Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 May, 2022 11:04 AM IST
কাৰ্পৰ লগত মোৱা আৰু সৰু থলুৱা প্ৰজাতি মাছ উৎপাদন

পুখুৰীত কাৰ্প পালন ৰাজ্যখনত অতি জনপ্ৰিয় মীন পালন পদ্ধতি হিচাপে পৰিগণিত হৈছে। সাধাৰণতে ৰাজ্যখনত জল সংবৰ্ধনৰ ক্ষেত্ৰত পৰম্পৰাগত ব্যৱস্হাপনা অনুশীলন পদ্ধতিৰে মীন পালন কৰা হয় যাৰ উৎপাদনশীলতা বহুত কম। ৰাজ্যখনৰ বিস্তৃত বিলসমূহ লীজৰ দ্বাৰা বা স্হানীয় লোকৰ গোটেৰে পৰিচালনা কৰা হয় যদিও এই জলৰাশি সমূহতো মাছৰ উৎপাদন নিম্নমানৰ। একেদৰেই কৃষকসকলে দ’ প্লাবিত অঞ্চলত বতৰৰ লগত খাপ খোৱা প্ৰযুক্তিবিদ্যা হিচাপে সমন্বিত ধান-মাছ পদ্ধতি সমকালীন নাইবা একে লগতে উৎপাদিত শস্য হিচাপে অনুসৰণ কৰে। অসম মৎস বৈচিত্ৰৰে চহকী আৰু ইয়াৰ বিলবোৰত প্ৰচুৰ পৰিমাণে থকা থলুৱা মাছৰ সম্পদসমূহৰ সংৰক্ষণ আৰু বংশ বিস্তাৰৰ উপযুক্ত স্হল।

মোৱা আৰু অন্যান্য সৰু থলুৱা প্ৰজাতি মাছসমূহ ক্ষুদ্ৰ পোষক দ্ৰব্য যেনে ভিটামিন-A, কেলছিয়াম, আইৰণ, জিংক ইত্যাদি আদিৰে ভৰপূৰ। এই ক্ষুদ্ৰ পোষক দ্ৰব্যসমূহ মগজুৰ উন্নতি আৰু দেহৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। বিশেষভাৱে সৰু ল’ৰা ছোৱালী, গৰ্ভৱতী মহিলা আৰু দুগ্ধ পাণ কৰোৱা মাকৰ বাবে অত্যন্ত লাগতিয়াল। সংমিশ্ৰণ পদ্ধতিত কাৰ্প মাছৰ লগত মোৱা আৰু অন্য সৰু প্ৰজাতিৰ মাছ পালন কৰিব পাৰি। মোৱা আৰু অন্য সৰু থলুৱা প্ৰজাতিৰ মাছৰ উৎপাদন প্ৰযুক্তিবিদ্যাই অতিৰিক্ত মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছ উৎপাদন কৰে, যিয়ে স্হানীয় লোকৰ পুষ্টি সুৰক্ষাত সহায় কৰে। তাৰোপৰি, অসমত স্হানীয় আৰু সৰু মাছৰ লগতে মোৱা মোছৰ বিভিন্ন ব্যঞ্জন খোৱাৰ পৰম্পৰা আছে আৰু ৰাজ্যখনত স্হানীয় থলুৱা মাছৰ যথেষ্ট বজাৰ চাহিদাও আছে।

মোৱা মাছৰ গুৰুত্বঃ

  • মোৱা মাছ ক্ষুদ্ৰ পোষক দ্ৰব্যৰে ভৰপূৰ।

  • কাৰ্প সংমিশ্ৰণ পদ্ধতিৰ লগত অত্যন্ত সম্ভাৱনাপূৰ্ণ।

  • সকলো ধৰণৰ পুখুৰী, জলাশয়, বিল, নিম্ন জলস্হৰৰ প্লাবিত অঞ্চল আৰু জলধৰাত এই মাছ উৎপাদনৰ সম্ভাৱনা আছে।

  • উচ্চ কণীযুক্ত এই মাছ স্বাভাৱিকভাৱে গোটেই বছৰ জুৰি পুখুৰী আৰু অন্য জলাশয়ত প্ৰজনন কৰে।

  • যদি এবাৰ মজুত কৰি ভালকৈ সংৰক্ষণ কৰা হয় তেন্তে আগলৈ আৰু মজুতকৰণৰ প্ৰয়োজন নহয়।

  • মোৱা মাছ থকা জলাশয়ত অনুকূল পৰিবেশ অন্য সৰু থলুৱা প্ৰজাতিৰ মাছ উৎপাদনত সহায় কৰে।

  • ঘৰত সদায় খাবৰ বাবে সহজে মোৱা মাছ ধৰিব পাৰি।

  • আংশিকভাৱে মোৱা মাছ চপোৱাৰ যোগেদি নিয়মিতভাৱে টকা উপাৰ্জন কৰিব পাৰি।

  • উচ্চ বজাৰ চাহিদা আৰু তুলনামূলকভাৱে উচ্চ বজাৰ মূল্য আৰু ই কাৰ্প সংমিশ্ৰণৰ লগত অত্যন্ত লাভজনক।

