোৰ চ’ত-বহাগ মাহৰ পৰা আহাৰ মাহত উপযুক্ত মতা আৰু মাইকী মাছবোৰ প্ৰজননক্ষম হৈ উঠে। ন-বৰষুণৰ চাফা পানীত কণী থকা মাইকী আৰু উপযুক্ত মতা মাছৰ সৈতে প্ৰজনন প্ৰক্ৰিয়াৰে কণী এৰি দিয়ে। সকলো ধৰণৰ মাছৰ প্ৰজনন প্ৰক্ৰিয়া একে নহয়। বেলেগ বেলেগ প্ৰজাতিৰ মাছৰ প্ৰজনন প্ৰক্ৰিয়া আৰু প্ৰজন্মৰ সময় বেলেগ বেলেগ।

এনেধৰণৰ মাছবোৰক আকৌ প্ৰকৃতিৰ বুকুত থকা সাপ, ভেকুলী, বিভিন্নধৰণৰ জন্তু, বগলী, পানী কাউৰী, মাছৰোকা, চিলনী আদি জীৱবোৰে প্ৰধান খাদ্য হিচাপে ধৰি খোৱা দেখিবলৈ পোৱা যায়। থলুৱা বিভিন্ন ধৰণৰ শত্ৰুৰ পৰা নিজক বচাবৰ কাৰণে কিছু প্ৰজাতিৰ মাছে বহু সময়লৈ বোকাৰ তলত লুকাই থাকিব পাৰে আৰু কিছুমান মাছে আকৌ গাঁতত লুকাই থাকে। কাৱৈ, মাগুৰ, শিঙি, কুছিয়া, শ’ল ইত্যাদি বায়ুস্বাসী মাছে পানীৰ ওপৰত বা মুক্ত বায়ুত বহু পৰলৈ জীয়াই থাকিব পাৰে। নিজৰ বংশ ৰক্ষা কৰিব কাৰণে এঠাইৰ পৰা আন ঠাইলৈ গুছি যায়।


সময়ৰ গতিৰ লগে লগে প্ৰাকৃতিক জলাশয়ৰ পৰা থলুৱা প্ৰজাতিৰ মাছবোৰ কমি আহিছে। কিছুমান প্ৰজাতিৰ মাছ প্ৰায় বিলুপ্ত হৈছে আৰু বহুকেইটা প্ৰজাতিৰ মাছ প্ৰায় বিলুপ্তৰ পথত। অসমৰ জলাশয়ৰ পৰা বিলুপ্তপ্ৰায় হোৱা কেইবিধমান মাছ হ’ল- নাৰ, পাভ, বাট, লাল, চেনীপুঠি, ভেদেঙি ইত্যাদি। এনেধৰণৰ মাছবোৰ কমি অহাৰ মূল কাৰণসমুহ হ’ল-

  1. প্ৰাকৃতিক পৰিৱেশৰ অৱনতি। বায়ু, শব্দ আৰু পানী প্ৰদূষণৰ ফলত থলুৱা প্ৰজাতিৰ মাছবোৰৰ বংশ বৃদ্ধি কৰাত বাধাৰ সৃষ্টি হয় আৰু পৰিৱেশৰ লগত সংগ্ৰাম কৰিব নোৱাৰাৰ ফলত লাহে লাহে বংশ বৃদ্ধিৰ হাৰ কমি আহিছে।

  2. প্ৰকৃতিৰ জলাশয় কমি অহাৰ ফলত থলুৱা প্ৰজাতিৰ মাছবোৰৰ বংশ বৃদ্ধিত বাধাৰ সৃষ্টি হৈছে।

  3. কৃষিক্ষেত্রত বিভিন্নধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত থলুৱা প্ৰজাতিৰ মাছবোৰৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পৰিছে।

  4. চহৰ নগৰ আৰু কল কাৰখানাৰ পৰা অহা আবৰ্জনাবোৰে পানী প্ৰদূষিত কৰি মাছৰ বিভিন্নধৰণৰ বেমাৰ সৃষ্টি কৰাৰ উপৰিও মাছৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰিছে।

  5. মাছমৰীয়াসকলে বিভিন্ন সজুলিৰ সহায়ত প্ৰজননক্ষম মাছ ধৰি শেষ কৰি দিয়ে। এজনী মাইকী গাভিনী মাছ ধৰাৰ ফলত ৫০০০ পৰা ১৫,০০০ পৰ্যন্ত মাছৰ পোৱালী ধ্বংস কৰা হয়।

থলুৱা প্ৰজাতিৰ মাছবোৰৰ বংশবৃদ্ধি আৰু পুনৰ সংৰক্ষণৰ বাবে আমি কিছু দায়িত্ব পালন কৰিব লাগিব। চ’ত মাহৰ পৰা আহাৰ মাহ পৰ্যন্ত জলাশয়ৰ পৰা উপযুক্ত মতা আৰু মাইকী গাভিনী মাছ বন্ধ কৰিব লাগিব।

  1. প্ৰাকৃতিক জলাশয়সমূহ সংৰক্ষণ কৰিব লাগিব।

  2. থলুৱা প্ৰজাতিৰ মাছবোৰ সংৰক্ষণ আৰু বংশ বৃদ্ধিত বাধা হোৱা কাৰণসমূহৰ ওপৰত সজাগতা মূলক সভা আৰু পাঠ্যক্ৰমত অন্তৰ্ভূক্তি কৰিব লাগিব।

