1. পশুপালন

মাত্ৰ ১/২ বিঘাৰ পৰা ৩ বিঘাৰ পুখুৰী হ'লেই যথেষ্ট! মুকুতা খেতি কৰি বছৰত কৰিব পাৰে লাখ টকা উপাৰ্জন

RAHUL ALI
RAHUL ALI
Pear Farming! a profitable Business for farmers
Pear Farming! a profitable Business for farmers

বৰ্তমান আমাৰ ৰাজ্য খনে মাছ উৎপাদনত উল্লেখযোগ্য ভাৱে সফলতা লাভ কৰিছে। ৰাজ্য খনে ২০২১-২২ বৰ্ষত ৪.১৭ লাখ মেট্ৰিক টন মাছ উৎপাদন কৰিছে যিটো আগৰ বছৰৰ তুলনাত প্ৰায় ২০ হাজাৰ মেট্ৰিক টন বেছি। এই সাফল্যৰ অন্তৰালত নিহিত হৈ আছে আমাৰ মীন পালক সকলৰ অশেষ পৰিশ্ৰম। মীন পালনৰ জৰিয়তে আমাৰ নিবনুৱা সমস্যা সমাধানৰ বিকল্প ব্যৱস্থা হ'ব পাৰে। মাছৰ পোনা উৎপাদন, মাছৰ খাদ্য উৎপাদন, মাছৰ বিভিন্ন ধৰনৰ মান বিশিষ্ট মূল্যবান সামগ্ৰী প্ৰস্তুত কৰনৰ জৰিয়তে স্বাৱলম্বী হব পাৰিব।

আমাৰ পুখুৰী সমূহত মাছৰ উৎপাদনৰ উপৰিও মুকুতাৰ খেতিৰ দ্বাৰা আমি লাভাৱান্বিত হ'ব পাৰো। আমি আমাৰ নিজৰ পুখুৰীটোত মুকুতা খেতি কৰি এবছৰৰ ভিতৰতে লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হব পাৰিম। মুকুতাৰ খেতি অতি সহজ। ১/২ বিঘাৰ পৰা ৩ বিঘা ৰ পুখুৰী হ'লেই যথেষ্ট। বহি ৰাষ্ট্ৰত মুকুতা খেতি আগবঢ়া যদিও ভাৰতবৰ্ষত কিছু কিছু ঠাইতহে এই খেতি কৰা হয়। অসমৰ ক্ষেত্ৰতো খুব কম সংখ্যক যুবক মুকুতা খেতিৰ লগত জড়িত। তাৰ ভিতৰত নলবাৰীৰ যুৱক সঞ্জীৱ দত্ত। তেওঁ অসমৰ বাহিৰত প্ৰশিক্ষণ লৈ মুকুতা খেতি কৰি স্বাৱলম্বী হোৱাৰ উপৰিও বহু কেইজন যুবকক এই ক্ষেত্ৰত দিহা পৰামৰ্শ আগবঢ়ায় আহিছে। মই তেওঁৰ এই প্ৰচেষ্টাত নথৈ আনন্দিত হৈছো।

মুকুতাৰ খেতি কৰিবলৈ হলে প্ৰথমতে আমি কি কৰিব লাগিব, কি কথাত গুৰুত্ব আৰোপ কৰিব লাগিব, ইয়াৰ লাভালাভ সম্পৰ্কত আজিৰ এই নিবন্ধ। ভাৰতবৰ্ষত মুকুতাৰ খেতি পোনপ্ৰথমে আৰম্ভ হৈছিল ১৯৭৩ চনত টুটিকৰনৰ Central Marine Fisheries Research Institute (CMFRI) অত।