লগতে পঢ়ক-কুচিয়া মাছ পালনৰ সহজ পদ্ধতি-

উত্তম ব্যৱস্হাপনা অনুশীলনৰ নিৰ্দেশনাৱলী তিনিটা পদ্ধতিত অন্তৰ্ভুক্ত কৰা হৈছেঃ

  • পুখুৰীৰ কাৰ্প-মোৱা সংমিশ্ৰণ

  • সমন্বিত ধান মাছ পদ্ধতিত কাৰ্প-মোৱা সংমিশ্ৰণ

  • বিলত মোৱা মাছ উৎপাদন

তদুপৰি তলত দিয়া উত্তম ব্যৱস্হাপনা অনুশীলনৰ নিৰ্দেশনাৱলীসমূহ সকলো পদ্ধতিৰ বাবে একেই।

১। কণীযুক্ত মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছৰ উৎস চিনাক্তকৰণঃ

  • মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছ সমূহ নদী, বিল, নিজৰা, পুখুৰী, খাৱৈ, জলাশয় আৰু জল প্লাবিত পথাৰত থাকে। মুক্ত ধাননি পথাৰৰ লগত জড়িত ডাঙৰ পুখুৰী আৰু বিলৰ খাৱৈত এইবোৰ মাছ সাধাৰণতে পোৱা যায়।

  • আৰম্ভনিতে মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছৰ উৎস চিনাক্ত কৰিব লাগে। এবাৰ উৎস  চিনাক্ত হোৱাৰ পাছত জলাশয়বোৰ কণীযুক্ত মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছৰ বহনক্ষম উৎস সম্ভাৱনীয়তা নিৰ্ণয় কৰা উচিত। আদৰ্শভাৱে মাছ পালন কৰি থকা খণ্ডবোৰত কণীযুক্ত মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছৰ উৎসৰ অভিলেষ থাকিব লাগে যাতে তাৰ পৰা মাছ সংগ্ৰহ কৰিব পাৰি। কাৰ্প-মোৱা সংমিশ্ৰণ পদ্ধতিৰ পুখুৰীবোৰো সময়ে সময়ে এনে মাছৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰি।

২। জীৱিত সৰবৰাহৰ বাবে কণীযুক্ত মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছৰ দৃঢ়কৰণঃ

  • মোৱা ভালকৈ দৃঢ়কৰণৰ বাবে জীৱিত অৱস্হাত সৰবৰাহৰ আগত মোৱা মাছ সমূহ সঘনাই জাল মাৰি এৰি দিয়া পদ্ধতিটো অতি প্ৰয়োজনীয়।

  • সৰবৰাহৰ আগত এই পদ্ধতিটো অতি কমেও ২-৩ বাৰলৈ মিহি জালৰ সহায়ত পুনৰাবৃত্তি কৰিব লাগে আৰু লগতে একেৰাহে পানী ছটিয়াই থাকিব লাগে।

  • মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ কণী ফুকোৱা মাছ সৰবৰাহৰ ৩-৫ দিন আগত মিহি চাউলৰ মল বা মিহি বাণিজ্যিক খাদ্য খুৱাব লাগে।

  • মোৱা মাছৰ দৃঢকৰণ কাৰ্পৰ ফ্ৰাই, আঙুলী সদৃশ মাছৰ দৃহকৰণৰ সৈতে একেই। ইয়াৰ বাবে ভলদৰে দানা দিয়া আৰু জাল মৰাৰ প্ৰয়োজন। জাল মৰাৰ ফলত মাছসমূহ শক্তিশালী আৰু দৃঢ় হৈ উঠাৰ বাবে সৰবৰাহৰ সময়ত নমৰে।

লগতে পঢ়ক-লাভজনক আৰু সম্ভাৱনাপূৰ্ণ ব্যৱসায় শামুকৰ খেতি!

৩। পুখুৰীৰ পৰা মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছ সংগ্ৰহ আৰু সৰবৰাহঃ

  • মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছ কম উঞ্চতাত সৰবৰাহ কৰিব লাগেঃ ৰাতিপুৱা আৰু সন্ধিয়া সময়ত।

  • সৰবৰাহৰ আগদিনা খাদ্য দিয়া বন্ধ কৰিব লাগে।

  • এনে সৰু প্ৰজাতিৰ মাছসমূহ মাছ জালৰ সহায়ত সংগ্ৰহ কৰিব লাগে। অন্য ডাঙৰ মাছৰ পৰা মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছসমূহ অতি সাৱধানে সংগ্ৰহ কৰিব লাগে।

  • সংগ্ৰহ কৰা মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছসমূহ নিৰ্বাচিত পুখুৰীৰ হাপাত ৰাখিব লাগে।

