Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 7 March, 2023 3:27 PM IST
local murgi farming & its benefits

বৰ্তমান ১ কেজি লোকেল কুকুৰাৰ দাম ৩০০-৫০০ টকাৰ ভিতৰত। ইফালে লোকেল চাহিদা অতি বেছি। আনফালে এই কুকুৰাৰ কণীৰ দামো ১০ টকাৰ ওপৰত। ততস্বত্ত্বেও কিন্তু অসমৰ অধিকাংশ কুকুৰা পালকে ব্ৰয়লা, কয়লা, লেয়াৰ আদি কুকুৰাৰ প্ৰতি আকৰ্ষণ বেছি। ইফালে, এই জাতসমূহৰ কুকুৰাৰ খোৱা-বোৱা যত্ন লওঁতে থৰকাচুটি হেৰায়। থলুৱাজাতৰ মুৰ্গী পোহাৰ প্ৰথম কাৰণ হ’ল যে এই মুৰ্গীৰ চাহিদা অধিক ৷ অধিক লোকে থলুৱা বা লোকেল কুকুৰাৰ মাংস বা কণী খাব বিচাৰে ৷ কিন্তু চাহিদাৰ তুলনাত ইয়াৰ উৎপাদন খুব কম ৷ লোকেল মুৰ্গীৰ ফাৰ্ম সমগ্ৰ অসমতে আঙুলি মূৰত লিখিব পৰাকৈ কেইখন মান আছে ৷ অৱশ্যে গাঁৱৰ লোকসকলে নিজৰ ঘৰতে এই কুকুৰাসমূহ পোহে।

কিন্তু লোকেল কুকুৰাসমূহ ফাৰ্ম কৰি নোপোহাৰ মূলতে কেইটামান কাৰণো আছে। বিশেষকৈ বেমাৰ। প্ৰতিবছৰে হোৱা কুকুৰাৰ মহামাৰীত উদং হয় গৃহস্থৰ কুকুৰাৰ গঁড়াল। ৰোগৰ ভয়ত বহু মানুহে ইচ্ছা থকাৰ স্বত্বেও লোকেল কুকুৰাৰ ব্যৱসায়িক ভিত্তিত পুহিবলৈ আগুৱাই নাহে ৷ সমীক্ষাত দেখা গৈছে যে গাঁৱত মুৰ্গী ৰোগাক্ৰান্ত হোৱাৰ দুটা প্ৰধান কাৰণ-

১/ মুকলিকৈ এৰি দিয়া

২/ কোনো প্ৰতিষেধক নিদিয়া

গতিকে কাৰণ কাৰণ প্ৰত্যাহ্বান জনাই বিজ্ঞান সন্মতভাৱে লোকেল কুকুৰা পালন কৰিলে অধিক ধন উপাৰ্জন কৰিব পৰা যায় ৷

ফাৰ্মখন কেনেকৈ প্ৰস্তুত কৰিব :

প্ৰথমেই অধিক মূলধন নখটোৱাকৈ কম খৰচতে এটি ফাৰ্ম গৃহ নিৰ্মাণ কৰি লোৱা উচিত ৷ ইয়াৰ বাবে কেৱল বাঁহ , টিউপাল আদি হ’লেই হয় ৷ মূল গৃহটি বাঁহৰ খুটা আৰু বেৰেৰে নিৰ্মাণ কৰাৰ পাছত ওপৰত টিন পাতৰ পৰিবৰ্তে ডাঠ টিৰ্পাল দুই তৰপকৈ ব্যৱহাৰ কৰিব পৰা যায় ৷ ফলত টিন পাতৰ দামতকৈ বহু কমত নিৰ্মাণ কাৰ্য সম্পাদন হ’ব ৷ ঘৰটোৰ মজিয়া ওখ পানী নুঠা হ’ব লাগে আৰু পৰাপক্ষত মজিয়াখন বালিৰ হ’ব লাগে ৷ তেতিয়া কুকুৰাৰ মল-মুৰ্তবোৰৰ পৰা লেতেৰা হোৱাৰ সম্ভাৱনা কম ৷ মুৰ্গীবোৰ ৰাতি থাকিবৰ বাবে সৰু – বৰ বাঁহ বান্ধি দিব পাৰে ৷ বাঁহবোৰ তিনিফুটৰ পৰা দহ ফুট ওখকৈ বান্ধি দিব পাৰে ৷

লগতে পঢ়ক-

হাইড্ৰপনিক পদ্ধতিৰে ছাগলী পালন কৰি কিদৰে লাভান্বিত হ’ব আপুনি!