  3. চহৰ নগৰৰ আৰু কল-কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাবোৰ পোনপটীয়াকৈ যাতে প্ৰাকৃতিক জলাশয়লৈ আহিব নোৱাৰে তাৰ ব্যৱস্হা কৰিব লাগিব।

  4. কিছু পৰিমাণে পৰিত্যক্ত জলাশয় বা দ জলাশয়ত পানী সিচি মাছ ধৰাত বাধা আৰোপ কৰিব লাগিব।

  5. কণী হোৱা মাইকী মাছ আৰু সৰু পোৱালী মাছবোৰ মাছমৰীয়াসকলে যাতে নধৰে আৰু ক্ৰেতা সকলে যাতে বজাৰৰ পৰা কিনি নলয় তাৰ বাবেও সজাগ হব লাগিব।

  6. থলুৱা প্ৰজাতিৰ মাছবোৰৰ বংশবৃদ্ধি আৰু পুনৰ সংৰক্ষণৰ বাবে আমি কিছু দায়িত্ব পালন কৰিব লাগিব। চ’ত মাহৰ পৰা আহাৰ মাহ পৰ্যন্ত জলাশয়ৰ পৰা উপযুক্ত মতা আৰু মাইকী গাভিনী মাছ বন্ধ কৰিব লাগিব।

  7. প্ৰাকৃতিক জলাশয়সমূহ সংৰক্ষণ কৰিব লাগিব।

  8. থলুৱা প্ৰজাতিৰ মাছবোৰ সংৰক্ষণ আৰু বংশ বৃদ্ধিত বাধা হোৱা কাৰণসমূহৰ ওপৰত সজাগতা মূলক সভা আৰু পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰিব লাগিব।

  9. চহৰ নগৰৰ আৰু কল-কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাবোৰ পোনপটীয়াকৈ যাতে প্ৰাকৃতিক জলাশয়লৈ আহিব নোৱাৰে তাৰ ব্যৱস্হা কৰিব লাগিব।

  10. কিছু পৰিমাণে পৰিত্যক্ত জলাশয় বা দ জলাশয়ত পানী সিচি মাছ ধৰাত বাধা আৰোপ কৰিব লাগিব।

  11. কণী হোৱা মাইকী মাছ আৰু সৰু পোৱালী মাছবোৰ মাছমৰীয়াসকলে যাতে নধৰে আৰু ক্ৰেতা সকলে যাতে বজাৰৰ পৰা কিনি নলয় তাৰ বাবেও সজাগ হব লাগিব।

এনেধৰণৰ সাৱধানতাই থলুৱা প্ৰজাতিৰ মাছবোৰৰ বংশ বৃদ্ধি কৰাৰ উপৰিও বজাৰ চাহিদা পূৰণ কৰিব পৰা যাব। অসমৰ থলুৱা প্ৰজাতিৰ মাছবোৰ বিজ্ঞানসন্মত পদ্ধিতিৰে ব্যৱসায়ভিত্তিত পালনৰ বাবে চিন্তা চৰ্চা চলি আছে যদিওঁ এতিয়ালৈকে আশানুৰূপ ফল হোৱা নাই। এনেধৰণৰ মাছবোৰ বিজ্ঞানসন্মত পদ্ধতিৰে পালন কৰা প্ৰধান অসুবিধা হ’ল- উপযুক্ত পৰিমাণে পোনাৰ নাটনি আৰু প্ৰাকৃতিক উৎসৰ পৰা প্ৰয়োজন অনু্যায়ী পোৱালী পোৱা নাযায়।

যেতিয়ালৈকে এনেধৰণৰ মাছবোৰ কৃত্রিমভাৱে আৱিষ্ট প্ৰজনন সম্ভৱ নহয়, বিজ্ঞান সন্মত পদ্ধতিৰে পালন সম্ভৱ নহয়। মাগুৰ, কাৱৈ, কুছিয়া, শিঙি, শ’ল ইত্যাদি কেইবিধমান প্ৰজাতিৰ মাছ কৃত্রিমভাৱে আৱিষ্ট প্ৰজনন সফল হৈছে। এনেধৰনৰ মাছবোৰ বৰ্ত্তমানে বিজ্ঞানসন্মত পদ্ধতিৰে পালন কৰি আহিছে যদিও আশানুৰূপ ফল পোৱা নাই। পৰীক্ষামূলক পদ্ধতিৰেহে পালন চলি আছে। অসমৰ জলাশয়ত বিভিন্নধৰনৰ অলংকাৰীক মাছ দেখিবলৈ পোৱা যায়, যেনে- চুৰি শিঙৰা, বৰকা, চেঙ পুঠি ইত্যাদি। থলুৱা প্ৰজাতিৰ মাছবোৰৰ বংশ বৃদ্ধি আৰু আমি প্ৰতিজন ব্যাক্তিয়ে দায়িত্ব পালন কৰিব লাগিব। আহক আমি সকলোৱে একলগ হৈ অসমৰ থলুৱা মাছৰ বংশবৃদ্ধি আৰু সংৰক্ষণ কৰাৰ ব্যবস্থা কৰো।

লগতে পঢ়ক-কুচিয়া মাছ পালন আৰু পৰিবেশৰ ওপৰত ইয়াৰ প্ৰভাৱ-

লেখক: অমল মেধি  (সংগৃহীত প্ৰবন্ধ)

English Summary: Assam Local species of fish and its conservation!

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.