1. পশুপালন

Lumpy disease : গো-পালকসকলৈ অসম চৰকাৰৰ গোহাৰি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Lumpy skin disease
Lumpy skin disease

সাম্প্ৰতিক সময়ত ৰাজ্যৰ বিভিন্ন ঠাইৰ গো-ধনৰ মাজত লাম্পি নামৰ এবিধ চৰ্মৰোগ (LUMPY SKIN DISEASE) ৰ প্ৰাদূৰ্ভাৱ হৈছে।'কেপ্ৰিপ'ক্স' নামৰ এবিধ ভাইৰাছ এই ৰোগৰ কাৰক। আক্রান্ত পশুধনৰ প্ৰত্যক্ষ সংস্পৰ্শত থকা নিৰোগী পশুধনলৈ পতংগৰ জৰিয়তে ৰোগবিধ বিস্তাৰ হয়। এই ৰোগত আক্ৰান্ত পশুধনৰ মৃত্যু পর্যন্ত হ'ব পাৰে। 

লগতে পঢ়ক- 

এজনী গিৰ গাইৰ দাম কিমান, দৈনিক কিমান লিটাৰ গাখীৰ দিয়ে!

লক্ষণসমূহ-

  • আক্রান্ত পশুধনৰ ছালত অসংখ্য টেমুনা হয়, ফলত বিষ হয় আৰু জ্বৰ উঠে।
  • চকুপানীৰ লগতে নাকৰ পৰা শেঙুণ ওলায় আৰু অতিমাত্ৰা লেলাউতি নিঃসৰণ হয়।
  • অত্যাধিক বিষৰ বাবে গ্ৰন্থিবোৰ ফুলি উঠে আৰু টেমুনাবোৰ টান হৈ পৰে।
  • গলবিচনী, কান্ধ আদিত পানী জমা হয়।
  • খীৰতী গাই গৰুৰ গাখীৰৰ উৎপাদন কমি যায়।
  • গাভিনী গাইৰ গৰ্ভপাত পর্যন্ত হ'ব পাৰে।

ল'বলগীয়া সাৱধানতা-

  • এই ৰোগৰ লক্ষণ দেখাৰ লগে লগে ওচৰৰ পশুস্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
  • আক্রান্ত পশুধনক পৃথকে ৰখাৰ ব্যৱস্থা কৰক, কোনো কাৰণতে মুকলি পথাৰত এৰি নিদিব।
  • নিতৌ পশুধনৰ স্বাস্থ্য নিৰীক্ষণ কৰি থাকিব।
  • গোহালিৰ ভিতৰে-বাহিৰে কোনো ধৰণৰ পানী, মল-মূত্ৰ আদি জমা হৈ থাকিব নিদিব
  • পাম চৌহদত বাহিৰা ব্যক্তি অথবা অন্য জীৱ-জন্তু প্ৰবেশ কৰিবলৈ নিদিব
  • এই ৰোগৰ পৰা পশুধনক বচাই ৰাখিবলৈ প্ৰতিষেধক ছিটা প্ৰদানৰ ব্যৱস্থা কৰক

পশুপালন আৰু পশুচিকিৎসা সম্বন্ধীয় তথ্যৰ বাবে নিকটবর্তী পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰক।

লগতে পঢ়ক- 

পশুধনক কুকুৰে কামুৰিলে ল’ব লগা বিধান

English Summary: Lumpy skin disease Character, treatment & care

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.