ফাৰ্মৰ চৌহদত বেৰা দি ৰাখিব :

ফাৰ্মখন পৰাপক্ষত অন্য মানুহ বা পক্ষী পশু সংস্পৰ্শলৈ আহিব নোৱাৰাকৈ স্হাপন কৰিব লাগে ৷ ফাৰ্মখন নিৰ্মাণ কৰা উপৰি প্ৰায় আধা কথা মাটিৰ হ’লেও মুকলি ঠাই থাকিলে ভাল হয় ৷ ফাৰ্মখন মাজত ৰাখি মুকলি ঠাই খিনি সেউজীয়া নেটেৰে ওখকৈ বেৰি দিব পাৰে ৷ তেতিয়া মুৰ্গীবোৰ বাহিৰলৈ ওলাই যাব নোৱাৰিব আৰু বেমাৰৰ সংক্ৰমণো নহ’ব ৷

লোকেল মুৰ্গীৰ খাদ্য :

বয়লাৰ মুৰ্গীৰ দৰে লোকেল মুৰ্গীৰ ক্ষেত্ৰত কেৱল বজাৰৰ দানাৰ ওপৰতে নিৰ্ভৰশীল হোৱাৰ প্ৰয়োজন নাই ৷ কম পৰিমানে বজাৰৰ দানা যোগান ধৰিলেও ধান-মাকৈ যোগান ধৰিব পাৰে ৷ ইয়াৰোপৰি মুৰ্গীবোৰে পৰ্যপ্ত পৰিমাণৰ বনৰ পাতো ভক্ষণ কৰে ৷ মুৰ্গীৰ খাদ্যৰ ওপৰত বিশেষ ধ্যান দিয়া উচিত ৷ চাউল খাদ্য হিচাবে দিয়া উচিত নহয় ৷ ই মুৰ্গীৰ শৌচৰ মাত্ৰা বঢ়ায় ৷ পৰাপক্ষত বিভিন্ন ঔষধী বন খোৱাব পাৰে ৷ অৱশ্যে দানা খোৱালে আকাৰ সোনকালে বৃদ্ধি পায় ৷

তিনিধৰনে উপাৰ্জন কৰিব পাৰে –

১/ পোৱালি বিক্ৰী : ফাৰ্মখনত পোৱালি উৎপাদনৰ ব্যৱস্হা কৰিব পাৰে ৷ ইনকুবেটৰৰ জৰিয়তে পোৱালি জন্ম দি সেয়া পৰ্যায় ক্ৰমে বিক্ৰী কৰিব পাৰে ৷ ভাল সঁচৰ একোটা লোকেল কুকুৰাৰ পোৱালী ৫৫ টকালৈকে দামত বিক্ৰী হয় ৷

২/ যদি ভবা হয় যে পোৱালি উৎপাদন কৰাৰ পৰিবৰ্তে কুকুৰা ডাঙৰ কৰি বিক্ৰী কৰিব ৷ তেতিয়া প্ৰথমে যদি ৩০০ পোৱালিৰে আৰম্ভ কৰিলে ৮৫ দিনৰ মূৰত সেই পোৱালি সমুহ ৮০০গ্ৰামৰ পৰা ১৩০০ গ্ৰামলৈকে ওজন হ’ব ৷ গড় হিচাবত যদি ৩০০ কেজিও ধৰা হয় তেন্তে ৩০০টকাকৈ প্ৰতি কেজি বিক্ৰী কৰিলে ৯০০০০টকা ব্যৱসায় হ’ব ৷

৩/ আপুনি মুৰ্গী আৰু কণী পৃথকে পৃথকে বিক্ৰী কৰিব পাৰে ৷ একোখন আদৰ্শ ফাৰ্মত গড় হিচাবে দৈনিক ৫০ টা কণী উৎপাদন হ’ব পাৰে ৷ একোটা কণী ১০ টকাত বিক্ৰী হ’লেও মাহে ১৫০০০টকা উপাৰ্জন কৰিব পাৰি ৷

লগতে পঢ়ক- 

৩ টা বীটল ছাগলী পুহিয়েই বছৰি ১ লাখ টকা উপাৰ্জন কৰক

English Summary: local murgi farming & its benefits
Published on: 07 March 2023, 03:27 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now