Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 14 July, 2022 12:24 PM IST
kuchia farming

কুচিয়া এক দীঘল সাপজাতীয় মাছ, যাৰ বাকলি নাথাকে। মাগুৰ, শিঙি আদি মাছৰ দৰে ইয়াৰ ছাল থাকে। কুচিয়া মাছৰ প্ৰায় ১০০ বিধ প্ৰজাতি থাকে। ইয়াৰ বিভিন্ন প্ৰজাতিৰ ভিতৰত মনোপটেৰাছ নামৰ প্ৰজাতিৰ কুচিয়া মাছৰ খেতি ফিলিপাইনছ, ইণ্ডোনেচিয়া, চীন আদি দেশত বহুলভাৱে কৰা হয়। মনোপটেৰাছ জেনাছৰ ছয় প্ৰজাতিৰ মাছ এছিয়া মহাদেশত পোৱা যায়। তাৰ ভিতৰত মনোপটেৰাছ কুচিয়া(Monopterus chuchia) প্ৰজাতিৰ মাছবিধ ধাননি পথাৰত পোৱা যায়।

এই মাছবিধ আমি চিমেন্টৰ পুখুৰীত উৎপাদন কৰিব পাৰোঁ। ইয়াৰ সুবিধা হ’ল-

  • এই কুচিয়া মাছবিধ সৰু চিমেন্টৰ টেংকীত পালন কৰিব পাৰি।

  • ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ ইয়াক বন্ধ অৱস্থাত প্ৰজনন কৰিব পাৰি।

  • যিহেতু কুচিয়া বায়ুশ্বাসী মাছ, সেয়ে অক্সিজেন কম থকা পানীতো ইয়াক পালন কৰিব পাৰি।

  • ই প্ৰাকৃতিক খাদ্য হিচাপে মাছ, শামুক, পানীত থকা বিভিন্ন পোক-পতংগ, কেঁচু আদি খায়।

কুচিয়া মাছ পালনৰ পদ্ধতি (Process of Kuchia Farming)

  • পুখুৰী প্ৰস্তুতকৰণ আৰু ষ্টকিং-কুচিয়া মাছ পালনৰ বাবে দুটা চিমেন্টৰ টেংকীৰ দৰকাৰ হয়, যাৰ দৈৰ্ঘ্য ২ মিটাৰ, প্ৰস্থ ১ মিটাৰ আৰু উচ্চতা ১ মিটাৰ। টেংকীৰ উপৰিভাগৰ কালি ৪ বৰ্গ মিটাৰ হ’ব। টেংকীত যাতে কোনো ছিদ্ৰ নাথাকে, সেইটো নিশ্চিত কৰিব লাগিব। পানী বাহিৰলৈ যোৱাৰ বাবে বহিৰ্গমন পাইপ থাকিব লাগে।

  • চিমেন্টৰ টেংকীৰ ভিতৰত কেইটামান তৰপ দিব লাগিব-

ক) ১০ ছেন্টিমিটাৰ ডাঠ বোকামাটিৰ এটা তৰপ (ধাননিৰ বোকা হ’লে ভাল) একেবাৰে তলত দিব লাগে।

খ) ১০ ছেন্টিমিটাৰ ডাঠ পচন সাৰৰ (খেৰৰ পৰা প্ৰস্তুত কৰা) এটা তৰপ থাকিব লাগে, প্ৰথম তৰপৰ ওপৰত।

গ) তৃতীয় তৰপত এসপ্তাহ আগেয়ে কাটি থোৱা কলগছৰ শিপাৰ গুৰি ১০ ছেন্টিমিটাৰ ডাঠকৈ দিব লাগে।

ঘ) ১০ ছেন্টিমিটাৰ ডাঠকৈ গৰুৰ গোবৰ তৃতীয় তৰপৰ ওপৰত দিব লাগে।

ঙ) একেবাৰে ওপৰৰ তৰপত এফালে এঢলীয়াকৈ বোকা মাটিৰ তৰপ দিব লাগে

  • মাটিৰ তলৰ পানী বা স্প্ৰীং ৱাটাৰ ব্যৱহাৰকৰিব লাগে। অন্য পানীও ব্যৱহাৰ কৰিব পাৰি।, য’ত ক্লৰিণৰ পৰিমাণ কম থাকে।

  • একেবাৰে ওপৰৰ অৰ্থাৎ পঞ্চম তৰপতকৈ ১৫ ছেন্টিমিটাৰ বেছি পানী ভৰাই এসপ্তাহৰ বাবে এইবিলাক পচিবলৈ দিব লাগে।

  • টেংকীৰ তলত থকা বহিৰ্গমন নলীৰে পানী উলিয়াই পুনৰ নতুন পানী ভৰাই সপ্তাহত এবাৰকৈ এই কাম কৰিব লাগে।

  • পুখুৰীৰ/টেংকীৰ পানী মাছৰ বাবে উপযোগী হৈছে নে নাই, তাক চাবৰ বাবে টিলাপিয়া বা কাৰ্পৰ পোনা মেলিব লাগে। যদি এই মাছৰ পোৱালি নমৰে, তেতিয়া বুজিব লাগিব যে ই কুচিয়াৰ বাবে উপযুক্ত হৈছে।

  • কুচিয়া মাছ মেলাৰ আগত টেংকীত পানী মেটেকা ৰাখিব লাগে। এই পানী সূৰ্য্যৰ পোহৰ প্ৰত্যক্ষভাৱে পৰাত বাধা দিয়ে আৰু ইয়াত কুচিয়া মাছ লুকাই থাকিব পাৰে।

  • ওপৰত উল্লেখ কৰা আকৃতিৰ টেংকীত ১৯৫-২০০ টা কুচিয়া মাছৰ পোৱালি আৰু ২০০ টা প্ৰাপ্তবয়স্ক মাছ ৰাখিব পাৰি।

  • মোনোপটেৰাছ কুচিয়াৰ কণী এৰাৰ প্ৰাবল্য কম (১০০-৭০০ কণী প্ৰতি প্ৰজনন) গতিকে ভালদৰে যত্ন ল’ব লাগে।

  • এই টেংকীত অন্য ঠাইৰ পৰা ফিংগাৰলিং আনিও প্ৰতিপালন কৰিব পাৰোঁ।

লগতে পঢ়ক-শ’ল মাছ আৰু ইয়াৰ শাৰীৰিক বৈশিষ্টসমূহ

 

English Summary: Know how to do kuchia farming in Tank
Published on: 14 July 2022, 12:20 IST