1. পশুপালন

মাছৰ পোনা মেলা পূৰ্বে পুখুৰীৰ প্ৰস্তুতি সন্দৰ্ভত অসম গৌৰৱ দেৱজিত বৰ্মনৰ দিহা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Pond preparation before fish spawning
Pond preparation before fish spawning

প্ৰথমতে পুখূৰীটো সিঁচি তলিৰ বোকাখিনি উঠাই দিব লাগে।বিশেষ গুৰুত্ব দিবলগীয়া কথা পুখুৰীৰ পাৰবোৰত যাতে কোনো ধৰণৰ গাঁত নাথাকে আৰু তলিখন যাতে সমান হয়। তাৰ পিছত প্ৰয়োজন সাপেক্ষে হাল বাই দিব লাগে। তাৰ পিছত চুন গুৰি কৰি ১৮ কেজি প্ৰতি বিঘাত ( পাৰত গছ-গছণি বেছি থাকিলে প্ৰতি বিঘাত ২৭ কেজি) তলিখনত প্ৰয়োগ কৰিব লাগে।

তাৰ পিছত নতুন পুখুৰীৰ বাবে প্ৰতি বিঘাত ৮০০-৯০০ কেজি আৰু পুৰণি পুখুৰীৰ বাবে প্ৰতি বিঘাত 600কেজি গোৱৰ আৰু প্ৰতি বিঘাত ১৫-১৭ কেজি খলিহৈ প্ৰয়োগ কৰিব লাগে।এইখিনি কৰি ১-১.৫ ফুট পানী ভৰাই দিব লাগে।পিছত প্ৰতি বিঘাত Toximer ৫ কেজিকৈ পানীৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে যাতে উৎপন্ন হোৱা অপ্ৰয়োজনীয় গেছ তথা অন্যান্য পদাৰ্থসমুহ নিষ্ক্ৰিয় কৰিব পাৰে। ইয়াৰ তিনিদিন মান পিছত নেটিং কৰি দিব লাগে। ইয়াৰ সমন্তৰালভাবে কিছু পৰিমাণে প্ৰোবায়'টিক ব্যৱহাৰ কৰিলে অধিক সুফল পোৱা যায়।

লগতে পঢ়ক- 

মীন পালকৰ বাবে চৰকাৰে ব্যয় কৰিব ৬ হাজাৰ কোটি টকা

প্ৰোবায়'টিক ব্যৱহাৰৰ দিহা: (প্ৰতি বিঘা হিচাপত)

  • এটা পাত্ৰত ১৪ লিটাৰ পানীৰ লগত
  • ১.৫কেজি গুৰু (গুৰখিনি পগাই লৈ ঠাণ্ডা কৰি লব), *3.3kg Agrimin,
  • ২.৩ কেজি ৰাইচ পলিচ আৰু
  • ৭০ গ্ৰাম ইষ্ট পাউদাৰ
  • ভালদৰে মিহলাই লৈ ৪৮ ঘণ্টাৰ বাবে থৈ দিয়ক। ৪৮ ঘণ্টা পিছত ওপৰৰ মিশ্ৰণখিনিৰ লগত ১.৩লিটাৰ Biomarine মিহলাই পুনৰ ৬ ঘণ্টাৰ বাবে থৈ দিয়ক।
  • ৬ ঘণ্টা পিছত মিশ্ৰণখিনি পানীত ছটিয়াই দিব। মিশ্ৰণখিনি ছটিওৱাৰ ৭ দিনৰ ভিতৰত পানীৰ ৰং গাঢ় সেউজীয়া হ’ব। ইয়ে পানীত পৰ্যাপ্ত প্ৰাকৃতিক আহাৰ সৃষ্টি হোৱাটো সুচায়। ইয়াৰ পিছত  ৩ ফুট পানী ভৰাই দিব লাগে। এইখিনি কৰাৰ পিছত আপোনাৰ পুখুৰী মাছ মেলাৰ বাবে প্ৰস্তুত হৈ উঠিব। মাছ মেলাৰ আগদিনা প্ৰতি বিঘা জলকালীত ৬.৫ কেজি watrmin প্ৰয়োগ কৰিব লাগে।

পুখুৰীটো প্ৰস্তুত হোৱাৰ পিছত প্ৰতি বিঘা জলকালীত ৮০০ টা গুণগত মানৰ ড্ৰপ পোনা ( Yearling Seed) তলত উল্লেখ কৰা ধৰণে মেলিব লাগে।

  1. জয়ন্তী ৰৌ 300টা
  2. মিৰিগা 250টা
  3. আমুৰ কাৰ্প 150টা
  4. ভকুৱা 100টা

(পুখুৰীত অপতৃণ বা ঘাঁহ থাকিলে প্ৰতি বিঘাত 5 টাকৈ) গ্ৰাছ কাৰ্প মেলিব লাগে)।মাছ মেলাৰ পিছত প্ৰতি দিনে ৰাতিপুৱা আৰু আবেলি পুখুৰীত থকা মাছৰ মুঠ ওজনৰ 3 শতাংশ উচ্চ প্ৰটিনযুক্ত খাদ্য দিব লাগে আৰু প্ৰতি মাহে প্ৰতি বিঘা জলকালীত 9 কেজিকৈ চুণ পানীত মিহলাই আৰু V5 প্ৰতি বিঘাত ৩০০ গ্ৰামকৈ প্ৰয়োগ কৰিব লাগে।

উৎস :  Debajit Barman, Fish Seed & Piglets Producer and Supplier ফেচবুক পেজ

লগতে পঢ়ক- 

পৰিকল্পিত তেজপাতৰ খেতিয়েও আপোনাক লাখপতি বনাব

English Summary: Devjit Burman's advice on pond preparation before fish spawning

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.