  • সংগ্ৰহৰ পৰা পৰিবহণ কৰাৰ সময়লৈকে একেৰাহে পানী ছটিয়াই থকিব লাগে।

  • পানীৰ সোঁতৰ বিপৰীতে সাতোঁৰাৰ আচৰণৰ ওৰত ভিত্তি কৰি সবল আৰু সুস্হ মোৱা মাছবোৰ চিনাক্ত কৰি সৰবৰাহৰ বাবে সংগ্ৰহ কৰিব লাগে।

  • সৰবৰাহৰ সময়ত মাছৰ বিপাকীয় নিয়ন্ত্ৰণৰ বাবে চেলাইন বা নিমখ প্ৰতি ৩০-৪০ লিটাৰত ১০ গ্ৰাঃ ব্যৱহাৰ কৰিব লাগে।

  • ভাল ফল পাবলৈ অক্সিজেন নিঃসৰণ কৰা অনুঘটক ব্যৱহাৰ কৰিব লাগে (যেনে-কেলচিয়াম, পেৰ’ক্সাইড, চডিয়াম পেৰ’ক্সাইড, চডিয়াম বাইকাৰ্ব’নেট)

  • জাল মৰাৰ পৰা সৰবৰাহলৈ সম্পুৰ্ণ পদ্ধতিটোত মাছবোৰ জীয়াই ৰাখিবলৈ সাৱধানতা অৱলম্বন কৰিব লাগে, নহ’লে পৰিবহণ কৰা মাছবোৰত আনুসংগিক বেমাৰৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে।

৪। মুক্ত জলাশয়ৰ পৰা মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ  মাছ সংগ্ৰহ আৰু সৰবৰাহৰ কৌশলঃ

  • গ্ৰীষ্মকালত মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছবোৰ ৰাতিপুৱাৰ আগভাগত (৮ বজালৈ) অথবা আবেলিৰ পাছভাগত (৫ বজাৰ পিছত) সৰবৰাহ কৰাটো বাঞ্চনীয়।

  • যথাসম্ভৱ মিহি জাল ব্যৱহাৰ কৰিব লাগে। জীৱিত সৰবৰাহৰ বাবে মাছবোৰ সাৱধানেৰে নিয়ন্ত্ৰণ কৰিব লাগে। সংগ্ৰহ কৰা মাছবোৰ চাপৰ পৰা অতৰত ৰাখিবলৈ ডাঙৰ জলাশয়ৰ জালৰ ভিতৰত মেলি দিব লাগে। মাছ সংগ্ৰহ কৰাৰ সময়ত উৎপন্ন হোৱা চাপ কমাব লাগে। ডাঙৰ চিদ্ৰযুক্ত জালৰ সহায়ত ডাঙৰ মাছৰ পৰা সৰু মাছবোৰ পৃথক কৰিব লাগে। মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছবোৰ পৃথক কৰাৰ পিছত মাছবোৰ ভালদৰে লৰচৰ কৰাৰ সুবিধাৰ্থে জালখন ডাঙৰ জলাশয়ত বহলাই দিব লাগে। টনা জালৰ পৰিবৰ্তে ডাঙৰ আকাৰৰ হাপা মিহি আঠুৱাজাল ব্যৱহাৰ কৰিব পাৰি। তাৰ পিছত জালৰ বাহিৰৰ পৰা ভিতৰলৈ পানী আহা যোৱাত সুৱিধা কৰি দিব লাগে। তেতিয়া মোৱা আৰু সৰু থলুৱা প্ৰজাতিৰ মাছসমূহ পানীৰ সোঁৰ বিপৰীতে সাঁতুৰিব আৰু সোঁত উৎপত্তি হোৱা স্হানত গোট খাব। এই দৃঢ়কৰণ কৰা মাছসমূহ সাফল্যতাৰে সৰবৰাহ কৰিব পাৰি।

সৰবৰাহৰ বাবে টোপোলা কৰোতে উৎস পুখুৰীৰ পৰা পৰিস্কাৰ কৰা নিকা পানী ব্যৱহাৰ কৰিব লাগে। সাধৰণতে প্ৰাকৃতিকভাৱে পোৱা পানী ব্যৱহাৰ কৰিব পাৰিলে ভাল। গ্ৰীষ্মকালত পানীৰ উষ্ণতা কমাই ৰাখিবলৈ বৰফ ব্যৱহাৰ কৰিব লাগে।

লেখক-ড০ সঞ্জয় শৰ্মা

ৰাজ্যিক মীন সমন্বয়ক,

বিশ্ব বেংকৰ পুঁজিৰ প্ৰকল্প APART

জি.এছ. ৰোড, খানাপাৰা, গুৱাহাটী-22

ফোন-৯৪৩৫৩০৯৫৬৮

   লগতে পঢ়ক-মিছা মাছ পালনৰ জৰিয়তে স্বাৱলম্বন-এক অৱলোকন

English Summary: Moa and small indigenous species fish production with carp
Published on: 13 May 2022, 11:04 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now