ভাৰতবৰ্ষত মুকুতাৰ খেতিৰ বাবে ব্যৱহৃত মুকুতা বিধ হ'ল Lamellidens marginelis।  মিঠা পানীত অতি সহজে কৰিব পৰা এই মুকুতাৰ পৰা উৎপাদন কৰিব পাৰি বিভিন্ন ধৰণৰ জুৱেলাৰী। মুকুতাৰ খেতি কৰিবলৈ হলে প্ৰথমতে আমি সহজতে পোৱা শামুক সংগ্ৰহ কৰিব লাগিব। মুকুতাৰ খেতিৰ বাবে ব্যৱহৃত হোৱা শামুকৰ দৈৰ্ঘ্য ৮-১০ চে:মি: আৰু ওজন ৫০গ্ৰাম হলে ভাল। সংগ্ৰহ কৰা শামুক খিনি ২-৩ দিনলৈ প্ৰি-অপাৰেটিভ কণ্ডিচনিং কৰিব লাগে। এইটো কৰিলে অপাৰেশ্যনৰ সময়ত ধৰামিলা কৰাত সহজ হয়।

অপাৰেশ্যনৰ ঠাই অনুসৰি ইমপ্লেনটেচন তিনি প্ৰকাৰৰ যেনে- মেণ্টল কেভিটি, মেণ্টল টিচু, আৰু গোনাডেল ইমপ্লেনটেচন। ইমপ্লেনটেচন অপাৰেশ্যনৰ সময়ত লগা আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে বিডচ বা নিউক্লী যিটো সাধাৰণতে কঠোৰ খোলাধাৰী বা অন্য কেলচিয়াম পদাৰ্থৰ পৰা আহৰণ কৰা হয়।

ইমপ্লেনটেড শামুক পোষ্ট অপাৰেটিভ কেয়াৰ ইউনিটত নাইলন বেগত ১০দিনৰ বাবে এণ্টিবায়'টিক আৰু প্ৰাকৃতিক খাদ্য খোৱাই ৰাখিব লাগে। কেয়াৰ ইউনিট সদায় পৰীক্ষা কৰিব লাগে আৰু মৰা শামুক সমূহ আতৰাই দিব লাগে।

পোষ্ট অপাৰেটিভ কেয়াৰৰ পিছত ইমপ্লেনটেড শামুক পুখুৰীত ষ্টক কৰিব লাগে। শামুক বিলাক নাইলন বেগত (১ চে:মি: মেচ-১২ বৰ্গ চে:মি: ) ২টা শামুক এটা বেগত ভৰাই বাহ নাইবা পিভিচি পাইপত ওলমাই ১মিটাৰ গভীৰতাত সংস্থাপন কৰিব লাগে। গৰমকালি উষ্ণতাৰ পৰা হাত সাৰিবলৈ ২মিটাৰ পৰ্যন্ত গভীৰতাত শামুক ৰাখিব  লাগে।

ষ্টকিং ডেনচিটি ২০০০০-৩০০০০ প্ৰতি হেক্টৰ

বছৰৰ সকলো মাহতে মুকুতাৰ ইমপ্লেনটেচন কৰিব পাৰি। কেবল অতি গৰম মাহত কৰিব নালাগে। মেণ্টল কেভিটিৰ ক্ষেত্ৰত মুকুতাৰ খেতি ৬-১২ মাহ পৰ্যন্ত পুখুৰীত কৰিব লাগে, এইটো নিৰ্ভৰ কৰে নিউক্লী ৰ আকাৰৰ ওপৰত।

মেণ্টল টিচুৰ ক্ষেত্ৰত ১২-১৮ মাহ।

এইদৰে মুকুতাৰ খেতি কৰিবলৈ আমাৰ শিক্ষিত নিবনুৱা সকল আগবাঢ়ি আহিলে নিশ্চিত ভাৱে লাভাৱান্বিত হ'ব। আমাৰ আশা ই নিবনুৱা সমস্যা সমাধানতো বিশেষ ভূমিকা গ্ৰহণ কৰিব।

 

প্ৰতুল ডেকা

মহকুমা মীন উন্নয়ন বিষয়া

মীন বিভাগ, অসম চৰকাৰ

লগতে পঢ়ক-

অসমৰ কামৰূপ, হাজো, নলবাৰী আদিৰ দৰে ঠাইত কৃষকে মুকুতা খেতি কৰি হৈছে লাভৱান

 

English Summary: Pear Farming! a profitable Business for farmers

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.