1. পশুপালন

পশুধনক কুকুৰে কামুৰিলে ল’ব লগা বিধান

RAHUL ALI
RAHUL ALI
কুকুৰে কামুৰিলে ল’ব  লগা বিধান
কুকুৰে কামুৰিলে ল’ব লগা বিধান

আজিকালি গাৱে ভূৱে বলিয়া কুকুৰেই হওঁক বা ঘৰচীয়া ভাল কুকুৰে চৰণীয়া পথাৰত গৰু ছাগলীক কামুৰি আহত কৰা বা নিহত কৰাৰ সংখ্যা অনেক। গতিকে কুকুৰে কামুৰিলে নিম্নোক্ত চিকিৎসা বা প্ৰতিবিধান লোৱাটো অত্যন্ত দৰকাৰ। কিয়নো সুষ্ঠ অথবা বলিয়া কুকুৰৰ দুয়ো শ্ৰেণীয়ে জলাতংক (ৰেবিচ্ ভাইৰাচ যুক্ত) বেমাৰৰ জীবানু বহন কৰে। গতিকে কাৰোবাৰ গৰু ছাগলী কুকুৰে কামুৰিলে তৎকলীনভাৱে ২৪ ঘণ্টাৰ ভিতৰত চিকিৎসাখিনি কৰোৱাৰ লগতে প্ৰতিষেধক হিচাপে এণ্টিৰেবিচ্ ভেকচিন দিয়াটো অত্যন্ত দৰকাৰ।

অন্যথা ভৱিষ্যতে আক্ৰান্ত পশুধনটিয়ে জলাতংক (ৰেবিচ্) বেমাৰত আক্ৰান্ত হৈ আতংকময় পৰিবেশৰ সৃষ্টি কৰিব পাৰে। গতিকে কুকুৰে কামুৰিলে পশুধনটি কেনেকৈ চিকিৎসা কৰিব থুলমূলকৈ তলত কোৱা হ’ল।

  1. কামোৰা ঘাবোৰ বীজানুমুক্ত পটাছ, ডেটল, আয়ডিনযুক্ত দৰবেৰে পৰিস্কাৰকৈ ড্ৰেছিং কৰিব।

  2. ঘাডোখৰত হিমাক্স (Himax) মলম/ টপিকিওৰ স্প্ৰে (Topicure Spary), ভলিনি (Volini) বা মুভেক্স (Moov) আদি প্ৰয়োগ কৰিব।

  3. যদি পশুধনটি বেয়াকৈ আক্ৰান্ত হৈছে-তেতিয়া ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰি এণ্টিবায়টিক বেজি আৰু বিষনাশক বেজি দিয়াৰ ব্যৱস্হা কৰিব।

এতিয়া আহো প্ৰতিকাৰৰ ব্যৱস্হালৈ-যিহেতু ইতিমধ্যে পশুধনটিক কুকুৰে কামুৰিলে গতিকে ওপৰত উল্লেখ কৰা চিকিৎসাখিনি কৰোৱাৰ সমান্তৰালকৈ মাৰাত্মক ৰেবিচ্ ভাইৰাচটোৰ সংক্ৰমণটোৰ প্ৰতিৰোধ কৰিবলৈ এণ্টৰে’ ভেকচিন দিয়াৰ ব্যৱস্হা কামোৰা সময়ৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত যিমান পাৰি সোনকালে  কৰিব লাগে। বজাৰত ৰক্সাৰেৱ (Roksarab) নামৰ ভেকচিনবিধ তুলনামূলকভাৱে সষ্টা।

গতিকে কামোৰাৰ প্ৰাবল্যতা অনুযায়ী ০-Day, 03-Day, 07-Day, 014-Day, 028-Day অনুযায়ী Antirabies Vaccine কেইটা ওচৰৰ পশুচিকিৎসকৰ লগত যোগাযোগ কৰি দিওৱাৰ ব্যৱস্হা কৰাটো অত্যন্ত জৰুৰী। কিয়নো আক্ৰান্ত ঘাবোৰ এটা সময়ত শুকাই ভাল হলেও- ইতিমধ্যে শৰীৰত বিয়পি পৰা ৰেবিচ জীৱানুক সমূলাঞ্চে নিঃশেষ নকৰিলে পশুধনটি ভৱিষ্যতে বলিয়া হোৱাৰ সম্ভাৱনা প্ৰবল। গতিকে প্ৰতিষেধক এণ্টিৰেবিচ্ বেজিকেইটা দিয়াই থলে পশুধনটি ৰক্ষা পৰিব।

লগতে পঢ়ক- 

ছাগলীৰ দুটা মাৰাত্মক ৰোগঃ পি.পি. আৰ আৰু এণ্টাৰ’টক্সিমিয়া

ডাঃ নৃপেন খাউণ্ড

অৱসৰ প্ৰাপ্ত সহকাৰী সঞ্চালক

(পশু পালন বিভাগ, অসম)

মোঃ নঃ-৯৪৩৫৩৫১০০৮

যোৰহাট

English Summary: Provisions to be taken in case of dog bite of livestock

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.